প্ৰচীন ভাৰতীয় শিক্ষা mcq

পাঠ ১৬ প্ৰাচীন ভাৰতীয় শিক্ষা

লিখকৰ নাম :- হেমচন্দ্ৰ গোস্বামী

পাঠভিত্তিক প্ৰশ্নোত্তৰ


ভাব-বিষয়ক :


(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা ।


উত্তৰ :-
জীৱক,  চৰক, পাণিনি, আৰু চাণক্য ।


(খ) তক্ষশীলৈ কোন কোন দেশৰ পৰা ছাত্ৰ আছিল ?


উত্তৰ :-
তক্ষশীল বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেকট্ৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল । যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হ'ল, তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল ।


(গ) নগাৰ্জুন কোন ? ক'ত আছিল আৰু কি কৰিছিল ?


উত্তৰ :-
শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জন । এই বিশ্ববিদ্যালয়খন অম্ৰাৱতী নগৰৰ ওচৰত আছিল । ইয়াত হিন্দ আৰু বৌদ্ধ দুয়োবিধ শিক্ষাকেই দিয়া হৈছিল । 


(ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীন ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল ? নিমন্ত্ৰণ কৰা ৰজাজন কোন ?


উত্তৰ :-
নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীন ছাত্ৰ তথা চীন দেশৰ পৰিব্ৰাজক য়ুয়ানচ্যাঙৰ কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল । নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা ।


(ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে ?


উত্তৰ :-
উদান্তপুৰৰ বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল । কিন্ত খ্ৰীষ্টিয় অষ্টম শতাব্দীতহে ই বিশেষ খ্যাতি লাভ কৰে । এই বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল,  যাক মুছলমানবিলাকে ১২০২ খ্ৰীষ্টাব্দত নষ্ট কৰিলে ।


(চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল ?


উত্তৰ :-
উজ্জয়িনী বিশ্ববিদ্যালয় বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলনক্ষেত্র আছিল ।


২/ 'প্ৰাচীন ভাৰতীয় শিক্ষা' পাঠটিৰ কথাখিনি চমুকৈ লিখা ।


উত্তৰ :-
প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাত আৰ্য শিক্ষা প্ৰদান কৰা হৈছিল, যাৰ মূলমন্ত্ৰ আছিল মোক্ষ । প্ৰত্যেক মানুহৰ পুৰুষাৰ্থক চাৰিটা ভাগত ভাগ কৰা হৈছিল,  যেনে--- ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ । কৰ্ম, ভক্তি আৰু জ্ঞানৰ মাজেৰেহে মোক্ষ প্ৰাপ্তিৰ বিধান আৰ্য শিক্ষাত দিয়া হৈছিল । অৱশ্যে সৰ্বসাধাৰণ লোকৰ বাবে ধৰ্ম, অৰ্থ আৰু কাম --- এই তিনি বৰ্গৰ সাধনা বিধান কৰিছিল । কাৰণ মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰ স্বভাৱতে কম হ'ব । এই ভূল ধাৰণাটো প্ৰচলিত যে হিন্দুৰ শিক্ষা আছিল মানুহক সংসাৰ ত্যাগী বা সংসাৰী কৰা । ত্যাগ কাৰ্য শিক্ষাৰ চৰম উদ্দেশ্য আছিল যদিও প্ৰকৃত ত্যাগী হ'বলৈ অনাসক্ত ভোগহে প্ৰকৃত উপকৰণ । প্ৰাচীন ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত বহুকেইখন বিশ্ববিদ্যালয়ে প্ৰচুৰ অৰিহণা যোগাইছিল । প্ৰায় ছখন বিশ্ববিদ্যালয়ে প্ৰচীন ভাৰতীয় শিক্ষা প্ৰদান কাৰ্যত সক্ৰিয় আছিল । সেইবোৰ হৈছে --- তক্ষশীল, শ্ৰীধান্যকটৰ, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী ।


     আৰ্য শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়কেইখনৰ গুণগত মান বিশ্ব পৰ্যায়ৰ আছিল । আজিৰ শিক্ষাৰ তুলনাত সেই সময়ৰ শিক্ষা যথেষ্ট পিচপৰা থকা সত্ত্বেও সেই সময়ৰ শিক্ষাৰ্থীসকল কোনোগুণে কম নাছিল । নানা কালজয়ী তত্ত্ব আৰু বৈজ্ঞানিক তথা দাৰ্শনিক সিদ্ধান্ত আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্ববাসী তবক লগাইছিল । কিন্ত তাৰ তুলনাত বৰ্তমান ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা আৰু গৱেষণাৰ বাবে যিমানখিনি সুবিধা আৰু সম্পদ লাভ কৰে সেই অনুপাতে কিন্ত একো উল্লেখযোগ্য আৱিষ্কাৰ বা সফলতা লাভ কৰা নাই ।


       ইয়াৰ উত্তৰ বিচাৰিলে পোৱা যায় যে আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল । আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুটাই তুলি অসৎ বৃত্তিবোৰক তুলি বা দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা । তাৰ তুলনাত বৰ্তমান যুগত সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱেই বৃত্তিমুখী হৈ পৰিছে । ফলত কোটি কোটি টকা খৰচ কৰি লাখে লাখে শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ পিছতো এক স্বাধীন মগজু লৈ চিন্তা কৰিব পৰা গুণৰ অভাৱৰ ফলতেই নতুন তত্ত্ব আৱিষ্কাৰ সম্ভৱ হৈ উঠা নাই ।


