পাঠ ১০ অৰুণিমা সিনহা
লিখক :- জয়শ্ৰী গোস্বামী মহন্ত

পাঠভিত্তিক প্ৰশ্নোত্তৰ
ভাব - বিষয়কঃ
১/ চমুকৈ উত্তৰ লিখাঃ
(ক) অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ? [ HSLC ' 2020 ]
উত্তৰ :- অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল ।
(খ) অৰুণিমা সিনহাৰ ঘৰ ক'ত ?
উত্তৰ :- অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশ ।
(গ) হস্পিতালত থাকোতে অৰুণিমা মনত কি সপোন তীব্ৰ ৰূপ লৈছিল ?
উত্তৰ :- অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল ।
(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল ?
উত্তৰ :- চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই বাচেন্দ্ৰি পালক লগ ধৰিছিল । এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে অৰুণিমাক সঠিক পথ দেখুৱাই তেওঁৰ এভাৰেষ্ট বিজয়ৰ আকাংক্ষাক সফলতাৰ ৰূপ দিব পাৰিব বুলি অৰুণিমাই ভাবিছিল ।
(ঙ) মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহন কৰিছিল ? তেওঁ তাত কিমান সময় ধৰি আছিল ?
উত্তৰ :- ২০১৩ চনৰ ২১ মে'ত অৰুণিমাই মাউণ্ট এভাৰেষ্টত আৰোহন কৰিছিল । তেওঁ তাত প্ৰায় ডেৰ ঘন্টা কাল ধৰি আছিল ।
২/ অৰুণিমা সিনহাই ৰে'লযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল ? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?
উত্তৰ :- এবাৰ লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে আহি থকা ৰে'লগাড়ী এখনত অৰুণিমা সিনহাই ভ্ৰমণ কৰি আছিল । তেতিয়া তেওঁৰ বয়স আছিল ২৬ বছৰ । কিন্ত দুৰ্ভাগ্যবশতঃ সেই ৰে'লগাড়ীখনত এখন ডকাইতে প্ৰৱেশ কৰি যাত্ৰীসকলৰ ওপৰত লুটপাত আৰম্ভ কৰিছিল । কোনো ৰে'ল পুলিচ বা গাৰ্ডৰ চকুত নপৰাকৈ ডকাইতৰ দলটোৱে আন যাত্ৰীসকলৰ লগতে অৰুণিমা সিনহাৰো সোণৰ চেইনডাল কাঢ়িবলৈ উদ্যত হৈছিল । কিন্ত অৰুণিমাই এই কাৰ্য্যৰ প্ৰতিবাদ কৰিছিল কাৰণ সোণৰ চেইনডাল হেৰুৱাৰ দুখত নহয়, বৰঞ্চ সেয়া তেওঁৰ মাকৰ আশীৰ্বাদ হিচাপে পোৱা এপদ সম্পদ আছিল । অৰুণিমাৰ এই কাৰ্যত ক্ষুণ্ণ হৈ দুটা ডকাইত আগবাঢ়ি আহিছিল আৰু কোনেও একো টলকিব পৰাৰ আগতেই অৰুণিমাক ডাংকোলাকৈ তুলি নি চলন্ত ৰে'লগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিছিল । সেই সময়ত ওচৰৰে আহি থকা আন এখন ৰে'লগাড়ীত অৰুণিমাই খুন্দা খাই তললৈ পৰি গৈছিল । আৰু গোটেই ৰাতি আন্ধাৰত সাত ঘন্টা সময় তেওঁ তাতে পৰি ৰৈছিল । পিছদিনা পোহৰ হলতহে কাষৰ মানুহে গুৰুতৰভাৱে আহত অৰুণিমাক তুলি নি হাস্পতালত ভৰ্তি কৰাইছিল ।
এই দুৰ্ঘটনাত অৰুণিমাৰ প্ৰাণৰক্ষা পৰে যদিও তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হ'ল । আনখন ভৰিত লোৰ ৰ্ড সুমুৱাই তাৰ সহায়ত চলা-ফিৰা কৰিব পৰা হ'ল । হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি সংযোজন কৰা হ'ল ।
৩/ অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল ?
