বিষাদ যোগ ----শ্রী ভট্টদেৱ

প্ৰশ্ন ১/ চমু উত্তৰ দিয়া :
ক) মহাৰথী কাক বোলে ?
উত্তৰ:- যি এখন ৰথেৰে দহ হেজাৰ ৰথীৰ লগত যুদ্ধ কৰে তেওঁক মহাৰথী বোলে ।
খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা ।
উত্তৰ:- কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হল - গুৰ দ্ৰোণ , পিতামহ ভীষ্ম , মহাৰথী কৰ্ণ , কৃপ , অশ্বত্থামা , বিকৰ্ণ , সোমদওৰ পুএ ভুৰিশ্রবা আদি ।
গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰনবাদ্যৰ মহাশব্দ হৈছিল ?
উত্তৰ:- সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি যুদ্ধস্হলীত শংঙ্খ, ভেৰি , পবন , আনক , গোমুখ আদি ৰণবাদ্য বাজি উঠি মহাশব্দ হৈছিল ।
ঘ) আততায়ী কাক বোলে ?
উত্তৰ:- আনক বিষ খুৱাই মাৰিব বিচৰা জুই লগাই দিয়া , সৰ্বস্ব হৰণ কৰা , ৰাজভাৰ কাঢ়ি লোৱা, ভাষাৰ অপকাৰ কৰা , অস্ত্ৰ লৈ যুঁজা - এই ছয় দোষত দোষীজনক আততায়ী বোলে ।
ঙ) কুলক্ষয় দোষ কি ?
উত্তৰ:- যিয়ে বংশৰ ধ্বংস কৰে অৰ্থাৎ যি দোষে বংশ এটা লঘু কৰে সেয়াই কুলক্ষয় দোষ । বন্ধু , আত্মীয়ক বধ কৰাতো কুলক্ষয় দোষৰ ভিতৰুৱা ।
প্ৰশ্ন ২/ তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষযে লিখা ।
উত্তৰ:- পাণ্ডৱ আৰু কৌৰ বংশৰ -লোকসকলে যুদ্ধৰ মানসেৰে কুৰুক্ষেত্ৰত মিলিত হ'ল । পাণ্ডৱসকলে ৰণৰ নিমিত্তে কৌশল সহকাৰে বেহু সাজি বিস্তৰ সেনা ৰাখি থৈছে । পাণ্ডৱসকলৰ পক্ষে থিয় হোৱা বীৰসকল হ'ল --- সাত্যকী, বীৰাট , চেকিতান , কালৰাজ , ৰুজিত , কুন্তি, শৈব্য, যুধামন্য, সুভদ্ৰাৰ পুত্র অভিমন্যু দ্ৰৌপদীৰ পাঁচপত্র । তেওঁলোকে সাত অক্ষৌহিনী সেনা লৈ যুদ্ধক্ষেত্ৰত নামিছে । অৰ্জুনৰ ৰথগৰাকী কৃষ্ণই শুক্লবৰ্ণ চাৰিটা ঘোঁৰাযুক্ত মহাৰথত যুদ্ধক্ষেত্ৰলৈ আহিছে ।
যুদ্ধোৎসৱৰ আৰম্ভণিতে কৃষ্ণ পাষ্ণই পাঞ্চজন্য , অৰ্জুনে দেৱদত্ত, ভীমে পৌন্ড্ৰ , যুধিষ্ঠিৰে অনন্ত বিজয় , নকুলে সুঘোষ আৰু সহদেৱে মনি পুস্পক নামৰ শঙ্খ বজালে । আন আন ৰথী - মহাৰথীসকলেও নিজ নিজ শঙ্খ বজালে । পাণ্ডৱসকলৰ শঙ্খ মহাশব্দই , আকাশ ছানি পেলালে । এইদৰে পাণ্ডৱসকলে যুদ্ধোৎসৱত আগবঢ়িল ।
প্ৰশ্ন ৩/ অৰ্জুনে শ্ৰীকৃষ্ণ উভয় সোৰমাজৰ ৰথ ৰাখিবলৈ কিয় কৈছিল ?