৩/ প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ চমু পৰিচয় দিয়া ।


উত্তৰ :-
প্ৰাচীন ভাৰতৰ উল্লেখযোগ্য বিশ্ববিদ্যালয়সমূহ হৈছে --- তক্ষশীলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী । তক্ষশীলা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে আছিল । এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পঠী আছিল আৰু তাত ওঠৰবিধ শিক্ষা দিয়া হৈছিল । তাত ভাষ্কৰ-বিদ্যা, চিত্ৰাংকণ, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা-শিক্ষা দিয়া হৈছিল । ইয়াতে অত্রেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল । বুদ্ধদেৱৰ চিকিৎসাক 'জীৱক, এই অত্রেয় মুনিৰে ছাত্ৰ আছিল । এই বিদ্যালয়তে জীৱকে সাত বছৰ পঢ়িছিল আৰু পাণিনি আৰু চাণক্যও এই বিশ্ববিদ্যালয়ৰে ছাত্ৰ আছিল । এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেকট্ৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল । যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হ'ল, তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল । 
     শ্ৰীধান্যকটক বিশ্ববিদ্যালয় অম্ৰাৱতী নগৰ ওচৰত আছিল । ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষাকে দিয়া হৈছিল । এই বিশ্ববিদ্যালয়ো খ্ৰীষ্টপূৰ্ব এক শতিকালৈ বৰ্তমান আছিল । এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন ।


     নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্রৰ শিক্ষা দিয়া হৈছিল । এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে বৰ্তমান হৈছিল । এই বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে দহ হেজাৰ ছাত্ৰ আছিল । শীলভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল । ইয়াত কোন খৰচ নোলোৱাকৈ শিক্ষাদান কৰিছিল আৰু ইয়াত ব্যাকৰণ, তৰ্কশাস্ত্ৰ,  চিকিৎসাশাস্ত্র আৰু আধ্যাত্মিকজ্ঞানৰ শিক্ষা দিয়া হৈছিল । ইয়াৰ যিটো পুথিভঁৰাল আছিল সি ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আছিল । সেই পুথিভঁৰালটো ন-তলীয়া আছিল আৰু তাৰ নাম আছিল ৰত্নোদধি । 
শিক্ষাগাৰটোত এশটা কোঠালিত এশটা শ্ৰেণী বহিব পৰিছিল । এই বিশ্ববিদ্যালয়ৰ ছাত্ৰবিলাক ভাৰতবৰ্ষৰ সকলো ঠাইৰ ছাত্ৰৰ আদৰ্শ আছিল । সাতশ বছৰৰ ভিতৰত এজন ছাত্ৰৰো অশিষ্টাচাৰৰ কথা উল্লেখ নাই । দেশ-বিদেশৰ ছাত্ৰ আহি নালন্দা ভৰি পৰিছিল, কিন্ত তাৰ শিক্ষাৰ আদৰ্শ ইমান ওখ আছিল যে কম ছাত্ৰইহে তাত প্ৰৱেশ লাভ কৰিছিল । এই বিশ্ববিদ্যালয়ত যেতিয়া চীনদেশৰ পৰিব্ৰাজক য়ুয়ানচ্যাঙে যোগশাস্ত্ৰ পঢ়ে, তেতিয়া কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক এই দেশলৈ আহিবলৈ অনুৰোধ কৰি চিঠি লিখে  ।


     উদান্তপুৰৰ বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল; কিন্ত খ্ৰীষ্টিয় অষ্টম শতাব্দীতহে ই বিশেষ খ্যাতি লাভ কৰে । এই বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল,  যাক মুছলমানবিলাকে ১২০২ খ্ৰীষ্টাব্দত নষ্ট কৰিছিল । 


       বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয় খ্ৰীষ্টিয় অষ্টম শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে  । এই বিশ্ববিদ্যালয়ৰ তলত ছখন উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল । এই বিদ্যালয় ৪০০ বছৰৰ পাছত নষ্ট হয় । ছাত্ৰ থাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা চাৰিখন সত্র,  অৰ্থৎ ছাত্ৰাবাস আছিল; তাৰ ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল ।


      উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল,  তাত একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্ব সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলনক্ষেত্র আছিল । এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল । এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্ৰখ্যাত আছিল ।

 

৪/ অৰ্য শিক্ষক কলাদিদ্যা কিমানটা ? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ত আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল  ?


উত্তৰ :-
আৰ্যশিক্ষাৰ কলাবিদ্যা ৬৪ । প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ত তলত দিয়া ১১ বিভাগত আৰ্যশিক্ষাৰ কলাবিদ্যা প্ৰদান কৰা হৈছিল । সেইবোৰ হ'ল-- (১) সাহিত্য,  (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা,  (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা , (৫) হাতেৰে কাম কৰা বিদ্যা , (৬) শিল্প বিদ্যা,  (৭) বিজ্ঞান,  (৮) সংগীত বিদ্যা , (৯) নাট্য বিদ্যা (১০) শিষ্টাচাৰ বিদ্যা  , (১১) শাৰীৰিক ব্যাম বিদ্যালয়ৰ ।