উত্তৰ :- ৰে'লগাড়ীত হোৱা দুৰ্ঘটনাটোৰ পিছত প্ৰায় চাৰিমাহ কাল অৰুণিমা সিনহাই হাস্পতালৰ বিছনাত পৰি থাকিবলগীয়া হৈছিল । তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল । আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলা-ফিৰা কৰিব পৰা হৈছিল । হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি এখন সংযোজন কৰা হৈছিল । হাস্পতালৰ বিছনাত সেই চাৰি মাহ ধৰি শুই অৰুণিমা সিনহাই নিজৰ অৱস্থাৰ প্ৰতি উদান আৰু হতাশ হোৱাৰ পৰিবৰ্তে জীৱনক নতুনকৈ গঢ় দিবলৈ চিন্তা কৰিছিল । হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তেওঁৰ মনত তীব্ৰ হৈ উঠিছিল । এভাৰেষ্ট বিজয়ৰ আকাংক্ষাই তেওঁৰ ভৰিৰ বিষ আৰু বিকলাংগতাক পাহৰাই পেলাইছিল । বৰঞ্চ এভাৰেষ্ট বিজয়ৰ বাবে ক'ত কেনেকৈ প্ৰশিক্ষণ লৈ কৃতকাৰ্য হ'ব পাৰি , সেই বিষয়েহে অৰুণিমা সিনহাই চিন্তা কৰিছিল । তেনেতে অৰুণিমাই গম পাইছিল যে এইক্ষেত্ৰত তেওঁক এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব ।
হস্পিতালৰ পৰা সুস্থ হৈ ওলাই অৰুণিমাই পোনে পোনে বাচেন্দ্ৰি পালক লগ ধৰিছিল । এভাৰেষ্ট বিজয়ৰ সপোন দুচকুত তিৰবিৰাই থকা অৰুণিমাৰ জীৱনৰ সকলো কথা বাচেন্দ্ৰি পালে সহমৰ্মিতাৰে শুনিছিল । অৰুণিমাৰ দুচকুৰ সপোন প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাবে বাছেন্দ্ৰি পালৰ মনত বিশ্বাস জগাইছিল যে সঠিক প্ৰশিক্ষণৰ সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চিয় এদিন এভাৰেষ্ট বিজয়ৰ লক্ষ্যত উপনীত হ'ব পাৰিব । সেয়েহে বাছেন্দ্ৰি পালে উপযুক্ত প্ৰশিক্ষণ আৰু সাহস তথা প্ৰেৰণা লৈ অৰুণিমাই পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্টত আৰোহন কৰিবলৈ সক্ষম হ'ব বুলি আত্মবিশ্বাস জগাই তুলিছিল ।
৪/ এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল ?
উত্তৰ :- এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ শাৰীৰিক, মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যৱসায় একোৰে অভাৱ নাছিল অৰুণিমাৰ । ভৰিখন হেৰুওৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি-পৰি লাগিছিল তেওঁ । প্ৰায় এবছৰ কাল একেলেথাৰিয়ে উৎসা-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল তেওঁ । কেতিয়াব এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে দুই মিনিটতে শিকিব পাৰে , তেওঁৰ ক্ষেত্ৰত সেয়া তিনি ঘন্টাও লাগিছিল । তথাপিও আশা এৰি দিয়া নাছিল অৰুণিমাই ।
তেওঁক পৰ্বতাৰোহণ অভিযানত সহায় কৰা শ্বেৰপাজনেও আনকি তেজেৰে তুমৰলি হোৱা ভৰিৰ অবস্থা দেখি কেইবাবাৰো প্ৰাণ বচাবলৈ তেওঁক উভতি যোৱাৰ পৰামৰ্শ দিছিল । কিন্ত অৰুণিমাই কোনো বাধা-বিপত্তিৰ ওচৰত সেও মানিবলৈ শিকা নাছিল ।
৫/ অৰুণিমাই সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে ?
উত্তৰ :- লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহন কৰিবলৈ সক্ষম হৈছিল অৰুণিমা । পিছে চামছেৰ কাৰিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট । সেই সময়ত বতৰো আছিল অত্যন্ত প্ৰতিকূল । এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভব হৈ পৰাত শিখৰলৈ মাত্র ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ'ল । সেয়েহে অৰুণিমা সিনহাই মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে ।
৬/ অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া ।
