Class 10 Assamese lessons 1 | Answer বৰগীত পাঠটোৰ | প্ৰশ্নউম উওৰ বৰগীত class x (SEBA)

Class 10 Assamese chapter 1 questions answere / HSLC lesson 1 MCQ / class 10 SEBA Lesson 1 Assamese Medium Questions Answers 

Class 10 Assamese lessons 1 | Answer বৰগীত পাঠটোৰ  | প্ৰশ্ন উত্তৰ বৰগীত class x (SEBA)
অধ্যায়ঃ১

বৰগীত
---মাধৱদেৱ

প্ৰশ্ল ১/ চমুকৈ প্ৰশ্মোত্তৰ দিয়া :
ক) ....নেৰিবা বান্দ্বব মোক জীৱনে মৰণে ।'
--- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ? 


 উত্তৰ:- কবিয়ে জীৱনে- মৰণে নেৰিবৰ বাবে ভগৱান হৰি বা নাৰায়ণক অনুৰোধ কৰিছে ।


খ) সনক সনন্দ যোগী যাহাক ধিয়ায় ।
 --- সনক,  সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ।


 উত্তৰ:- সনক , সনন্দ যোগীসকলে ভগৱান হৰি বা নাৰায়ণক ধ্যান কৰে ।


গ) কবি কিহত আতুৰ হোৱা  বুলি কৈছে ? 


উত্তর:- কবি বিষয় - বাসনাত আতুৰ হোৱা বুলি কৈছে ।


ঘ) বৰগীতটি কোনে ৰচনা কৰা ?


উত্তৰ:- বৰগীতটো মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা ।


ঙ) বৰগীতটো কি ৰাগত বন্ধা আছে ।


উত্তৰ:'বৰগীতটো বসন্ত ৰাগত বন্ধা আছে ।


চ) কবিয়ে বান্ধব বুলি কাক সম্বোধন কৰিছে ?


উত্তৰ:- কবিয়ে বান্ধব বুলি ভগৱান হৰি তথা নাৰায়ণক সম্বোধন কৰিছে ।


ছ) মোহপাশ মানে কি ?


উত্তৰ:- মোহপাশ মানে মায়াৰ বান্ধন। 


২/ বৰগীতটিৰ মুলভাব লিখা ।


উত্তৰ:- মহাপুৰুষ মাধৱদেৱ বিৰচিত 'হৰোৰে বাপ পশিলো শৰণে ' শীৰ্ষক বৰগীতটো দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন।  বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটোত প্ৰকাশ পাইছে ।
   ভগৱানৰ ওচৰত শৰণ লোৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকূতি কৰিছে । যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে সমস্ত বেদে যাক বিচাৰি নাপায় , সমস্ত দুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নোৱাৰে , সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপৰাগ । বিষয় - বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি  ভগৱানৰ চৰণত শৰণ লৈছে । ভকতৰ ত্ৰাণকৰ্তা ভগৱান  । সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়া মোহৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্ৰাৰ্থনা কৰিছে ।
  ভগৱানৰ দাসৰূপত নিজকে প্ৰতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগবানক খাটিছে । নিজকে ভগবানৰ চৰণত সমৰ্পন কৰি এই সংসাৰৰ মায়াৰ বান্ধনৰ পৰা মুক্ত হ'বলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ মাজেৰে কবিৰ ভক্তিধৰ্মৰ প্ৰতি পৰাকাষ্ঠা প্ৰকাশ পাইছে ।