৫/ আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা ।


উত্তৰ :-
আজিৰ শিক্ষাৰ তুলনাত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষা যথেষ্ট পিচপৰা থকা সত্ত্বেও সেই সময়ত শিক্ষাৰ্থীসকল কোনোগুণে কম নাছিল । নানা কালজয়ী তত্ত্ব আৰু বৈজ্ঞানিক তথা দাৰ্শনিক সিদ্ধান্ত আবিষ্কাৰ কৰি সমগ্ৰ বিশ্ববাসী তবক লগাইছিল । কিন্ত তাৰ তুলনাত বৰ্তমান ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা আৰু গৱেষণাৰ বাবে যিমানখিনি সুবিধা আৰু সম্পদ লাভ কৰে সেই অনুপাতে কিন্ত একো উল্লেখযোগ্য আবিষ্কাৰ বা সফলতা লাভ কৰা নাই ।


     আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল । আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুটাই তুলি অসৎ বৃত্তিবোৰক তুলি বা দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা । তাৰ তুলনাত বৰ্তমান যুগত সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱেই বৃত্তিমুখী হৈ পৰিছে । ফলত কোটি কোটি টকা খৰছ কৰি লাখে লাখে শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ পিছত এক স্বাধীন মগজু লৈ চিন্তা কৰিব পৰা গুণৰ অভাৱৰ ফলতেই নতুন তত্ত্ব আবিস্কাৰ সম্ভৱ হৈ উঠা নাই ।


৬/ চমুটোকা লিখা :


তক্ষশীলা বিশ্ববিদ্যালয়, বিক্ৰমশীলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয় ।


উত্তৰ :-
তক্ষশীলা বিশ্ববিদ্যালয় : তক্ষশীলা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে আছিল । এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাৰ ওঠৰবিধ শিক্ষা দিয়া হৈছিল । তাৰ ভাস্কৰ-বিদ্যা , চিত্ৰাংকণ , মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা-শিক্ষা দিয়া হৈছিল । ইয়াতে অত্রেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল । বুদ্ধদেৱৰ চিকিৎসক 'জীৱক' এই অত্রেয় মুনিৰ ছাত্ৰ আছিল । এই বিশ্ববিদ্যালয়তে জীৱক সাত বছৰ পঢ়িছিল আৰু পাণিনি আৰু চাণক্যও এই বিশ্ববিদ্যালয়ৰে ছাত্ৰ আছিল । এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেকট্ৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ পঢ়িছিল । যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হ'ল,  তেতিয়া চীন দেশৰ পৰাও বহুত ছাত্ৰ আহি পঢ়িছিল ।


     বিক্ৰমশীলা বিশ্ববিদ্যালয় : - বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ৰ সময়ত খ্ৰীষ্টিয় শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে । এই বিশ্ববিদ্যালয়ৰ তলত ছখন উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল । এই বিদ্যালয় ৪০০ বছৰ পাছত নষ্ট হয় । ছাত্ৰ থাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা চাৰিখন সত্র, আৰ্থাৎ ছাত্ৰাবাস আছিল; তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল । 


      নালন্দা বিশ্ববিদ্যালয় : - নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎস আৰু অংকশাস্ত্রৰ শিক্ষা দিয়া হৈছিল । এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে বৰ্তমান হৈছিল । এই বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে দহ হেজাৰ ছাত্ৰ আছিল । শীলভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল । ইয়াত কোনো খৰচ নোহোৱাকৈ শিক্ষাদান কৰিছিল আৰু ইয়াত ব্যাকৰণ, তৰ্কশাস্ত্ৰ,  চিকিৎসাশাস্ত্র , দৰ্শনশাস্ত্র আধ্যাত্মবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল । ইয়াৰ যিটো পুথিভঁৰাল আছিল সি ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আছিল । সেই পুথিভঁৰালটো ন-তলীয়া আছিল আৰু তাৰ নাম আছিল ৰত্নোদধি । শিক্ষাগাৰটোত এশটা কোঠালিত এশটা শ্ৰেণী বহিব পাৰিছিল । এই বিশ্ববিদ্যালয়ৰ ছাত্ৰবিলাক ভাৰতবৰ্ষৰ সকলো চাইৰ ছাত্ৰৰ আদৰ্শ আছিল । সাতশ বছৰৰ ভিতৰত এজন ছাত্ৰৰো অশিষ্টাচাৰৰ কথা উল্লেখ নাই । দেশ-বিদেশৰ ছাত্ৰ আহি নালন্দা ভৰি পৰিছিল , কিন্ত তাৰ শিক্ষাৰ আদৰ্শ ইমান ওখ আছিল যে কম ছাত্ৰইহে তাত প্ৰৱেশ লাভ কৰিছিল । এই বিশ্ববিদ্যালয়ত যেতিয়া চীনদেশৰ পৰিব্ৰাজক য়ুয়ানচ্যাঙে যোগশাস্ত্ৰ পঢ়ে, তেতিয়া আমাৰ দেশৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক এই দেশলৈ আহিবলৈ অনুৰোধ কৰি চিঠি লিখে ।


৭/ 'প্ৰাচীন ভাৰতীয় শিক্ষা' প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা ।