উত্তৰ :- অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযান আছিল অত্যন্ত ৰোমাঞ্চকৰ আৰু প্ৰত্যাহ্বানমূলক । কিয়নো এভাৰেষ্ট অভিযানৰ ঠিক আগেয়ে লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ শিখৰলৈ চলোৱা অভিযানটো প্ৰতিকূল বতৰৰ বাবে আধাতে সামৰি উভতিবলৈ বাধ্য হৈছিল অৰুণিমা । কিন্ত মাউণ্ট চামছেৰ কাংৰিৰ শিখৰত উপস্থিত হ'ব । নোৱৰাৰ বেদনাই অৰুণিমাৰ মনোবল কমাই পেলাব নোৱাৰিলে । বৰং তেনে অৱস্থাৰে ২১,১০৮ ফুট ওপৰলৈ যাব পৰা কথাষাৰে মাউণ্ট এভাৰেষ্টলৈ যাব পৰাটো যে সম্ভৱপৰ সেইটো অধিক দৃঢ়তাৰে সাব্যস্ত কৰিলে । এইবাৰ মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল অৰুণিমা । মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ, ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰ
তেওঁ দুটাকৈ কেমেৰা লগত লৈ গৈছিল । লৈছিল পানীৰ আৰু অক্সিজেন । ৪ নং কেম্প পাওঁতে দুয়োখন ভৰাৰ পৰা তেজ নিগৰি ভয়ংকৰ অবস্থা হৈছিল । লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হওঁ হৈছিলোগৈ । লগত যোৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে কৈছিল যে যিকোনো মুহূৰ্ততে অক্সিজেন শেষ হৈ যাব, তেতিয়া আৰু মৃত্যুক সাবটি লোৱাৰ বাহিৰে আন কোনো উপায় নাথাকিব । পিছে অৰুণিমাই কৈছিল যে ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে । যি হয় দেখা যাব ।
অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গৈ আছিল । তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মছি মছি আগুৱাই গৈ থাকোতে বাটত বহুতো অভিযাত্রীৰ মৃতদেহ দেখা পাইছিল তেওঁ । কিন্ত একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল । প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্টসহিষ্ণতাৰ ফল অবশেষত ফলিল । কাঠমাণ্ডুৰ পৰা যাত্রা আৰম্ভ কৰাৰ বাৱন্ন দিনৰ অন্তত নিশা প্ৰায় ৮ বজাত তেওঁ ৮,৮৪৮ মিটাৰ উচ্চতাত অবস্থিত মাউণ্ট এভাৰেষ্টৰ শৃংগত পদাৰ্পন কৰিবলৈ সক্ষম হ'ল । বহুতো অভিযাত্রীৰে সেইখিনি পোৱালৈকে লগত নিয়া অক্সিজেন প্ৰায় শেষ হওঁ হওঁ হয়গৈ । সেয়ে এভাৰেষ্টৰ বুকুত ভৰি থৈ তেওঁলোকে খৰখেদাকৈ নামি আহিবলৈ বাধ্য হয় । কাৰণ অক্সিজেন শেষ হোৱাৰ আগতে ওপৰৰ পৰা নামি অহা বাটৰ প্ৰথমটো কেম্প পাবগৈ লাগিব । অৰুণিমাৰো অক্সিজেন শেষ হ'বলগীয়া হৈছিল । লগত যোৱা শ্বেৰপাজনক মাউণ্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অবস্থাত তেওঁৰ ফটো আৰু ভিডিঅ ' ল'বলৈ অনুৰোধ কৰিছিল । শ্বেৰপাজনে পিছে তাত বেছি সময় থাকিলে প্ৰাণৰ সংশয় হ'ব বুলি তেওঁক বুজাই ভাৰতৰ জাতীয় পতাকা সাবটি ধৰা অৰুণিমাৰ ফটো তুলি দিছিল । প্ৰায় ডেৰ ঘন্টাকাল তেওঁ এভাৰেষ্টত আছিল । তাৰিখটো আছিল ২১ মে ', ২০১৩ চন । এইদৰে এক দুঃসাহসিক পৰ্বতাৰোহণ অভিযানৰ দ্বাৰা এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হোৱা । বিশ্বৰ প্ৰথমগৰাকী বিকলাংগ মহিলা হিচাপে ইতিহাসৰ পাতত অৰুণিমা সিনহাই নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হৈছিল ।
৭/ 'একোগৰাকী ব্যক্তিয়ে প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে ।' --- কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা । [HSLC ' ২০২০ ]
উত্তৰ :- একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে । --- এই বাক্যশাৰীৰ জৰিয়তে অৰুণিমা সিনহাৰ দৰে যুবতী এগৰাকীয়ে নিজৰ জীৱনৰ চৰম বিপৰ্যয়ৰ পৰা নিজকে উধাই লৈ কিদৰে মাউণ্ট এভাৰেষ্টৰ শিখৰৰ দৰে সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল, সেয়া কোৱা হৈছে ।