৩/ বৰগীতৰ ৰচকৰ চমু পৰিচয় দিয়া ।


উত্তৰ:- অসমৰ নৱ বৈষ্ণৱধৰ্ম প্ৰচাৰকসলৰ ভিতৰত মাধবদেৱ অন্যতম।  তেখেত মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য তথা একান্ত অনুগত আছিল।  তেখেতৰ জন্ম হৈছিল ১৪১১ শক অৰ্থাৎ ১৪৮৯ খ্ৰীঃত উওৰ লক্ষীমপুৰৰ নাৰায়ণপুত । তেখেতৰ পিতৃ লামকণা বা গোবিন্দাগিৰী ভূঞা , মাতৃ মনোৰমা । বৰ্তমান বাংলাদেশৰ বাণ্ডুকাত ৰাজেন্দ্ৰ অধ্যাপকৰ অধিনত মাধবদেৱে ব্যাকৰণ,  পুৰাণ,  তন্ত্ৰ আদি শাস্ত্ৰ অধ্যয়ন কৰে । ১৫২২ খ্ৰীষ্টাব্দত বেলগুৰি নামে ঠাইত শংকৰদেৱৰ সৈতে মাধৱদেৱৰ মিলন হয় । এই মিলনক গুৰু - শিষ্যৰ মণিকাঞ্চন সংযোগ ' বুলি কোৱা হয় । প্ৰথমৱস্থাত দুয়োৰে মাজত ধৰ্ম সম্পৰ্কে তৰ্কাতৰ্কি হয় । পাছত শংকৰদেৱে তৰুমূল শ্লোকৰ অৱতাৰণা কৰাত মাধৱদেৱে নিজৰ ভুল বুজি পায় আৰু তেওঁৰ ওচৰত শৰণ লৈয় । ধৰ্মত শৰণ লোৱাৰ পৰাই তেওঁ কেৱলীয়া জীৱন যাপন কৰে । আহোম ৰজাৰ ৰোষত পৰি ১৫৪৬ চনত তেওঁ ভটিয়াই কোচবিহাৰ পায়হি । তেওঁ বাৰাদী , গণকুছি , সুন্দৰীদিয়া , ভেলাডাঙ আদিত  ধৰ্মপ্ৰচাৰ কৰে । শংকৰদেৱৰ মৃত্যুৰ পাছত ১৫৬৮ চনত তেওঁ বৈষ্ণৱধৰ্মৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু সুন্দৰীদিয়াত থাকিবলৈ লয় । ১৫৬৯ খ্ৰীষ্টাব্দত তেখেতৰ মৃত্যু ঘটে ।


        নামঘোষা হৈছে মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ।  তেখেতৰ ৰচনাসমূহ আখ্যান মুলক ৰচনা , তত্ত্ব মূলক ৰচনা , অংকীয়া নাট আৰু গীত  


  -----এই দুই শ্ৰেণীত ভগাব পাৰি ।তেখেতৰ ৰচনাসমূহ---


আখ্যান মুলক ৰচনা --- ৰাজসূয় জ্ঞান,  আদিকাণ্ড ৰামায়ণ।  
তত্ত্বমূলক ৰচনা --- নামঘোষা , জন্ম ৰহস্য,  ভক্তি ৰত্নাৱলী , নাম মালিকা । অংকিয়া নাট --- চোৰ ধৰা , সমুহৰ উপৰিও অন্য কেইবাখনো গ্ৰন্থ তেওঁৰ 
দ্বাৰা ৰচিত বুলি কিছু সংখ্যক পণ্ডিতে দাবী কৰে ।



৪/ বাখ্যা কৰা 
ক) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা ।
  অধমে জানিবে কেনে তোমাৰ মহিমা ।


 উত্তৰ:- উদ্বৃত কবিতাংশ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত বৰগীতটিৰ পৰা তুলি নিয়া হৈছে ।