উত্তৰ:- যুদ্ধো ক্ষেত্ৰলৈ আহি অৰ্জুনে তেওঁৰ ৰথৰগৰাকী শ্ৰীকৃষ্ণক কৌৰৱ আৰু পাণ্ডৱসকলৰ সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছিল । অৰ্জুনে কাৰ লগত যুদ্ধ কৰিব, দুৰ্বূদ্বিমান দুৰ্যোধন প্ৰীতি সাধিবলৈ কোন কোন বীৰ আহিছে সেই সকলক চাব বিচাৰিছিল। সেয়েহে অৰ্জুনে শ্ৰীকৃষ্ণক উভয়সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছিল ।
প্ৰশ্ন ৪/ অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি কৈছিল তোমাৰ নিজৰ ভাষাত লিখা ।
উত্তৰ:- অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ পিতৃব্য ,আচাৰ্য মাতুল , ভাতৃ , ভাতৃপুত্র পৌত্র, সখি , শহুৰ, সহৃদ সকলোকে দেখা পালে । যুদ্ধক্ষেত্ৰত আত্মীয়সকলক দেখি অৰ্জুনে যথেষ্ট দুখ পাইছিল। তেওঁক শ্ৰীকৃষ্ণক মনত অৱস্থা প্ৰকাশ কৰি কৈছিল যে , যুদ্ধক্ষেত্ৰত ৰৈ থকা আত্মীয়স্বজনক দেখি তেওঁৰ হাত-ভৰি ভাগি যোৱা যেন হৈছে মুখ শুকাইছে শৰীৰ কঁপিছে গাৰ নোম শিয়ঁৰি উঠিছে , হাতত গাণ্ডীৱ খহি পৰিছে , গাৰ ছাল পুৰিছে । তেওঁ যুদ্ধ কৰা দুৰৰ কথা এওঁলোকৰ লগত থাকিবলৈও ক'ব নোৱৰা হৈ পৰিছে । মনত তেওঁৰ ভয় জাগিছে আৰু অমংগলবোৰ দেখিছে । মুৰৰ ওপৰত শগুণ উৰিছে , শিয়ালৈ দিনতে হোৱা দিছে । যুদ্ধত আত্মীয় বধ কৰি একো সুফল পোৱা নাযায় । তেনে বিজয় লাভ কৰি ৰাজ্যভোগ কৰাৰ ইচ্ছা তেওঁৰ নাই । পৃথিৱী লাভ কৰাৰ দুৰৰে কথা ত্ৰৈলোক্য লাভৰ কাৰনেও তেওঁ বন্ধুসকলক বধ কৰিব নোৱাৰে । কৌৰৱসকলৰ দৰে আততায়ীক বধ কৰিলে কোনো দোষ নাই যদিও ধৰ্মশাস্ত্ৰই তেওঁলোক দুষিব । কৌৰৱসকলে লোভত পৰি কুলক্ষয় দোষ , মিত্রদোষ পাপ কৰিছে যদিও নিজে তেওঁ সেই দোষ কৰিব নোৱাৰে । কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হ'ব । অধৰ্মই কুলস্ত্রীসকলক নষ্ট কৰিব। সত্রীসকল বেয়া হ'লে জাৰজ সন্তান জন্ম হ'ব । তেতিয়া গোটেই বংশ নৰকলৈ গতি কৰিব । ফলত পিতৃ পুৰুষে জলপিণ্ড নাপাব । গতিকে তেওঁ জানি-বুজি এনে পাপ কৰিব নোৱাৰে । তেওঁ অস্ত্র নধৰিলে দুৰ্যোধনে যদি তেওঁক বধ কৰে তথাপি মঙ্গল হ'ব কিয়নো তেতিয়া তেওঁৰ পাপ নহ'ব ।
এইদৰে যুদ্ধক্ষেত্ৰত আত্মীয়সকলক দেখি অৰ্জুনে নিজৰ মনৰ অস্হিৰথা দুখভাৱ , প্ৰকাশ কৰি শ্ৰীকৃষ্ণৰ আগত কৈছিল ।
প্ৰশ্ন ৫/ কুলক্ষয় দোষ কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা ।
উত্তৰ:- কুলক্ষয় দোষক মহাপাপ বোলা হয়। কিয়নো কুলক্ষয় হ'লে , কুলধৰ্ম নষ্ট হয়। ধৰ্ম নষ্ট হ'লে আন কুৰকো অধৰ্মই বেঢ়ি ধৰিব । অধৰ্মৰ ফলত কুলৰ ত্রীসকল দুষ্ট চৰিত্ৰৰ হ'ব । ত্রীসকলৰ চৰিত্ৰ বেয়া হ'লে জাৰজ সন্তান জন্ম হ'ব তেতিয়া গোটেই বংশই নৰকলৈ গতি কৰিব । ফলত পিতৃ - পুৰুষে জলপিণ্ড নাপাব। এই কুলক্ষয় দোষৰ বাবেই জাতি , ধৰ্ম , কুলধৰ্ম বৰ্ণাশ্রম ধৰ্ম নষ্ট হৈ সকলো মানুহে নৰকত বাস চৰিব লাগিব ।