অৰুণিমা সিনহাৰ আগলৈকে মাউণ্ট এভাৰেষ্টত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা আন সকলোতকৈ অৰুণিমা সিনহা এটা ক্ষেত্ৰত পৃথক আছিল, সেয়ে হৈছে অৰুণিমা আছিল এগৰাকী বিকলাংগ মহিলা । এখন কৃত্ৰিম ভৰি আৰু আনখনত লোৰ ৰডৰ সহায়ত চলা-ফিৰা কৰা অৰুণিমাই সামাজিক দৃষ্টিত স্বাভাৱিক কাম-কাজৰ বাবেও উপযুক্ত নাছিল । গতিকে তেনে এগৰাকী মহিলাই এভাৰেষ্টত আৰোহন কৰিবলৈ যোৱাটো এক অকল্পনীয় তথা অসম্ভৱ বুলি আন মানুহে ভবাটো অস্বাভাৱিক নাছিল । কিন্ত অৰুণিমা সিনহাই এভাৰেষ্টত আৰোহন কৰাৰ যি সপোন দেখিছিল, সেয়া নিজৰ জীৱনৰ বিনিময়ত হ'লেও সফল কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল । সেয়েহে কৃত্ৰিম ভৰি এখন সংলগ্ন হোৱা শৰীৰটো শিখৰ পাবলৈ অকণমান বাট বাকী থকা সময়ত অৰুণিমা সিনহাই লগত নিয়া অক্সিজেন প্ৰায় শেষ হওঁ হওঁ হৈছিল । তেনে অৱস্থাত অধিক ওপৰলৈ উঠি যোৱাটো নিজৰ জীৱনৰ সৈতে খেলা কৰাৰ দৰেই আছিল । কিন্ত অৰুণিমা সিনহা হাৰ মনা বিধৰ ছোৱালী নাছিল । লক্ষ্য ইমান কাষ পাই উভতি যাবলৈ তেওঁ অনিচ্ছুক আছিল । আৰু অদম্য উৎসাহ বুকুত লৈ তেওঁ কিছু সময় পিছত এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিছিল ।
অৰুণিমা সিনহাৰ প্ৰচেষ্টা আৰু সফলতাই আন বহুতৰ বাবে প্ৰেৰণাৰ দুৱাৰ মুকলি কৰিছিল । কাৰণ বিকলাংগ ছোৱালী এজনীয়ে এভাৰেষ্টত আৰোহণ কৰিব পাৰে , তেন্তে আন মানুহেও চেষ্টা কৰিলে এভাৰেষ্টত আৰোহণ কৰাটো মুঠেই অসম্ভৱ নহয় । কঠোৰ পৰিশ্ৰম, নিৰৱচ্ছিন্ন চেষ্টা , অদম্য মনোবল আৰু মাৰ নোযোৱা সপোন এটা বুকুত বান্ধি আগুৱাই গ'লে কোনো লক্ষ্যই যে অলংঘনীয় নহয় সেয়ে অৰুণিমা সিনহাৰ এভাৰেষ্ট বিজয় অভিযানে প্ৰতীয়মান কৰিছিল ।
৮/ ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল ?
উত্তৰ :- প্ৰথিতযশা ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙেও অৰুণিমা সিনহাক লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাত যথেষ্ট অনুপ্ৰাণিত কৰিছিল । কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল ।
যুৱৰাজে দেখুৱাই দিছিল যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ'ব নোৱাৰে ।
৯/ চমুটোকা লিখাঃ
বাচেন্দ্ৰিক পাল, টেনজিং নৰগে, ষ্টিফেন হকিং ।
উত্তৰ :- বাচেন্দ্ৰি পালঃ বাচেন্দ্ৰি পাল এগৰাকী ভাৰতীয় পৰ্বতাৰোহী । তেওঁ এভাৰেষ্ট শিখৰত আৰোহণ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা তথা পৃথিৱীৰ ভিতৰতেই পঞ্চমগৰকী মহিলা । বাচেন্দ্ৰি পালৰ জন্ম হৈছিল ১৯৫৪ চনৰ ২৪ মে'ত উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ নাকুৰি নামৰ গাঁও এখনত । সৰুকালৰ পৰাই পৰ্বতাৰোহণত ৰাপ থকা বাচেন্দ্ৰি পালে এদিন এভাৰেষ্টৰ শিখৰত আৰোহণ কৰাৰ সপোন দেখিছিল আৰু তাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। এবাৰ উত্তৰ কাশীত পৰ্বতাৰোহণৰ প্ৰাথমিক পাঠ্যক্ৰম এটা সুযোগ লাভ কৰি বাচেন্দ্ৰি পাল আহ্লাদিত হৈ পৰিছিল । কিন্ত ধাৰাবাহিকভাৱে এই প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাটত তেওঁ যথেষ্ট বাধাৰ সম্মুখীন হৈছিল । নিজৰ পৰিয়ালৰ প্ৰতি তেওঁৰ দায়িত্বও আছিল যথেষ্ট । সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল আৰ্থিক ফালৰ পৰা । কিন্ত বাচেন্দ্ৰি পালৰ তীব্ৰ ইচ্ছাৰ আগত সেই বাধাও আঁতৰি গৈছিল । ১৯৮৪ চনত ভাৰতীয় এভাৰেষ্ট অভিযানত তেওঁ নিৰ্বাচিত হয় । এই অভিযান মুলতঃ ভাৰতীয় মহিলাক এভাৰেষ্ট বিজয়ৰ সুযোগ দিয়াৰ বাবে গ্ৰহণ কৰা হৈছিল । সাতগৰাকী মহিলাৰ মাজত এগৰাকী অন্যতম হিচাপে বাচেন্দ্ৰি পাল নিৰ্বাচিত হৈছিল । অৱশেষত ১৯৮৪ চনৰ ২৩ মে'ৰ দুপৰীয়া তেওঁ মাউণ্ট এভাৰেষ্টত সফলতাৰে আৰোহণ কৰিবলৈ সক্ষম হৈছিল । ২০১৯ চনৰ ২৬ জানুৱাৰীত ৭০ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি তেখেতক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰা হয় ।