    ভগৱান মহিমা অসীম।  তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰক্ষ্মা আদি দেৱতাৰো অজ্ঞাত।  ভগবানৰ অনন্ত মহিমাৰ কথা সাধাৰণ ভক্তৰ বাবে যিগৰকী স্ৰষ্টাই অনন্ত ব্ৰক্ষাণ্ডৰ সৃষ্টি - স্থিতি - প্ৰলয়ৰ গৰাকী  অনন্ত শক্তিমান , সেইগৰাকী ভগবন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই।  ব্ৰহ্মা , মহেশ্বৰ প্ৰভৃতি দৈৱিক গুণসম্পন্ন মহৎ লোকৰ দৃষ্টিগোচৰ নোহোৱা ইশ্বৰৰ মহিমা সেয়ে মাধৱদেৱৰ দৰে ভক্তৰ দৃষ্টিৰ , বোধগম্যতাৰ বাহিৰত।  তেওঁৰ দৰে সাধাৰণ ভক্তৰ বাবে ভগৱানৰ মহিমা বুজাটো সেয়ে সহজ নহয় ।  


খ)আতুৰ ভৈলোহো হৰি বিষয় বিকলে। 
     কৰিয়ো উদ্বাৰ মোক চৰণ কমলে  ।।


উত্তৰ:- উদ্ধৃত কবিতাংশ মহাপূৰুষ মাধবদেৱৰ দ্বাৰা ৰচিত আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে ।


   মানুহৰ জন্মৰ লগে লগেই ছয় ৰিপু আৰু বিভিন্ন প্ৰাবৃত্তি সমূহেও জন্মলাভ কৰে । প্ৰবূওিসমূহ বংশানুক্ৰমিক আৰু বয়সৰ লগে লগে ই শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে   । কাম, ক্ৰোধ,  লোভ,  মোহ , মদ,  মাৎসৰ্য প্ৰভৃতি ৰিপুৰ তাড়নাই মানুহৰ বৈবাহিক বন্ধনৰ মূল কাৰণ।  এই ৰিপুসমূহৰ প্ৰৰোচনাত মানুহে নানা ধৰণৰ অপকৰ্মত লিপ্ত হৈ কাললৈ কুখ্যাতি ৰাখে, দুখ - বেদনাৰে ভাৰাক্ৰান্ত হয় । কবি নিজেও এনে বিষয় বন্ধনৰ পৰা মুক্ত হব পৰা নাই।  সেয়েহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে তেওঁৰ অভয় চৰণত স্হান দি কবিক বিষয় বন্ধনৰ পৰা মুক্ত কৰে । হৰিভক্তিয়েই দৰাচলতে মোৰ সাগৰৰ পৰা পৰিত্ৰাণ একমাএ উপায় । কবিয়ে সেয়ে ভগৱন্তৰ চৰনত ভক্তিভাৱে আত্মসমৰ্পণ কৰিছে ।


গ) তোমাৰ চৰণ চুই মোৰ ধন। 
     ভকত জনেৰ নিজ তুমিতো জীৱন। '


উত্তৰ:- উপৰি উক্ত বৰগীতৰ পংক্তিশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তগৰ্ত মহাপুৰুষ মাধৱদেৱ বিৰতিৰ বৰগীতটিৰ পৰা তুলি অনা হৈছে ।
    ইয়াত কবিয়ে তেওঁৰ আৰাধ্য জগতৰ পতি ভগৱানৰ চৰণ পদযুগলক মহাধন অৰ্থাৎ প্ৰাণৰো প্ৰাণ বুলি অভিহিত কৰিছে ।
   কবিৰ মানত চিপুজ্য চিৰনমস্য  অসীম নিৰাকাৰ সৰ্ব্বব্যাপ্ত ভগৱান জগতৰ নিয়ন্ত্ৰা, সৃষ্টি কৰোতা লালন-পালন কৰে । তেওঁৰ ইচ্ছা অবিহনে কোনোৱেই জন্মগ্ৰহণ নাইবা মৃত্যু হব নোৱাৰে । মুঠতে ভগৱানেই প্ৰত্যেকৰে জীৱন।  তেওঁৰ কৰুণা লাভৰ বাবে কবি অতিকে আতুৰ।  কবিৰ-জীৱটোও ভগৱানৰ দান। 