আটাইবোৰ দোষৰ মুল কাৰণ কুলক্ষয় দোষ হোৱা বাবে এই দোষক মহাপাপ বোলা হৈছে ।
প্ৰশ্ন ৬/ ''জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি বাক্য বুলি ধনু-লৰ কম্পিত হৈল...।''
-------এইদৰে কোনে কাক কৈছে অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল । তোমাৰ কথাৰে লিখা ।
উত্তৰ:- সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰক কৈছে । যুদ্ধক্ষেত্ৰত অৰ্জুনে আত্মীয়সকলক দেখি মৰৰ্মাহত হ'ল । তেওঁৰ যুদ্ধৰ বাঞ্ছা সমুহ লোপ পাই মনত ভয়ৰ সঞ্চাৰ হ'ল। বন্ধুক ডধ কৰাতো অন্যায় । লোভত পৰি কৌৰৱসকলে কুলক্ষয় দোষ , মিত্রদ্ৰোহ দোষ কৰিছে যদিও সেই দোষ নিজে তেওঁ কৰিব নোৱাৰে । কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হয়। ধৰ্ম নষ্ট হলে অৱশিষ্ট কুলতো অধৰ্মই বিয়পে । অধৰ্ম বিয়াপিলে কুলস্ত্রীসকলৰ চৰিত্ৰ বেয়া হয় আৰু তেতিয়া জাৰজ সন্তান জন্ম হয়। তেতিয়া পিতৃপুৰুষে জলপিণ্ডও নোপোৱা হয়। এই দুষৰ বাবেই জাতিৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ সকলো মানুহ নৰকত বাস কৰিব লাগিব । এনে মহাপাপ তেওঁ নিজেও কৰিব ওলোৱা বাবে দুখ প্ৰকাশ পাইছে । লোভত পৰি স্বজনক বধ কৰিবলৈ সাজু হৈছে । এনে মহাপাপৰ পৰা আঁতৰত থাকিবলৈ তেওঁ যুদ্ধৰ সন্মুখতে অস্ত্ৰ এৰি বহি পৰিল ।
ভাষা বিষয়ক :
প্ৰশ্ন ১/ তলত দিয়া শব্দকেইটাৰ একোটাকৈ সমাৰ্থক শব্দ লিখা :
নিপুণ, সমীপ, বিস্তৰ, সহস্ৰ, সদৃশ , বাদ্য, কৰ-চৰণ , চৰ্ম, শ্ৰুতি, বিমঙ্গল , বান্ধৱ ।
উত্তৰ:- নিপুণ ---------- পাৰ্গত
সমীপ ---------- ওচৰ , পিকট
বিস্তৰ ----------- বহুত, অনেক
সহস্ৰ ----------- হাজাৰ
সদৃশ ------------ তুল্য, নিচিনা
বাদ্য ------------ সাংগীতিক যন্ত্ৰ
কৰ-চৰম --------- হাত-ভৰি
চৰ্ম ----------- ছাল, বাকলি
শ্ৰুতি ------------ শ্ৰবণ
বিমঙ্গল----------- বিপদ , দোৰ্দশা
বান্ধব ----------- মিত্র , সখি
প্ৰশ্ন ২/ তলত দিয়া শব্দকেইটা আধুনিক ৰূপ লিখা ।
হুয়া, কহা , চকক্ষু কৰিলা , চাঞ্চো , বুলিলা, খাম , ফুঙ্কিলা , বাইলা , ৰহিৱে , ৰহো ।
উত্তৰ:- হুয়া ------ হ'ল
কহা ------ কোৱা
চক্ষু ------ চকু
কৰিলা ------ কৰিলা, কৰিলে
চাঞ্চো ------ চাওঁ
মঞি ------ মই
বুলিলা ------- বুলিলে , ক'লে
খমি ------- খহি
ফুঙ্কিলা ------ ফু মাৰা
বাইলা ------- বজালে
ৰহিৱে ------- হ'ব
ৰহো ------- ৰেৱা