টেনজিং নৰগেঃ পৃথিৱীৰ সুউচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত পোনপ্ৰথমে আৰোহণ কৰিবলৈ সক্ষম হোৱাৰ দুগৰাকী ব্যক্তিৰ অন্যতম আছিল টেনজিং নৰগে । নেপালৰ এখন সৰু গাঁৱত ১৯১৪ চনৰ ১৫ মে'ত জন্মগ্ৰহণ কৰা শ্বেৰপা জনজাতিৰ এই লোকজন সৰুকালৰ পৰাই যথেষ্ট পৰিশ্ৰমী আছিল । তেওঁ দাৰ্জিলিঙত হিমালয়ৰ পৰ্যটকৰ বোজা কঢ়িওৱা কামত নিয়োজিত আছিল । ১৯৫৩ চনৰ ২৯ মে'ৰ দুপৰীয়া নিউজিলেণ্ডৰ পৰ্বতাৰোহী এডমাণ্ড হিলাৰীৰ সৈতে তেওঁ হিমালয়ৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল আৰু বিশ্বৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হৈছিল । এই সাফল্যৰ বাবে তেওঁক নানা সন্মানেৰে বিভূষিত কৰা হৈছিল । নেপাল চৰকাৰে তেওঁক 'নেপাল তাৰা ' সন্মান যাচিছিল আৰু ব্ৰিটেইন চৰকাৰে তেওঁক 'জৰ্জ মেডেল ' সন্মান যাচিছিল । ১৯৮৬ চনৰ ৯ মে'তাৰিখে দাৰ্জিলিঙত তেওঁৰ মৃত্যু হয় ।
ষ্টিফেন হকিং : হকিঙৰ সম্পূৰ্ণ নাম হ'ল ষ্টিফেন উইলিয়াম হকিং । তেওঁ এগৰাকী তাত্বিক পদাৰ্থবিধ আৰু ব্ৰহ্মাণ্ড বিজ্ঞানী । তেওঁৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱন্তকাতেই এক অনন্য কিংবদন্তিত পৰিণত কৰিছিল । মটৰ নিৰন ৰোগৰ দৰে এক জটিল মাৰাত্মক ব্যাধিৰ সৈতে আজীৱন সহ্বাস কৰিও নিজস্ব ইচ্ছাশক্তি আৰু অধ্যৱসায়েৰে বিজ্ঞান জগতত এক চমৎকাৰী সত্তা হিচাপে নিজকে তেওঁ উপস্থাপন কৰিব পাৰিছিল । ১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলেণ্ডৰ অক্সফ'ৰ্ডত জন্মগ্ৰহণ কৰা ষ্টিফেন হকিঙে ৰয়েল ছ'চাইটি অব্ আৰ্টছৰ সন্মানীয় ফেন', পান্টিফিকেল একাডেমীৰ আজীৱন সদস্য আৰু ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ অসমৰিক সন্মান 'প্ৰেচিডেন্সিয়েল মেডেল অব্ ফ্ৰীডম ' সন্মানেৰে ভূষিত হৈছিল । হকিং বিকীৰণ, ছিগুলাৰিটী সুত্ৰ আৰু সময়ৰ চমু ইতিহাসৰ বাবে ষ্টিফেন হকিঙৰ ঘাইকৈ জনা যায় । ২০১৮ চনৰ ১৪ মাৰ্চত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেম্ব্ৰিজত অৱস্থিত নিজা বাসভৱনত তেওঁৰ মৃত্যু হয় ।
ভাষা বিষয়কঃ
১০ / সন্ধি ভাঙাঃ
সংশয় , পৰ্বতাৰোহণ , উৎসাহ , হিমালয় , প্ৰত্যাহ্বান , বিপদাপন্ন ।
উত্তৰ :- সম্ + শয় = সংশয়
পৰ্বত + আৰোহণ = পৰ্বতাৰোহণৰ
উৎ + সাহ = উৎসাহ
হিম + আলয় = হিমালয়
প্ৰতি + আহ্বান = প্ৰত্যাহ্বান
বিপদ + আপন্ন = বিপদাপন্ন
১১/ তলত শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুৱাঃ
অনুৰাগ , অনভৱ , অভিনয় , প্ৰতিফল
উত্তৰ :- শব্দ উপসৰ্গ
অনুৰাগ অনু
অনুভৱ অনু
অভিনয় অভি
প্ৰতিফল প্ৰতি
অতিৰিক্ত সাম্ভাব্য প্ৰশ্নোত্তৰ
১/ দুৰ্ঘটনা ঘটাৰ আগতে অৰুণিমা সিনহা কি খেলৰ এগৰাকী সম্ভাৱনাপূৰ্ণ খেলুৱৈ আছিল ?
উত্তৰ :- অৰুণিমা সিনহা এগৰাকী ভাল ভলীবল খেলুৱৈ আছিল । তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সুনাম অৰ্জন কৰিছিল ।
২/ ডকাইতিৰ ঘটনাটোৰ পিছত ৰাতিপুৱা হোৱালৈকে কি ঘটিছিল ?
উত্তৰ :- ডকাইতকেইজনে অৰুণিমাক ৰে'লৰ পৰা বাহিৰলৈ দলিয়াই দিছিল । অইন এখন চলন্ত ৰে'লগাড়ীত খুন্দা খাই অৰুণিমা তললৈ সৰি পৰিছিল । ৰাতি পোৱালৈকে প্ৰায় সাত ঘন্টা সময় তেঁও ৰে'লগাড়ীৰ কাষত পৰি আছিল আৰু সেই সময়ত কাষেদি উনচল্লিশখন ৰে'লগাড়ী পাৰ হৈ গৈছিল ।
৩/ দুৰ্ঘটনাৰ পিছত চিকিৎসাৰ বাবে অৰুণিমা সিনহাক ক'ত ভৰ্তি কৰোৱা হৈছিল ?