উত্তৰ :-
প্ৰচীন ভাৰতীয় শিক্ষা ব্যৱস্থাত আৰ্য শিক্ষা প্ৰদান কৰা হৈছিল, যাৰ মূলমন্ত্ৰ আছিল মোক্ষ । প্ৰত্যেক পুৰুষাৰ্থক চাৰিটা ভাগত ভাগ কৰা হৈছিল,  যেনে --- ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ । কৰ্ম, ভক্তি আৰু জ্ঞানৰ মাজেৰেহে মোক্ষ প্ৰাপ্তিৰ বিধান আৰ্য শিক্ষাত দিয়া হৈছিল । অৱশ্যে সৰ্বসাধাৰণ লোকৰ বাবে ধৰ্ম, অৰ্থ আৰু কাম --- এই তিনি বৰ্গৰ সাধনা বিধান কৰিছিল । কাৰণ মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰ স্বভাৱতে কম হ'ব । এই ভূল ধাৰণাটো প্ৰচলিত যে হিন্দুৰ শিক্ষা আছিল মানুহক সংসাৰ ত্যাগী বা সংসাৰী কৰা । ত্যাগ কাৰ্য শিক্ষাৰ চৰম উদ্দেশ্য আছিল যদিও প্ৰকৃত ত্যাগী হ'বলৈ অনাসক্ত ভোগহে প্ৰকৃত উপকৰণ । প্ৰাচীন ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত বহুকেইখন বিশ্ববিদ্যালয়ে প্ৰচুৰ অৰিহণা যোগাইছিল । প্ৰায় ছখন বিশ্ববিদ্যালয়ে প্ৰচীন ভাৰতীয় শিক্ষা প্ৰদান কাৰ্যত সক্ৰিয় আছিল । সেইবোৰ হৈছে --- তক্ষশীলা, শ্ৰীধান্যকট, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী ।


     আৰ্য শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়কেইখনৰ গুণগত মান বিশ্ব পৰ্যায়ৰ আছিল । আজিৰ শিক্ষাৰ তুলনাত সেই সময়ৰ শিক্ষা যথেষ্ট পিচপৰা থকা সত্ত্বেও সেই সময়ৰ শিক্ষাৰ্থীসকল কোনোগুণে কম নাছিল । নানা কালজয়ী তত্ত্ব আৰু বৈজ্ঞানিক তথা দাৰ্শনিক সিদ্ধান্ত আবিষ্কাৰ কৰি সমগ্ৰ বিশ্ববাসী তবক লগাইছিল । কিন্ত তাৰ তুলনাত বৰ্তমান ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা আৰু গৱেষণাৰ বাবে যিমানখিনি সুবিধা আৰু সম্পদ লাভ কৰে সেই অনুপাতে কিন্ত একো উল্লেখযোগ্য আবিষ্কাৰ বা সফলতা লাভ কৰা নাই ।


        ইয়াৰ উত্তৰ বিচাৰিলে পোৱা যায় যে আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল । আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ বৃত্তিবোৰক ফুটাই তুলি অসৎ বৃত্তিবোৰক তুলি বা দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা । তাৰ তুলনাত বৰ্তমান যুগত সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱেই বৃত্তিমুখী হৈ পৰিছে । ফলত কোটি কোটি টকা খৰচ কৰি লাখে লাখে শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ পিছতো এক স্বাধীন মগজু লৈ চিন্তা কৰিব পৰা গুণৰ অভাৱৰ ফলতেই নতুন তত্ত্ব আবিস্কাৰ সম্ভৱ হৈ উঠা নাই ।


ভাষা-বিষয়ক :


১/ বাক্য ৰচনা কৰা :


(ক) স্বাধীন চিন্তা (খ) জোতিষশাস্ত্র (গ) পোৰা মাটিৰ (ঘ) বাহিৰে-ভিতৰে ।


উত্তৰ :-
(ক) স্বাধীন চিন্তা :- স্বাধীন চিন্তাৰ দ্বাৰাইহে প্ৰকৃত সত্যৰ সন্ধান কৰাটো সম্ভৱ । 
(খ) জ্যোতিষশাস্ত্ৰ :- অতীজৰ কামৰূপ জ্যোতিষশাস্ত্ৰৰ বাবে প্ৰসিদ্ধ আছিল । 
(গ) পোৰা মাটি :- অতীজত মানুহে পোৰা  মাটিৰ গহনা পৰিধান কৰিছিল । 
(ঘ) বাহিৰে-ভিতৰে :- সভাগৃহৰ বাহিৰে-ভিতৰে প্ৰতিবাদৰ জোৱৰ উঠিছিল ।


২/ তলৰ শব্দকেইটাৰ সন্ধি ভাঙা :


শিক্ষাগাৰ ; বিদ্যালয় ; পুৰুষাৰ্থ ।


উত্তৰ :-
শিক্ষাগাৰ : শিক্ষা + আগৰ , বিদ্যালয় : বিদ্যা + আলয় ,
পুৰুষাৰ্থ :- পুৰুষ + অৰ্থ ।

অতি চমু প্ৰশ্নোত্তৰ            প্ৰতিটোত ১ নম্বৰকৈ

১/ আৰ্য-শিক্ষাৰ মূলমন্ত্ৰ কি ?


উত্তৰ :-
মোক্ষ লাভ ।


২/ আৰ্য-শিক্ষাই কিদৰে মোক্ষ লাভৰ বিধান কৰিছে ?


উত্তৰ :-
কৰ্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি ।


৩/ আৰ্য-শিক্ষাই কাক ত্যাগী বুলি ধৰিছিল ?