প্ৰশ্ন ৩/ ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰ :- অসমীয়া গদ্যৰ - সাহিত্যৰ ইতিহাস অতি প্ৰাচীন। মন্ত্র সাহিত্যৰ গদ্য, অংকীয়া নাটৰ গদ্য আদিয়ে অসমীয়া গদ্যৰ প্ৰাচীনতাকে সুগায় । ষোড়শ শতিকাৰ পৰা অসমীয়া সাহিত্য বিস্তাৰ লাভ কৰিলে । বিশেষকৈ ভট্টদেৱৰ হাতত এই শতিকাৰ পৰা অসমীয়া গদ্যই দ্বিজত্ব লাভ কৰিলে । ভট্টদেৱে ' কথা - ভাগৱত ', কথা - গীতা ' আৰু ' কথা ৰত্নাৱলী ' লিখি প্ৰচীন অসমীয়া গদ্যক স্থায়িত্ব আনি দিলে । তেওঁৰ গদ্যত বৈশিষ্ট্যসমূহ হ'ল ---
ক) ভট্টদেৱৰ গদ্য ব্যাখ্যাত্মক আৰু যুক্তিপদ যদিও মৌলিকতা আছে ।
খ) কথোপকথন, প্ৰশ্নোত্তৰ আৰু যুক্তি , তৰ্কমুলক ৰীতিৰ ব্যৱহাৰ কৰি ভট্টদেৱ তেওঁৰ গদ্যৰীতি নাটকীয় গুণ বিশিষ্ট কৰি তুলিছে ।
গ) ভট্টদেৱৰ গদ্যৰৰীতিত বিশেষকৈ সব্দ সংগঠন আৰু বাক্যৰীতিত সংস্কৃত ভাষাৰ প্ৰভাৱ পৰিলক্ষিত হয়। তৎসম শব্দৰ প্ৰচুৰ প্ৰয়োগে ৰচনা গম্ভীৰ আৰু শক্তিশালী কৰি তুলিছে ।
ঘ) জতুৱ ঠাঁচৰ প্ৰয়গ ভট্টদেৱৰ গদ্যত দেখা যায়। ইয়াৰ ফলত গদ্যৰীতি আকৰ্ষণীয় হৈ উচিছে । যেনে --- যথা , দেওদি , আলগতে আদি ।
ঙ) অলাগতীয়াল সব্দৰ ব্যৱহাৰ ভট্টদেৱৰ ৰচনাত কম পৰিমাণে দেখা যায় ।
চ) অসমাপিকা ক্ৰিয়াৰ ব্যৱহাৰতো ভট্টদেৱৰ গদ্যৰ বিশিষ্টতা দেখি যায় ।
ছ) একোখন কথাৰ মাজত বিভিন্ন কালৰ ক্ৰিয়াৰ ব্যৱহাৰ ভট্টদেৱৰ গদ্যৰ আন এক বৈশিষ্ট্য।
জ) বাক্য শক্তিশালী কৰিবৰ বাবে তেওঁ গদ্যত নামধাতুৰ প্ৰয়োগ কৰিছে । যেনে --- ব্যাপিলা , সন্তোষিছা , নিয়ামিব আদি ।
ঝ) ভট্টদেৱৰ গদ্যৰ আন এটা বৈশিষ্ট্য হ'ল --- ঠায়ে ঠায়ে কথা ভাষাৰ শব্দৰ ব্যৱহাৰ।
ঞ) সংক্ষিপ্ততা আৰু চিত্ৰ ধৰ্মিতা তেওঁৰ গদ্যৰীতিৰ আন এক বৈশিষ্ট্য। সংক্ষেপে লিখিবলৈ লোৱাৰ কাৰণে বিশেষত : ঠিয়ে ঠায়ে ( ভাগবতা ) মুলৰ কেৱল আভাষহে দাঙি ধৰিছে । ফলস্বৰূপেই কোনো কোনো ঠাইত প্ৰতিপাদ্য বিষয়টৌ সাধাৰণ পাঠকৰ বাবে দুৰ্বোধ্য হৈ পৰিছে । আনহাতে , কোনো কোনো ঠাইত মুলৰ কথাবস্তু পাঠকৰ সহজবোধ্য কৰি তুলিছে ।
ট) অলংকাৰৰ প্ৰয়োগ ভট্টদেৱৰ গদ্য ৰীতিৰ আন এটা বৈশিষ্ট্য।
ঠ) নঞাৰ্থক 'ন'ৰ ব্যৱহাৰৰ ক্ষেত্ৰতো ভট্টদেৱৰ গদ্যৰ বিশিষ্টতা দেখা যায়। তেওঁ নিষেধাৰ্থক অৰ্থত ক্ৰিয়াৰ আগত 'ন'ৰ ব্যৱহাৰ কৰিছে যদিও তাত 'অ' বা 'ই' কাৰ ব্যৱহাৰ কৰা নাই । যেনে --- নহানে, ( পাৰিলেহে )
ড) প্ৰশ্নবোধক বাক্যত ' কেমনে' শব্দৰ ব্যৱহাৰ কৰিছে । 'হৰ ঠাইত 'স'ৰ ব্যৱহাৰ দেখা যায়। যেনে --- তাতসে ( তাকহে ) , পৰিলেস ( পাৰিলেহে )
ঢ) প্ৰত্যক্ষ উক্তিৰ ব্যৱহাৰ ভট্টদেৱৰ গদ্যৰ আন এটা বৈশিষ্ট্য । অসমীয়া গদ্য - সাহিত্যৰ জনক ভট্টদেৱৰ গদ্যত এনেবোৰ বৈশিষ্ট্য দেখা যায় ।