উত্তৰ :- দুৰ্ঘটনাৰ পিছত অৰুণিমা সিনহাক প্ৰথমতে , বেৰিলী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । তাৰ পিছত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব্ মেডিকেল ছায়েন্সত তেওঁৰ চিকিৎসাৰ ব্যবস্থা কৰা হ'ল ।
৪/ অৰুণিমা সিনহা হস্পিতেলত কিমান দিন চিকিৎসাধীন হৈ আছিল ? হস্পিতালৰ পৰা ওলাই তেঁও পোনপ্ৰথম কাক লগ ধৰিছিল ?
উত্তৰ :- অৰুণিমা সিনহা প্ৰায় চাৰি মাহ হস্পিতেলত চিকিৎসাধীন হৈ আছিল । তেওঁ হাস্পতালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ । তেওঁৰ দুচকুত তেতিয়া এভাৰেষ্ট বিজয়ৰ সপোন । পৃথিৱীৰ শীৰ্ষতম স্থানত থিয় হোৱাৰ তীব্ৰ হেঁপাহ ।
৫/ অৰুণিমা সিনহাক লগ পাই বাচেন্দ্ৰি পালৰ মনত কি ভাব জাগিছিল ?
উত্তৰ :- অৰুণিমা সিনহাক লগ পাই ছোৱালীজনীৰ মুখেৰে এভাৰেষ্ট বিজয়ৰ আকাংক্ষাৰ কথা শুনি বাচেন্দ্ৰি পাল যথেষ্ট উৎসাহিত হৈছিল । ছোৱালীজনীৰ দুচকুৰ সপোন , প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাবে তেওঁৰ মনতো বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চিয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব ।
৬/ পৰ্বতাৰোহণৰ বাবে অৰুণিমা সিনহাই ক'ত প্ৰশিক্ষণ লৈছিল ?
উত্তৰ :- পৰ্বতাৰোহণৰ বাবে অৰুণিমা সিনহাই উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিন গ্ৰুপত যোগ দিছিল । টাটা ষ্টীল এডভেন্সাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত অনুশীলন চলিছিল ।
৭/ পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লোৱাৰ সময়ত অইন শিকাৰুৰ তুলনাত অৰুণিমা সিনহাই বেছিকৈ কি অসুবিধা পাইছিল ?
উত্তৰ :- পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লোৱাৰ সময়ত কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে দুই মিনিটতে শিকিব পাৰে , অৰুণিমাৰ ক্ষেত্ৰত সেয়া তিনি ঘন্টাও লাগিছিল । তথাপিও আশা এৰি দিয়া নাছিল অৰুণিমাই ।
৮/ অৰুণিমা সিনহাই পোনপ্ৰথমে কোনটো শৃংগ বিজয়ৰ অভিযান চলাইছিল আৰু তাত কেনেকুৱা সফলতা লাভ কৰিছিল ?
উত্তৰ :- পৰ্বতাৰোহণৰ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ অন্তত পোনপ্ৰথমে লাডাখত থকা মাউণ্ট চামছেৰ কাংৰি শৃংগত আৰোহন কৰাৰ বাবে অৰুণিমা সিনহাই অভিযান চলাইছিল । ২১,৭৯৮ ফুট উচ্চতাৰ চামছেৰ কাংৰিঙৰ অভিযানত অৰুণিমা সিনহা সফল নহ'লেও এই শৃংগৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহন কৰিবলৈ সক্ষম হৈছিল ।
৯/ কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙৰ পৰা অৰুণিমা সিনহাই কি প্ৰেৰণা লাভ কৰিছিল ।
উত্তৰ :- কৰ্কট ৰোগত আক্ৰান্ত হৈও ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে এই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি অৰুণিমা সিনহাৰ দৰে আন বহুজনৰ মনত এই ভাব আনি দিছিল যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ'ব নোৱাৰে ।
১০/ ' ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে । যি হয় দেখা যাব ।'
------ এই কথাষাৰ কোনে আৰু কিয় কৈছিল ?
