ছন্দ class 10

দশম শ্ৰেণীৰ ছন্দ

প্ৰশ্ন ১/ ছন্দ কাক বোলে ? ইয়াক কেই ভাগত ভগোৱা হৈছে আৰু কি কি ? ছন্দৰ এটি উদাহৰণ দিয় ।


উত্তৰ :-
শব্দৰ বিন্যাসৰ প্ৰকাৰৰ ফলত ওপজা সৌন্দৰ্যকে ছন্দ বোলা হয় । অৰ্থাৎ কথনভংগীৰ লয় আৰু তাৰ মাজৰ হ্ৰস্ব-দীৰ্ঘ বিৰাম বা যতিয়ে যি শ্ৰুতিমধুৰ ধ্বনিতৰংগ সৃষ্টি কৰে তাকেই ছন্দ বোলে ।


    ছন্দক প্ৰধানকৈ দুই ভাগত ভগোৱা হৈছে --- মিত্ৰাক্ষৰ ছন্দ আৰু অমিত্ৰাক্ষৰ ছন্দ ।
উদাহৰণ :- 


     'মইতোনহওঁ                ৰজনী গন্ধা 


                 ৰাতিতে মৰহি যোৱা, 


     মই যে পদুম               ফুলো নিতে নিতে


                 নিতৌ দেখিবা পুৱা ।'


প্ৰশ্ন ২/ ছন্দৰ এটি সংজ্ঞা দিয়া ।


উত্তৰ :-
মানুহৰ অন্তৰত উদয় হোৱা ভাব-অনুভূতি আদিক লয়যুক্ত শব্দ বিন্যাসেৰে প্ৰকাশ কৰিব পৰা পদ্ধতিকে ছন্দ বোলে । বিভিন্ন ছন্দসজ্জাত প্ৰকাশিত ভাব-অনুভূতি আদিয়ে শ্ৰোতা নাইবা পাঠকৰ মনত অপূৰ্ব আলোড়নৰ সৃষ্টি কৰিব পাৰে । অন্য কথাত সুসংহত আৰু সুনিয়ন্ত্রিত মাধুৰ্যপূৰ্ণ স্পন্দনময় ধ্বনি প্ৰৱাহৰ বৈচিত্ৰময় বিন্যাসেই ছন্দ ।


     উদাহৰণস্বৰূপে ---- পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান । 


                 ফল-ফুল ভৰি জকমক কৰি আছে যত বৃক্ষমান ।


     এই পদফাঁকিত উপস্থিত শব্দসমূহ একোটা নিৰ্দিষ্ট বিৰতিৰ নিয়ন্ত্ৰিত হোৱা কাৰণে ইয়াৰ ৰচনা লালিত্য আৰু অৰ্থব্যঞ্জনা দুয়োটাই প্ৰকাশিত হৈছে । এনেদৰে ছন্দসজ্জাৰে প্ৰকাশিত হৈ ই পাঠকৰ মনত অপূৰ্ব আনন্দৰ সৃষ্টি কৰিছে ।


    মূলত : ছন্দ মানুহৰ ভাব-অনুভূতি প্ৰকাশৰ এটা উৎকৃষ্ট গুণ বুলি ক'ব পাৰি ।


৩/ মিত্ৰাক্ষৰ ছন্দ কাক বোলে ? উদাহৰণ দিয়া ।


উত্তৰ :-
সাধাৰণতে পদ্যৰ দুটা চৰণৰ শেষ আখৰৰ মিল থকা ছন্দক মিত্ৰাক্ষৰ ছন্দ বোলে ।মিত্ৰাক্ষৰ ছন্দ সজাৰ এটা বিশেষ শ্ৰেণী । পদ বা পয়াৰ, দুলড়ি, ছবি, লেছাৰি ঝুমুৰি,  কুসুম মালা আদি সকলো ছন্দ মিত্ৰাক্ষৰ ছন্দৰ অন্তভূৰ্ক্ত ।
উদাহৰণ :- 


               কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ ।


                শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰ ।।


৪/ চমুটোকা লিখা :