৫/ সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
   সকল নিগমে যাক বিচাৰি নাপায় ।' 
  ---ইয়াত কবিয়ে কি প্ৰসংগত,  কাৰ কাৰ বিষয়ে , কিয় এনেদৰে কৈছে চমুল
 লিখা ।


উত্তৰ:- ইয়াত কবিয়ে ভগৱানৰ কৃপা, কৰুণা লাভ কৰাটো যে এক দুৰূঢ় বিষয় সেই বিষয়ে ক'বলৈ বিচাৰিছে ।   


   কবিৰ মতে ভগৱানৰ কৃপা - কৰুণা লাভ কৰা ইমান সহজ নহয় । কিয়নো মহা মহা যোগীসকলে ধ্যান কৰিও ভগৱানৰ কৰূণা কিম্বা দৰ্শন পাবলৈ সক্ষম নহয় । পৰম কৰূণাময় ভগৱানক নিগম শাস্ত্রৰ যোগেদিও বিচাৰি নাপায় । তেনেস্থলত সাধাৰণ মনুষ্যই কিদৰে তেওঁক লাভ কৰিব। 


৬/ বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা ।


 উত্তৰ:- বৰগীতৰ কেতবোৰ সুকীয়া সুকীয়া লক্ষণ আছে , যাৰবাবে এই গীত আন গীতৰ পৰা পৃথক। 
বৰগীতৰ কেতবোৰ লক্ষণ হল----


ক) বৰগীতবোৰ ৰাগ-তালযুক্ত শাস্ত্রীয় গীত ।


খ) বৰগীত কৃত্রিম ব্ৰজাৱলী ভাষাত ৰচিত। গ) মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতকহে বৰগীত আখ্যা দিয়া হয় ।


ঘ) ভক্তিৰস প্ৰকাশক বৰগীতবোৰত দাস্য,  সখ্য , বাৎসল্য,  শান্ত  - ৰসৰো প্ৰকাশ ঘটিছে ।


৭/ তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ।
   নপাৱন্ত,  কনে , ভৈলোহো , তুমিসে জনেৰ , কহয় ।


উত্তৰ:- নপাৱন্ত---------নোৱাৰে ।
           কেনে   --------- কেনেকৈ ।
           ভৈলোহো-------- হলো ।
           তুমিসে    --------তুমিহে ।
           জনেৰ    ----------জনৰ ।
           কহয়     ----------- কয় ।


৮/ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা  ।


 উত্তৰ:- ব্ৰজাৱলী ভাষা একপ্ৰকাৰ কৃত্রিম উপভাষা । এই ভাষাৰ মূল ভটি মৈথেলী তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ অন্য ভাষাৰ সংমিশ্ৰণ হৈ ই এক স্বতন্ত্ৰ ৰূপ লাভ কৰিছে ।
   ব্ৰজাৱলী ভাষাৰ কেইটামান বৈশিষ্ট্য তলত উল্লেখ কৰা হল------


 ১/ ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্রিম উপভাষাৰ। 


 ২/ ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথেলী ।


 ৩/ ব্ৰজাৱলী ভাষাৰ মৈথেলীৰ লগত ভোজপুৰী , নোৱাৰি আৰু কষৰিয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণ হয় ।


 ৪/ ব্ৰজাৱলী ভাষা শ্ৰুতিমধুৰ।  প্ৰচুৰ প্ৰয়োগে ইয়াক শ্ৰুতিমধুৰ কৰাৰ লগতে বিশেষ মাত্রা প্ৰদান কৰিছে ।


৯/ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান কি ?


 উত্তৰ:- মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰী ।


১০/ মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কি ?


উত্তৰ:- মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষ
। 
১১/ মাধৱদেৱৰ বাকী চাৰিখনক কি বুলি কোৱা হয় ?


উত্তৰ:- ঝুমুৰা । 


১২/ মহাপুৰুষজনাৰ সৃষ্টি ভটিমা বিধৰ নাম কি ?