উত্তৰ :-
অনাসক্ত ভোগা ।


৪/ বুদ্ধদেৱৰ চিকিৎসক কোন আছিল ?


উত্তৰ :-
'জীৱক' 


৫/ 'জীৱক' কাৰ ছাত্ৰ আছিল ?


উত্তৰ :-
অত্রেয় মুনিৰ  ।


৬/ প্ৰাচীন ভাৰতত কেইখন বিশ্ববিদ্যালয় আছিল ?


উত্তৰ :-
ছখন ।


৭/ তক্ষশীলা বিশ্ববিদ্যালয় কোন শতিকালৈকে আছিল ?


উত্তৰ :-
খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে ।


৮/ শ্ৰীধান্যকটক বিশ্ববিদ্যালয়খন কোনখন নগৰৰ ওচৰত আছিল ?


উত্তৰ :-
অম্ৰাৱতী নগৰ ।


৯/ শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ত কি দুয়োবিধ শিক্ষা দিয়া হৈছিল ?


উত্তৰ :-
হিন্দু আৰু বৌদ্ধ শিক্ষা ।


১০/ শ্ৰীধান্যকটক বিশ্ববিদ্যালয় কিমান সময়লৈ বৰ্তমান আছিল ?


উত্তৰ :-
খ্ৰীষ্টপূৰ্ব এক শতিকালৈ ।


১১/ শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল ? [HSLC 2022]


উত্তৰ :-
নাগাৰ্জুন ।


১২/ প্ৰাচীন ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ পুথিভঁৰাল কোনটো আছিল ?


উত্তৰ :-
নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল ।


১৩/ নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল কিমান তলীয়া আছিল ?


উত্তৰ :-
ন-তলীয়া ।


১৪/ নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল ?


উত্তৰ :-
ৰত্নোদধি ।


১৫/ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষাগাৰটো কিমান বিশাল আছিল ?


উত্তৰ :-
এশটা কোঠালিত এশটা শ্ৰেণী বহিব পৰিছিল ।


১৬/ নালন্দা বিশ্ববিদ্যালয়ত চীনদেশৰ পৰিব্ৰাজক য়ুয়ানচ্যাঙৰ কি পঢ়িছিল ?


উত্তৰ :-
যোগশাস্ত্ৰ ।


১৭/ উদান্তপুৰৰ বিশ্ববিদ্যালয়ে কেতিয়া বিশেষ খ্যাতি লাভ কৰে ?


উত্তৰ :-
খ্ৰীষ্টিয় অষ্টম শতাব্দীত ।


১৮/ দেৱবিহাৰ বিশ্ববিদ্যালয়ৰ আনটো নাম কি আছিল ?


উত্তৰ :-
বিক্ৰমশীলা বিশ্ববিদ্যালয় ।


১৯/ চাণক্যৰ আন দুটি নাম কি আছিল ?


উত্তৰ :-
বিষ্ণুগুপ্ত আৰু কৌটিল্য ।


২০/ চাণক্য বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম কি ?


উত্তৰ :-
'অৰ্থশাস্ত্ৰ' ।


২১/ সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন আছিল ?


উত্তৰ :-
পাণিনি ।


২২/ পাণিনিৰ সংস্কৃত ব্যাকৰণখনৰ নাম 'অষ্টাধ্যায়ী' কিয় দিয়া হৈছিল ?


উত্তৰ :-
আঠটা অধ্যায়ত সম্পূৰ্ণ হোৱা বাবে ।


২৩/ তক্ষশীলা বিশ্ববিদ্যালয়ত কেইবিধ শিক্ষা দিয়া হৈছিল ?


উত্তৰ :-
তক্ষশীলা বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰবিধ শিক্ষ দিয়া হৈছিল ।


২৪/ তক্ষশীলা বিশ্ববিদ্যালয়ত কি কি বিদ্যা-শিক্ষা দিয়া হৈছিল ?


উত্তৰ :-
ভাস্কৰ-বইদ্যা, চিত্ৰাংকণ,  মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা-শিক্ষা ।


২৫/ তক্ষশীলা বিশ্ববিদ্যালয়ত অত্রেয় ঋষিয়ে কি শিক্ষা দিছিল ?


উত্তৰ :-
আয়ুৰ্বেদ শিক্ষা ।


২৬/ তক্ষশীল বিশ্ববিদ্যালয়ত জীৱকে কিমান বছৰ পঢ়িছিল ?


উত্তৰ :-
সাতাম বছৰ ।


২৭/ পাণিনি আৰু চানক্য কোনখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল ?


উত্তৰ :-
তক্ষশীলা বিশ্ববিদ্যালয়ৰ ।


২৮/ নালন্দা বিশ্ববিদ্যালয়ত কি কি শাস্ত্রৰ শিক্ষা দিয়া হৈছিল ?


উত্তৰ :-
বেদ, চিকিৎসা আৰু অংকশাস্ত্রৰ ।


২৯/ নালন্দা বিশ্ববিদ্যালয় কিমানৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে বৰ্তমান হৈছিল ?


উত্তৰ :-
খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈকে ।


৩০/ নালন্দা বিশ্ববিদ্যালয়ত সৰ্বমুঠ কিমান ছাত্ৰ আছিল ?


উত্তৰ :-
নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল ।


৩১/ নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল ?