উত্তৰ :- ' ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে । যি হয় দেখা যাব ।'
---‐--- এই কথাখিনি অৰুণিমা সিনহাই তেওঁৰ লগত যোৱা শ্বেৰপাজনক কৰিছিল । মাউণ্ট এভাৰেষ্টৰ অভিযানত চাৰি নম্বৰ কেম্প পাওঁতে অৰুণিমা সিনহাৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অবস্থা হৈছিল আৰু লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হওঁ হৈছিল । সেয়েহে শ্বেৰপাজনে অৰুণিমা সিনহাক সকীয়াই দিছিল যে যিকোনো মুহূৰ্ততে অক্সিজেন শেষ হৈ যাব পাৰে আৰু তেতিয়া এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত হোৱাৰ পৰিবৰ্তে তেওঁলোকে মৃত্যুকহে সাবটি ল'ব লাগিব । ইয়াৰ প্ৰত্যুত্তৰত অৰুণিমা সিনহাই কৈছিল যে ইমানখিনি আগবাঢ়ি অহাৰ পিছত উভতি যোৱাতকৈ মৃত্যুৱেই শ্ৰেয় ।
১১/ কাঠমাণ্ডুৰ পৰা যাত্রা আৰম্ভ কৰাৰ কিমান দিনৰ অন্তত অৰুণিমা সিনহাই মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হৈছিল ?
উত্তৰ :- কাঠমাণ্ডুৰ পৰা যাত্রা আৰম্ভ কৰাৰ বাৱন্ন দিনৰ অন্তত ২০১৩ চনৰ ২১ মে'ৰ নিশা প্ৰায় ৮ বজাত অৰুণিমা সিনহাই ৮,৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্টৰ শৃংগত পদাৰ্পন কৰিবলৈ সক্ষম হৈছিল ।
১২/ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হোৱাৰ প্ৰথমগৰাকী বিকলাংগ মহিলা হিচাপে অৰুণিমা সিনহাই কি কি সন্মান বুটলিবলৈ সক্ষম হৈছিল ?
উত্তৰ :- মাউণ্ট এভাৰেষ্টত বিজয় সাব্যস্ত কৰা প্ৰথম বিকলাংগ মহিলাস্বৰূপে এনে স্মৰণীয় সাফল্য বাবে ভাৰত চৰকাৰে ২০১৫ চনত অৰুণিমা সিনহাক ' পদ্মশ্ৰী ' সন্মানেৰে বিভূষিত কৰে । তেতিয়াৰ সন্মানীয় ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াৰ পৰা তেওঁ এই সন্মান লাভ কৰাৰ উপৰিও একেগৰাকী ৰাষ্ট্ৰ পতিৰ পৰা ২০১৫ চনৰ ' টেনজিং নৰগে সন্মান ' লাভ কৰে । ২০১৪ চনত তেওঁ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড⁰ এ পি জে আব্দুল কালামৰ পৰা ' এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই অৰুণিমাই লিখা কিতাপ উন্মোচন কৰি তেওঁক ভূয়সী প্ৰশংসা কৰে ।
১৩/ এক বিৰল সাফল্যৰ অধিকাৰী হৈও অৰুণিমা সিনহাই নিজৰ ওপৰত অকণো গৰ্ববোধ নকৰাকৈ আনকো অনুপ্ৰাণিত কৰিব পৰাকৈ কি কথা কৈছিল ?
উত্তৰ :- অৰুণিমা সিনহাই কৈছিল ---- ' মই মাত্ৰ এজনী অৰুণিমা নহয় , মোৰ দৰে হেজাৰ-বিজাৰ অৰুণিমা আছে , আপোনালোকে সেইসকলক চিনাক্ত কৰি জীৱনৰ বাটত আগবাঢ়ি যাবলৈ , লক্ষ্যভেদ কৰিবলৈ প্ৰেৰণা যোগালে সঁচা অৰ্থত দেশৰ কাম কৰা হ'ব ।'
১৪/ ড⁰ জয়শ্ৰী গোস্বামী মহন্তৰ বিষয়ে লিখা ।
উত্তৰ :- ড⁰ জয়শ্ৰী গোস্বামী মহন্ত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক , শিক্ষাবিদ তথা ভূতপূৰ্ব সাংসদ । গল্প , কবিতা , উপন্যাস , শিশু সাহিত্য ৰচনা কৰাৰ উপৰি তেওঁ সমসাময়িক আৰ্থ - সামাজিক আৰু অৰ্থনৈতিক দিশত মননশীল প্ৰবন্ধও ৰচনা কৰিছে । বিশ্ব সাহিত্যৰ বহু উল্লেখনীয় গ্ৰন্থৰ অনুবাদেৰে তেওঁ অসমীয়া অনুবাদ সাহিত্যলৈও বৰঙণি আগবঢ়াইছে । কটন কলেজৰ প্ৰাণীবিজ্ঞান বিভাগৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ একে বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ড⁰ মহন্তৰ বিজ্ঞান বিষয়তো গৱেষণামূলক প্ৰবন্ধ দেশ - বিদেশৰ আগশাৰীৰ আলোচনীত প্ৰকাশ পাইছে । ড⁰ মহন্তই ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে ৰাজসভাৰ সাংসদ হিচাপে অসমক প্ৰতিনিধিত্ব কৰিছিল । ' মহাকবি , ' গান্ধাৰী ', চাণক্য আদি উপন্যাস , ' অন্য এক ৰত্নাকৰ ', উৱলি যোৱা চাদৰ ' আদি গল্প - সংকলন , ' অসম আন্দোলন : যুগমীয়া চিন্তাৰ প্ৰতিফলন শীৰ্ষক প্ৰবন্ধ - সংকলন ,' চেমনীয়াৰ বিশ্ব সাহিত্য ', বিশ্বৰ শ্ৰেষ্ঠ সাধু ' আদি শিশু - কিশোৰ উপযোগী গ্ৰন্থ ড⁰ মহন্তৰ উল্লেখযোগ্য সৃষ্টি । বৰ্তমানে ' এদিনৰ সংবাদ ' কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মহন্তক ২০১৮ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰে ।