উত্তৰ:- গুৰুভটিমা 


১৩/ বিল্মিকী কৃত ৰামায়ণ'ৰ কোনটো কাণ্ড মাধৱদেৱে গুৰুৰ আদেশৰ্মে অনুবাদ কৰে ?


উত্তৰ:- আদি কাণ্ড ।


১৪/ মাধৱদেৱৰ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিল?
উত্তৰ:- শংকৰদেৱ ।


১৫/ মাধৱদেৱে কোন কোন অঞ্চলত থাকি ধৰ্ম প্ৰচাৰ কৰে ?


উত্তৰ:- বাৰাদি , বৰপেটা , সুন্দৰীদিয়া , ভেলাডাঙ ।


১৬/ মাধৱদেৱে ক'ত সত্র স্থাপন কৰে ?


উত্তৰ:- বৰপেটাত। 


১৭/ কোঁচৰজা ৰঘুদেৱে কাৰ প্ৰৰোচনাত মাধৱদেৱক ক'লৈ স্থানান্তৰিত কৰে ?


 উত্তৰ:- কোঁচৰজা ৰঘূদেৱে ধৰ্ম বিদ্বেষীৰ প্ৰৰোচনাত মাধৱদেৱক হাজোলৈ স্থানান্তৰিত কৰে ।


১৮/ হাজোৰ পৰা মহাপূৰুষ মাধবদেৱৰ কলৈ যায় ? 


উত্তৰ:-  লক্ষ্মীনাৰায়ণ ৰাজধানী কোচবিহাৰলৈ । 


১৯ / লক্ষ্মীনাৰায়ণ মহাপুৰুষজনাক ক'ত থকাৰ ব্যৱহাৰ কৰি দিয়ে ?


উত্তৰ:- ভেলামধুপুৰত ।


২১/ মাধৱদেৱৰ একমাত্ৰ অংকীয় নাটৰ নাম কি ?


উত্তৰ:- অৰ্জুন ' ভঞ্জন ' বা ' দধি মথন ' ।


২২/ মাধৱদেৱ বিৰচিত কাব্যখনৰ নাম কি ?


উত্তৰ:- ৰাজসূয় কাব্য ।


২৩/ নামঘোষাক আন কি নামেৰে জনা যায় ?


উত্তৰ:- ' হেজাৰী ঘোষা ', মহাপ্ৰস্থানিক গীত ।


২৪/ মাধৱদেৱৰ সাহিত্যক জীৱনৰ সৰ্বোচ্চ দান কি ?


উত্তৰ:- নামঘোষা । 


২৫/  বৰগীতটিৰ যোগেদি কবিয়ে কি ক'ব বিচাৰিছে লিখা ।


উত্তৰ:- ভগৱানৰ চৰণ কমলত সেৱা জনাইছে , জাতে এই পৃথিবীত তেওঁক ভগৱানে কৰুণা কৰে ।


২৬/ সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা ।
     অধমে জানিব কনে তোমাৰ মহিমা ।।
----ইয়াত অধম বুলি কাৰ কথা কোৱা হৈছ ।


 উত্তৰ:- ইয়াত অধম বুলি প্ৰাৰ্থনাকাৰী কবিয়ে নিজৰ কথা কোৱা হৈছে ।

২৭/ ব্ৰজাৱলী ভাষাৰ ওপৰত এটি টোকা লিখা ।


উত্তৰ:- ব্ৰজাৱলী ভাষা একপ্ৰকাৰ কৃত্রিম সাহিত্যক ভাষা ।শংকৰদেৱৰ সময়ত অসম,  বংঙ্গ আৰু উৰিষ্যাত এটা কৃত্রিম উপভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল।  এই সাহিত্যক ভাষাক ব্ৰজবুলি , ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয় ।
পশ্চিম হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই । ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী । তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে । ব্ৰজাৱলী ভাষাটো এহতে শক্তিশালী আৰু প্ৰচুৰ স্বৰধবনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। 


২২/ বৰগীতৰ লক্ষণ সমূহ কি কি ?