উত্তৰ :-
শীলভদ্ৰ নামে এজন পণ্ডিত ।


৩২/ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষালাভৰ খৰচ কেনেকুৱা আছিল ?


উত্তৰ :-
নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰা হৈছিল ।


৩৩/ নালন্দা বিশ্ববিদ্যালয়ত কি কি বিষয়ৰ শিক্ষা দিয়া হৈছিল ?


উত্তৰ :-
ব্যকৰণ, তৰ্কশাস্ত্ৰ,  চিকিৎাশাস্ত্র, দৰ্শনশাস্ত্র আৰু আধ্যাত্মবিজ্ঞানৰ শিক্ষা ।


৩৪/ বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয় কোন ৰজাৰ ৰাজত্বত আছিল ?


উত্তৰ :-
খ্ৰীষ্টিয় অষ্টম শতাব্দীত ধৰ্মপাল ৰজাৰ ৰাজত্ব ।


৩৫/ বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ৰ তলত কিমানখন উচ্চ বিদ্যালয় আছিল ?


উত্তৰ :-
ছখন ।


৩৬/ বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ৰ তলত কিমানজন অধ্যাপক আছিল ?


উত্তৰ :- ১০৮ জন ।


৩৭/ বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয় কিমান বছৰ পাছত নষ্ট হয় ?


উত্তৰ :-
৪০০ বছৰ ।


৩৮/ উজ্জয়িনী বিশ্ববিদ্যালয়ত বিশেষকৈ কোন শাস্ত্রৰ শিক্ষা দিয়া হৈছিল ?


উত্তৰ :-
জ্যোতিষশাস্ত্ৰৰ ।


৩৯/ উজ্জয়িনী বিশ্ববিদ্যালয় কাৰ দিনত প্ৰখ্যাত আছিল ?


উত্তৰ :-
বুদ্ধদেৱ ।


৪০/ আৰ্যশিক্ষাৰ ৬৪ কলাবিদ্যা শিক্ষা বিশ্ববিদ্যালয় বিলাকত কিমানটা বিভাগত দিয়া হৈছিল ?


উত্তৰ :-
১১ টা ।


৪১/ হেমচন্দ্ৰ গোস্বামীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ?


উত্তৰ :-
১৮৭২ চনত গোলাঘাটৰ ওচৰৰ ঢেকিয়ালত ।


৪২/ হেমচন্দ্ৰ গোস্বামী কেতিয়া 'জোনাকী'ৰ সম্পাদক হৈছিল ?


উত্তৰ :-
অ, ভা, উ, সা, সভাৰ লগত জড়িত হৈ থকা কালতে ।


৪৩/ প্ৰথম অসমীয়া ছনেট কি ?


উত্তৰ :- 'প্ৰিয়তমাৰ চিঠি' ।


৪৪/ হেমচন্দ্ৰ গোস্বামীৰ কবিতা সংকলনখনৰ নাম কি ?


উত্তৰ :-
'ফুলৰ চাকি' ।


৪৫/ হেমচন্দ্ৰ গোস্বামীৰ কেতিয়া অসম সাহিত্য সভাৰ সভাপতি হিচাপে অধিষ্ঠিত হৈছিল ?


উত্তৰ :-
তেজপুৰ অধিৱেশনৰ (১৮২০) সভাপতি ।


৪৬/ হেমচন্দ্ৰ গোস্বামীৰ তত্ত্বাৱধানত কোনখন বিখ্যাত অসমীয়া অভিধান ছপা হয় ?


উত্তৰ :-
'হেমকোষ' ।


৪৭/ মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ  নাম কি আছিল ? [HSLC2022]


উত্তৰ :-
কৌটিল্য বা চাণক্য ।

চমু প্ৰশ্নোত্তৰ                প্ৰতিটোত ২/৩ নম্বৰকৈ 


১/ আৰ্য-শিক্ষাই মানুহৰ পুৰুষাৰ্থক কিমান ভাগত ভাগ কৰিছিল আৰু কি কি ?


উত্তৰ :-
আৰ্য-শিক্ষাই মানুহৰ পুৰুষাৰ্থক চাৰিটা ভাগত ভাগ কৰিছিল । সেয়া হৈছে --- ধৰ্ম,  অৰ্থ, কাম আৰু মোক্ষ ।


২/ নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটো কেনেকুৱা আছিল ?


উত্তৰ :-
নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটো ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আছিল । সেই পুথিভঁৰালটোৰ ন-তলীয়া আছিল আৰু তাৰ নাম আছিল ৰত্নোদধি ।

 
৩/ প্ৰাচীন ভাৰতত কি কি বিশ্ববিদ্যালয় আছিল ? [HSLC 2022]


উত্তৰ :-
তক্ষশীলা, শ্ৰীধান্যকট,  নালন্দা, উদান্তপুৰী, দেৱবিহাৰ (বা বিক্ৰমশীলা) আৰু উজ্জয়িনী বিশ্ববিদ্যালয় ।


৪/ উদান্তপুৰৰ বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰালটো কোনে আৰু কেতিয়া নষ্ট কৰিছিল ?


উত্তৰ :-
উদান্তপুৰৰ বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰালটো মুছলমবিলাকে ১২০২ খ্ৰীষ্টাব্দত নষ্ট কৰিছিল ।


৫/ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড কি ধৰনৰ আছিল ?