(ক) পয়াৰ, (খ) দুলড়ী,  (গ) যতি ,


(ঘ) চৰণ, (ঙ) ছবি [HSLC 2016], (চ) ঝুমুৰা, 


(ছ) ছন্দ, (জ) স্তৱক, (ঝ) মাত্ৰা, (ঞ) পৰ্ব, ।


উত্তৰ :- (ক) পয়াৰ
:- পয়াৰ ছন্দত দুটাকৈ শাৰী বা চৰন থাকে । প্ৰত্যেক শাৰীত চৈধ্যটাকৈ মুঠতে ২৮ টা আখৰ থাকে । প্ৰতি শাৰীৰ প্ৰথম পৰ্বত ৮ টা আৰু দ্বিতীয় পৰ্বত ৬ টা আখৰ থাকে । প্ৰতি পৰ্বৰ শেষত যতি পৰে । যেনে ---


        প্ৰথমে প্ৰণামো ব্ৰহ্ম / ৰূপী সনাতন ।


        সৰ্ব অৱতাৰৰ কা / ৰণ নাৰায়ণ ।।


(খ) দুলড়ী :- এই ছন্দত একোটা স্তৱকত প্ৰথমডোখৰত তিনিটা আৰু পিছৰ ডোখৰত তিনিটাকৈ ৬ টা চৰণ থাকে । ১ম, ২য়, ৪ৰ্থ আৰু পঞ্চম চৰণত ৬  টা আৰু ৩য় আৰু ৬ষ্ঠ চৰণত ৮ টাকৈ মুঠতে ৪০ টা আখৰ থাকে । ৩ আৰু ৬ চৰণৰ শেষ আখৰৰ মিল থাকে আৰু দুয়ো চৰণৰ শেষত যতি পৰে । ইয়াৰ ছন্দ সংগতি এনে ধৰণৰ  ---- ৬+৬+৮ ।


উদাহৰণ :-     শুৱনি আমাৰ               গাওঁখনি অতি


                                  শুৱনি গছেৰে ভৰা ।


                      ডাল ভৰি ভৰি            ফল ফুল লাগে


                                  কত পাওঁ তলসৰা ।


(গ) যতি :- পঢ়াৰ সময়ত য'ত নিশ্বাস ৰৈ যায় তাক যতি বোলে ।
  যেনে :-- 


              প্ৰথমে প্ৰণামো ব্ৰহ্ম / ৰূপী সনাতন ।


              সৰ্ব অৱতাৰৰ কা / ৰণ নাৰায়ণ  ।।


(ঘ) চৰণ :- পদ্য বা কবিতাৰ শাৰীৰ একোটা ভাগক চৰণ বোলা হয় । যেনে ---


               নিচিনো তোমাক              ক'ত আছা প্ৰভু 


                              আমি অতি সৰু ল'ৰা ।


ইয়াত 'নিচিনো তোমাক' 'ক'ত আছা প্ৰভু' এই সকলোবোৰ একো একোটা চৰণ ।


(ঙ) ছবি :- ছবি ছন্দ দুলড়ীৰ দৰে, দুইশাৰীত পূৰ্ণ হয় । ১ম, ২য়, ৩য়, ৪ৰ্থ চৰণত ৮ টাকৈ আৰু ৩য় আৰু ৬ষ্ঠ চৰণত ১০ টাকৈ মুঠতে ৫২ টা আখৰ থাকে । ৩ য় আৰু ৬ ষ্ঠ চৰণৰ শেষ আখৰৰ মিল থাকে আৰু দুয়ো চৰণৰ শেষত যতি পৰে । ইয়াৰ ছন্দ সংযুতি এনে ধৰণৰ -- ৮+৮+১০ । উদাহৰণ :- 