উত্তৰ:- বৰগীতৰ লক্ষণ সমূহ হল---
১/ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত। 
২/ বৰগীতৰ ভাষা ব্ৰজাৱলী ।
৩/ বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক ।
৪/ শংকৰ- মাধৱে লিখা গীতসমূহকে বৰগীত বোলা হয় । নামধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্য বৰগীতসমূহ ৰচিত ।
৫/ বৰগীতসমূহ মুলত : ভক্তিৰস প্ৰধান যদিও তাত দাস্য,  শাস্ত, বাৎসল্য আদি ৰসৰো সমাবেশ ঘটিছে ।
৬/ মাধবদেৱৰ বৰগীতসমূহ শিশুকৃষ্ণৰ লীলা বিষয়ক । অসমীয়া সমাজৰ ঘৰুৱা পৰিবেশৰ চিত্ৰ একোখনি ইয়াত চিত্ৰিত হৈছে ।


২৯/ কবিয়ে ভগৱানক পাবৰ বাবে কেনেদৰে আৰাধনা কৰিছে চমুকৈ লিখা ?


উত্তৰ:- মহাপুৰুষ মাধৱদেৱ ৰচিত  বৰগীতটিৰ জৰিয়তে কবি গৰাকীয়ে ভগৱানৰ চৰণ সেৱা জনাইছে যাতে এই পৃথিবীত তেওঁক ভগৱানে কৰুণা কৰে ।
    কবিয়ে ভগৱানক কাকূতি - মিনতি কৰি কৈছে যে তেওঁক যেন আজীৱন দয়া - কৰুণা কৰে । কবিৰ মতে সাধাৰন মানুহে ভগৱানৰ কৃপা - কৰুণা লাভ কৰাতো ইমান সহজসাধ্য নহয় । কিয়নো মহা মহা যোগীসকলে ধ্যান কৰিও ভগৱানৰ দৰ্শন পাবলৈ সক্ষম পহয় । পৰম কৰুণাময় ভগৱানক নিগম শাস্ত্রৰ যোগেদিও বিচাৰি নাপায় । অসীম অনন্তৰূপী ভগৱানৰ কোনো সীমা নাই । বিষয় বাসনাত আতুৰ কবিয়ে তেওঁৰ মহিমা নাপায় । তেনেস্থলত তেনেই নিঃকিন কবিয়ে নিজৰ মনত বাহ লোৱা সাংসাৰিক মায়া মোহৰ পৰা আঁতৰাই ভগৱানৰ যাতে চৰণ যুগলত ঠাই দিয়ে তাৰেই প্ৰাৰ্থনা কৰি প্ৰণিপাত জনাইছে ।


পাঠভিত্তিক প্ৰশ্নোত্তৰ সমূহ অধিক ছাবৰ বাবে তলৰ লিংক সমূহ নিৰ্বাচন কৰক  । প্ৰশ্নোত্তৰ সমূহ পঢ়ি আপোনাৰ মনোভাৱ কেনে হৈছে কমেন্ট কৰি জনাওক  ।

CLASS 1O ASSAMESE QUESTION ANSWER 
Group-A (বাধ্যতামূলক) 
  পদ্যাংশ  
  ১• বৰগীত
 ৫• 
  গদ্যাংশ  
 ৬• উদ্যোগী হওঁ আহাঁ পাঠটোৰ প্ৰশ্নোত্তৰ🔎   
 Group B-বৈকল্পিক
  পদ্যাংশ  
  গদ্যাংশ  
CLASS 1O GRAMMAR MCQ 
CLASS 1O ENGLISH ANSWER 

CLASS 11 ASSAMESE QUESTION ANSWER 

Post a Comment

0 Comments