উত্তৰ :- দেশ-বিদেশৰ ছাত্ৰ আহি নালন্দা বিশ্ববিদ্যালয় ভৰি পৰিছিল,  কিন্ত তাৰ শিক্ষাৰ আদৰ্শ ইমান ওখ আছিল যে কম ছাত্ৰইহে তাত প্ৰৱেশ লাভ কৰিছিল ।


৬/ হেমচন্দ্ৰ গোস্বামীৰ উল্লেখযোগ্য ৰচনাসমূহ কি কি ?


উত্তৰ :- কথা-গীতা' , 'পুৰণি অসমৰ বুৰঞ্জী' , 'অসমীয়া সাহিত্যৰ' , 'কামৰত্মতন্ত্র' আদি ।


৭/ কেতিয়া তক্ষশীলা বিশ্ববিদ্যালয়লৈ চীন দেশৰ পৰা বহুত ছাত্ৰ আহি পঢ়িছিল ?


উত্তৰ :- তক্ষশীলা বিশ্ববিদ্যালয় যেতিয়া হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হ'ল, তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহুত ছাত্ৰ পঢ়িছিল ।


৮/ নালন্দা বিশ্ববিদ্যালয়ৰ সৈতে ভাস্কৰ বৰ্মাৰ সম্পৰ্ক থকাৰ প্ৰমাণ কিদৰে পোৱা যায় ?


উত্তৰ :- নালন্দাৰ বিহাৰ ঠাইখন আৰ্কিয়োলজিকেল ডিপাৰ্টমেন্ট খাদি চোৱাত ভাস্কৰ বৰ্মাৰ চিঠিৰ লগত যোৱা এটা পোৰা-মাটিৰ মোহৰ পোৱা গৈছিল ।


৯/ ছাত্ৰ থাকিবৰ নিমিত্তে বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ত কি ব্যৱস্থা আছিল ?


উত্তৰ :- ছাত্ৰ থাকিবৰ নিমিত্তে বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ৰ গাতে লগা চাৰিখন সত্র, অৰ্থাৎ ছাত্ৰাবাস আছিল, তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল ।


১০/ আজিকালি স্বাধীন চিন্তা কৰি নতুন তত্ত্ব বাহিৰ কৰিব পৰা ছাত্ৰৰ সংখ্যা বহুত কম--- ইয়াৰ কাৰণ কি ?


উত্তৰ :- যদিওৱা গৱৰ্নমেন্টে বছৰি কোটি কোটি টকা শিক্ষাৰ নিমিত্তে খৰচ কৰিছে আৰু যদিও লাখে লাখে ল'ৰাই শিক্ষা লাভ কৰিব লাগিছে, তথাপি আজিকালি স্বাধীন চিন্তা কৰি নতুন তত্ত্ব বাহিৰ কৰিব পৰা ছাত্ৰৰ সংখ্যা বহুত কম । এনে হ'বৰ প্ৰধান কাৰণ হৈছে আগৰ দিনত আজিকালিৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল ।


১১/ আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য কিধৰনৰ আছিল ?


উত্তৰ :-
আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবোৰক ফুটাই তুলি অসৎ বৃত্তিবোৰক দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা ।


১২/ আৰ্য-শিক্ষাই সৰ্বসাধাৰণ মানুহৰ নিমিত্তে কি কি বৰ্গৰ সাধনা বিধান কৰিছিল আৰু কিয় ?


উত্তৰ :-
মোক্ষক পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰ স্বভাৱতে কম হ'ব বুলি ভাবি আৰ্য-শিক্ষাই সৰ্বসাধাৰণ মানুহৰ নিমিত্তে ধৰ্ম,  অৰ্থ আৰু কাম এই তিনি বৰ্গৰ সাধনা বিধান কৰিছিল ।


১৩/ মোক্ষ শব্দৰ অৰ্থ লিখা ।


উত্তৰ :-
মোক্ষ শব্দৰ অৰ্থ হৈছে সান্ধনৰ পৰা ৰেহাই পোৱা অৱস্হা, অৰ্থাৎ নিৰ্বাণ, মুক্তি ।


১৪/ পুৰুষাৰ্থ কি ?


উত্তৰ :-
ধৰ্ম,  অৰ্থ,  কাম আৰু মোক্ষ--- পুৰুষৰ প্ৰয়োজনীয় এই চতুৰ্বৰ্গক পুৰুষাৰ্থ বোলা হয় ।


১৫/ পাণিনি কোন আছিল ?


উত্তৰ :-
পাণিনি আছিল সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা । এওঁৰ সংস্কৃত ব্যাকৰণখন আঠটা অধ্যায়ত সম্পূৰ্ণ বাবে নামো 'অষ্টাধ্যায়ী' । আদিৰ পৰা অন্তলৈকে ব্যাকৰণখনি সুত্ৰৰে বন্ধা ।


১৬/ চাণক্য কোন আছিল ?