       তুঁমি চিও বৃত্তি মোৰ              প্ৰৱৰ্তক নাৰায়ণ


                          তুমি নাথ মই নাথৱন্ত ।


       চৰণ ছত্ৰৰ ছাঁয়া                   দিয়া দূৰ কৰা মায়া 


                           কৰা দয়া প্ৰভু ভগৱন্ত ।।


(চ) ঝুমুৰা :- ঝুমুৰা ছন্দত প্ৰতি শাৰীত আঠটাকৈ মুঠতে ১৬ টা আখৰ থাকে । দুয়ো চৰণৰে শেষ আখৰৰ মিল থাকে আৰু শেষত যতি পৰে । ঘাইকৈ আদিৰ বৰ্ণনাত এই ছন্দৰ ব্যৱহাৰ হয় ।


   যেনে :- পদ্ম যেন / ৰজনীত 


                                 সবে ভৈলা / সঙ্কুচিত ।


(ছ) ছন্দ :- শুনিবলৈ শুৱলা হোৱাকৈ সমান সংখ্যক আখৰেৰে লিখা লয়যুক্ত বাক্যই হ'ল ছন্দ । 
উদাহৰণ :-


          'মইতোনহওঁ                    ৰজনী গন্ধা 


                        ৰাতিতে মৰহি যোৱা,


          মই যে পদুম                   ফুলো নিতে নিতে 


                        নিতৌ দেখিবা পুৱা ।'


(জ) স্তৱক : কবিতাৰ একো একোটা ভাগক স্তৱক বোলা হয় । যেনে ----


      মইতোনহওঁ               ৰজনী গন্ধা


                 ৰাতিতে মৰহি যোৱা,


       মই যে পদুম            ফোলো নিতে  নিতে 


                 নিতৌ দেখিবা পুৱা ।


(ঝ) মাত্ৰা : ধ্বনিৰ দৈৰ্ঘ্য অৰ্থাৎ উচ্চাৰিত ধ্বনিৰ যি উচ্চাৰণ কাল তাকেই মাত্ৰা বোলা হয় ।


   যেনে :-  সোণৰ হৰিণাতইক'ত দেখিলি ।


                ছাঁজুইৰ পোহৰত ধন লেখিলি ।


    আমাৰ ভাষাত হ্ৰস্ব আৰু দীৰ্ঘ স্বৰৰ উচ্চাৰণ থকা বাবে মাত্ৰাৰ ব্যৱহাৰো নাই । মাত্র গীততহে সমান্য পৰিমাণে ব্যৱহাৰ হয় ।


(ঞ) পৰ্ব :- যতিৰ দ্বাৰা বিভিন্ন ধ্বনি প্ৰবাহৰ অংশবোৰক পৰ্ব বোলে । পৰ্ব সামগ্ৰীৰ ছন্দ হিল্লোলৰ একো একোটি তৰংগ বিশেষ । ছন্দিক লয়ৰ ক্ষেত্ৰত সেয়ে পৰ্বই মূল আধাৰ । 
যেনে :- চিনবোৰে পৰ্ব বুজাইছে ।


      হাতো নেমেলিবি ।                    ফোলো নিচিঙিবি ।


              কৰে নাৱৰীয়া তই; ।


     মানুহে ফুলৰ ।                          কিজানে আদৰ ।


              তেজীমলাহে মই ।।


     পৰ্ববোৰ কি মন কৰিলে দেখা যায় এইবোৰ বিৰামহীন ধ্বনি প্ৰবাহ নহয় । তাতো মাজে মাজে সূক্ষ্ম বিৰতিৰ অৱকাশ আছে । এনে সূক্ষ্ম বিৰতিতে বিভাজিত পৰ্বৰ অংশক অনুপৰ্ব বোলে ।


৫/ 'পয়াৰ'ৰ সূত্ৰ লিখি উদাহৰণ দিয়া ।


উত্তৰ :-
'পয়াৰ' ছন্দত দুটাকৈ শাৰী বা চৰণ থাকে । প্ৰতি সাৰীত চৈধ্যটাকৈ মুঠতে আঠাইশটা আখৰ থাকে । প্ৰতি শাৰীৰে প্ৰথম ডোখৰত আঠটা আৰু শেষৰ ডোখৰত ৬ টাকৈ আখৰ থাকে আৰু প্ৰতি পৰ্বৰ শেষত যতি পৰে । 