১৫/ অৰুণিমা সিনহা পাঠটিৰ অন্তৰ্নিহিত ভাব লিখা ।
উত্তৰ :- জীৱনৰ সফলতা তথা উন্নতিৰ মূলমন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা । প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে । উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা নামৰ চাব্বিশ বছৰীয়া যুৱতী এগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী ৰে'লযাত্রাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনলৈ হেৰুৱাবলগীয়া হৈছিল । ভৰিতো লোৰ ৰ্ড সুমুৱাই চলা - ফিৰা কৰিবলগীয়া হৈছিল । হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল । অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাস সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল । ইতিমধ্যে এভাৰেষ্ট বিজয় কৰা বাচেন্দ্ৰি পালৰ পৰামৰ্শ , সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বতাৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত ২০১৩ চনৰ ২১ মে'ত এভাৰেষ্ট আৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত ২০১৩ চনৰ ২১ মে'ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল ।
যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতাক সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰূপ জ্ঞান কৰি আহিছ , তেনে সময়তে নিজৰ অধ্যৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰি জগতলৈ চানেকি দেখুৱাইছে অৰুণিমাই সিনহাই । অৰুণিমাৰ জীৱন কাহিনী নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎসস্বৰূপ ।
১৬/ এভাৰেষ্ট বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল ?
উত্তৰ :- মাউণ্ট এভাৰেষ্টৰ শৃঙ্গত পদাৰ্পণ কৰাৰ সময়ত অৰ্থাৎ সেইখিনি পোৱালৈকে লগত নিয়া অক্সিজেন শেষ হ'বলগীয়া হৈছিল । অৰুণিমাৰ লগত যোৱা শ্বেৰপাজনে তাত বেছি সময় থাকিলে প্ৰাণৰ সংশয় হ'ব বুলি তেওঁক বুজাই দিছিল । অক্সিজেন শেষ হোৱাৰ আগতে ওপৰৰ পৰা নামি অহা বাটৰ প্ৰথমটো কেম্প পাবগৈ লাগিব বুলি জনাই দিছিল । সেয়ে এভাৰেষ্টৰ বুকুত ভৰি থৈ তেওঁলোকে খৰখেদাকৈ নামি আহিবলৈ বাধ্য হয় ।
১৭/ শব্দাৰ্থ লিখা ।
অদম্য , অভিযাত্রী , তুমৰলি , পদাৰ্পণ , প্ৰতিকূল , লুণ্ঠন , বিপদাপন্ন , বিচ্যুত ।
উত্তৰ :-
অদম্য : যাক দমন কৰিব নোৱাৰি ।
অভিযাত্রী : দুৰ্গম পথেৰে যোৱা সাহসী লোক ।
তুমৰলি : তেজ আদি লাগি লুতুৰি - পুতুৰি হোৱা ।
পদাৰ্পণ : এঠাইত গৈ ভৰি দিয়া বা উপস্থিত হোৱা কাৰ্য ।
প্ৰতিকূল : অসুবিধা সৃষ্টিকাৰী , বিৰুদ্ধ ।
লুণ্ঠন : লুট কৰা কাৰ্য , ডকাইতি ।
বিপদাপন্ন : বিপদত পৰা ।
বিচ্যুত : স্খলিত , যিটো এৰা পৰিছে ।
আমাৰ এইখন (website) ত এনেধৰণৰ প্ৰশ্নোত্তৰ সমূহ আপোনালোৰ সহায়ৰ বাবে আগবঢ়াই দিয়া হৈছে আমি পাঠটোৰ সকলোবোৰ প্ৰশ্নোত্তৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাইছো । প্ৰশ্নোত্তৰ সমূহ পঢ়ি কেনেধৰণৰ অনভ হৈছে আপোনাৰ মতামত সমূহ কমেন্ট কৰি জনাই দিয়ক (আমাৰ লগত যোগাযোগ কৰিব বিচাৰিলে তলত Contact Us ত গৈ যোগাযোগ কৰিব পাৰিব
CLASS 10 ASSAMESE QUESTION ANSWER
Group-A (বাধ্যতামূলক)
পদ্যাংশ
৫ •
গদ্যাংশ
১০ • অৰুণিমা সিনহা পাঠটোৰ প্ৰশ্নোত্তৰ🔎
Group-B (বৈকল্পিক)
গদ্যাংশ
পদ্যাংশ
CLASS 10 GRAMMAR QUESTION ANSWER
CLASS 1O ENGLISH ANSWER
● CLASS 11 ASSAMESE (AHSEC)