উত্তৰ :-
চানক্য আছিল মোৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী । ৰাষ্ট বিজ্ঞানৰ এগৰাকী অতি বিচক্ষণ বুদ্ধিৰ লোক । এওঁৰ আন দুটি নাম বিষ্ণুগুপ্ত আৰু কৌটিল্য । 'অৰ্থশাস্ত্ৰ' হ'ল তেওঁৰ বিশ্ববিখ্যাত গ্ৰন্থ ।


১৭/ নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰছ নোলোৱাকৈ কি কি বিষয়ত শিক্ষা দিয়াৰ ব্যৱস্থা আছিল ? [HSLC 2022] 


উত্তৰ :-
বেদ, অংকশাস্ত্র, ব্যাকৰণ, তৰ্কশাস্ত্ৰ,  চিকিৎসাসাস্ত্র, দৰ্শনশাস্ত্র আৰু আধ্যাত্মবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল ।



ৰচনাধৰ্মী প্ৰশ্নোত্তৰ        প্ৰতিটোত ৪/৬ নম্বৰকৈ

১/ প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাত আৰ্য-শিক্ষাৰ গুৰুত্ব আৰু তাৎপৰ্য বহলাই লিখা ।


উত্তৰ :-
প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাত আৰ্য শিক্ষা প্ৰদান কৰা হৈছিল,  যাৰ মূলমন্ত্ৰ আছিল মোক্ষ । প্ৰত্যেক মানুহৰ পুৰুষাৰ্থক চাৰিটা ভাগত ভাগ কৰা হৈছিল,  যেনে--- ধৰ্ম,  অৰ্থ,  কাম আৰু মোক্ষ । কৰ্ম,  ভক্তি আৰু জ্ঞানৰ মাজেৰেহে মোক্ষ প্ৰাপ্তিৰ বিধান আৰ্য শিক্ষাত দিয়া হৈছিল । অৱশ্যে সৰ্বসাধাৰণ লোকৰ বাবে ধৰ্ম,  অৰ্থ আৰু কাম--- এই তিনি বৰ্গৰ সাধন কৰিছিল । কাৰণ মোক্ষক পৰম পুৰুষাৰ্থ বুলি ধৰিলেও তাৰ অধিকাৰ স্বভাৱতে কম হ'ব । এই ভূল ধাৰণাটো প্ৰচলিত যে হিন্দুৰ শিক্ষা আছিল মানুহক সংসাৰ ত্যাগী বা সংসাৰী কৰা । ত্যাগ কাৰ্য শিক্ষাৰ চৰম উদ্দেশ্য আছিল যদিও প্ৰকৃত ত্যাগী হ'বলৈ অনাসক্ত ভোগহে প্ৰকৃত উপকৰণ । প্ৰাচীন ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত বহুকেইখন বিশ্ববিদ্যালয়ে প্ৰচুৰ অৰিহণা যোগাইছিল । প্ৰায় ছখন বিশ্ববিদ্যালয়ে প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰদান কাৰ্যত সক্ৰিয় আছিল । সেইবোৰ হৈছে --- তক্ষশীলা, শ্ৰীধান্যকটক,  নালন্দ, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী ।


    আৰ্যশিক্ষাৰ কলাবিদ্যা ৬৪ টা । প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ত ১১ টা বিভাগত আৰ্যশিক্ষাৰ কলাবিদ্যা প্ৰদান কৰা হৈছিল । সেইবোৰ হ'ল--- (১) সাহিত্য,  (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্প বিদ্যা, (৭) বিজ্ঞান,  (৮) সংগীত বিদ্যা, (৯) নাট্য বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা, (১১) শাৰীৰিক ব্যাম বিদ্যালয়ৰ ।


২/ হেমচন্দ্ৰ গোস্বামীৰ এটি পৰিচয় দাঙি ধৰা ।


উত্তৰ :-
১৮৭২ চনত গোলাঘাটৰ ওচৰৰ ঢেকিয়ালত জন্ম । পিতৃ ডম্বৰুধৰ গোস্বামী । নগাঁৱত স্কুলীয়া শিক্ষা লৈ কলিকতাৰ প্ৰেছিডেন্সি কলেজত বি এ পৰ্যন্ত পঢ়ে । অসমত চৰকাৰী চাকৰী কৰি ই এ চি ৰূপে অৱসৰ লয় ১৯২৫ চনত । অ, ভা, উ, সা, সভাৰ লগত জড়িত হৈ থকা কালতে 'জোনাকী'ৰ সম্পাদক হৈছিল । এওঁৰ 'প্ৰিয়তমাৰ চিঠি' প্ৰথম অসমীয়া ছনেট । কবিতা সংকলন 'ফুলৰ চাকি' । 'কথা-গীতা', 'পুৰণি অসমৰ বুৰঞ্জী', 'অসমীয়া সাহিত্যৰ চানেকি' , 'কামৰত্নতন্ত্র' আদি উল্লেখযোগ্য ৰচনা । অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনৰ (১৯২০) সভাপতি । এওঁৰ বিশেষ যত্নত 'হেমকোষ' অসমীয়া অভিধান ছপা হয় ।


     অসমীয়া সাহিত্যত প্ৰত্নতাত্ত্বিক,  গৱেষক আৰু প্ৰাচীন পুথি সম্পাদনাৰ অন্যতম পথ প্ৰদৰ্শনৰূপে সুপৰিচিত । ১৯২৮ চনত মৃত্যু হয় ।


CLASS 1O ASSAMESE QUESTION ANSWER 
Group-A (বাধ্যতামূলক)
  পদ্যাংশ  
  ৫•
  গদ্যাংশ  
Group-B (বৈকল্পিক)
  পদ্যাংশ  
  গদ্যাংশ  
১৬•  প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ প্ৰশ্নোত্তৰ    
CLASS 1O GRAMMAR ANSWER 
CLASS 11 ASSAMESE QUESTION ANSWER 



Post a Comment

0 Comments