উদাহৰণ :- 


             জিলিকা পাখিৰে হাঁহে / ৰবিৰ কিৰণ ।


             জিলিকা পখিলা নাচি / ফুৰে অগণন ।।


৬/ 'দুলড়ী' ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া ।


উত্তৰ :-
দুলড়ী ছন্দত একোটা স্তৱকত প্ৰথম ডোখৰত তিনিটা আৰু পিছৰ ডোখৰত তিনিটাকৈ চৰণ থাকে । ১ম, ২য়, ৪ৰ্থ, আৰু ৫ম চৰণত ৬ টাকৈ আৰু ৩য় আৰু ৬ ষ্ঠ চৰণত আঠটাকৈ মুঠতে চল্লিশটা আখৰ থাকে । দুইচৰণত যতি পৰে আৰু ৩ য় আৰু ৬ষ্ঠ চৰণৰ শেষ আখৰৰ মিল থাকে । ইয়াৰ ছন্দ সংগতি এনেধৰণৰ ---- ৬+৬+৮ । 


     উদাহৰণ :-


                 পাছে ত্ৰিনয়ন                  দিব্য উপবন 


                               দেখিলন্ত বিদ্যামান ।


                 ফল ফুল ভৰি                 জকমক কৰি


                               আছে যত বৃক্ষমান ।


৭/ মিত্ৰাক্ষৰ আৰু অমিত্ৰাক্ষৰ ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া ।


উত্তৰ :-
মিত্ৰাক্ষৰ ছন্দ :- যি ছন্দযুক্ত বাক্যৰ প্ৰথম শাৰীৰ শেষ আখৰৰ লগত দ্বিতীয় শাৰীৰ শেষ আখৰৰ মিল থাকে অৰ্থাৎ যিবোৰ ছন্দযুক্ত বাক্যৰ শেষ আখৰৰ মিল থাকে তাকে মিত্ৰাক্ষৰ ছন্দ বোলে ।
যেনে :- 


         ৰঙা মুখে ৰঙা বেলি মাগিলে বিদায় 
        দেখা দিয়ে নিমিষতে সন্ধিয়া লুকায় ।   (প্ৰতিমা)


অমিত্ৰাক্ষৰ ছন্দ :- যিবোৰ ছন্দযুক্ত বাক্যৰ শেষ আখৰৰ মিল নাথাকে তাক অমিত্ৰাক্ষৰ ছন্দ বোলা হয় ।
যেনে :- 


               লক্ষণ সীতা সহ পিতৃ সত্য পালি,


       তপস্বীৰ আহাৰ, যেনে ছিল বনবাসে ।  


(সীতাহৰণ কাব্য)


৮/ তলৰ কবিতাফাঁকিৰ ছন্দ নিৰ্ণয় কৰি সূত্ৰ লিখা ।


                  দিনেক যশোদা নন্দজায়া ।


                  আপুনি মথন্ত দধি গৈয়া ।।


উত্তৰ :-
উদ্ধৃত কবিতাফাঁকিৰ হ্ৰস্ব ঝুনা বা দিগাক্ষৰী ছন্দত লিখা । এই ছন্দত প্ৰতি চৰণত দহটাকৈ আখৰ থাকে আৰু প্ৰতি চৰণৰ শেষত যতি পৰে ।


৯/ ঝুমুৰা ছন্দৰ এটি উদাহৰণ দিয়া ।


উত্তৰ :-
ঝুমুৰা ছন্দৰ এটি উদাহৰণ :- 


                 হেন শুনি / জাম্বৱন্ত ।।


                                  ধাইলা মহা / বলৱন্ত ।।



CLASS 10 ASSAMESE QUESTION ANSWER 
Group-A (বাধ্যতামূলক)
  পদ্যাংশ  
৫•
  গদ্যাংশ  
Group-B (বৈকল্পিক)
  পদ্যাংশ  
CLASS 10 ASSAMESE GRAMMAR MCQ 
ছন্দ প্ৰশ্ন উত্তৰ  
CLASS 11 ASSAMESE QUESTION ANSWER 


Post a Comment

0 Comments