অসমৰ ভূগোল class 10

অসমৰ ভূগোল class 10 question answer chapters 4


১/ অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্য সহকাৰে চমুকৈ লিখা ।
উত্তৰ  :- অসমৰ মুঠ মাটিকালি হৈছে প্ৰায় ৭৮.৪৩৮ বৰ্গ কিলোমিটাৰ যি ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ প্ৰায় ২.৪ শতাংশ ভূমি সামৰি লৈছে । ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে ৩১২.০৫ লাখ বা ৩১ নিযুত যিয়ে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা প্ৰায় ২.৬ শতাংশ গঠন কৰিছে ।
     এই জনসংখ্যাৰ ভিতৰত ১৫৯.৩৯ লাখ  পুৰুষ আৰু ১৫২.৬৬ লাখ মহিলা । ১৯০১ চনত অসমত জনসংখ্যা ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত ৪২ জন যি ২০১১ চনলৈ বৃদ্ধি হৈ প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৮ জন হয়গৈ । 
       অসমৰ জনসংখ্যা প্ৰায় ৮৫ শতাংশ জনসংখ্যাই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে যত । ২০০১ চন আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে জনসংখ্যা ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত ক্ৰমে ১২২০ জন । আৰু ১৫০২ জন ।
২/ অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা ।
উত্তৰ  :- ২০০১ চনৰ লোকপিয়লৰ তথ্যমতে অসমত শিক্ষত লোকৰ হাৰ আছিল মাত্র ৬৩.২৫ শতাংশ যি এটা দশকৰ ভিতৰত ১০ শতাংশ বৃদ্ধি হৈ ২০১১ চনত ৭২.১৯ শতাংশ হয় । ই হ'ল এক বুজন পৰিমাণৰ বৃদ্ধি ।
৩/ ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে ?
উত্তৰ  :- ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে অসমত ৭ খন প্ৰথম শ্ৰেণীৰ ৬ খন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে । প্ৰথম শ্ৰেণীৰ চহৰ শব্দটোৰে এক লাখ বা ততোধিক জনসংখ্যা থকা চহৰসমূহক বুজোৱাৰ বিপৰীতে দ্বিতীয় শ্ৰেণীৰ শব্দটোৰ দ্বাৰা ৫০ হাজাৰৰ পৰা ১ লাখৰ ভিতৰত জনসংখ্যা থকা চহৰসমূহক বুজোৱা হৈছে ।
৪/ ১৯০১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা ।
উত্তৰ  :- প্ৰদত্ত তথ্য মতে ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ৩ নিযুত যিয়ে ভাৰতৰ মুঠ জনসংখ্যা প্ৰায় ১.৩৮ শতাংশ গঠন কৰিছিল  । ইয়াৰ পিছত ১৯৪১ চনত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধি হৈ ৭ নিযুতৰ ঘৰত উপনীত হয়গৈ । ইয়াৰ পৰা দেখা যায় যে ১৯০১ চন আৰু ১৯৪১ চনৰ মাজত অসমৰ জনসংখ্যা দুগুণতকৈও অধিকভাৱে বৃদ্ধি হৈছিল  ।
     কিন্ত, স্বাধীনোত্তৰ সময়ছোৱাত, ১৯৫১ চনৰ পৰা সীমান্তৰে হোৱা আন্ত: প্ৰব্ৰজনৰ ফলত ৰাজ্যখনৰ জনসংখ্যা অধিক দ্ৰুতভাৱে বৃদ্ধি হ'বলৈ ধৰে । ১৯৫১-৬১ আৰু ১৯৬১-৭১ চনৰ সময়ছোৱাত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ক্ৰমে ৩৪.৯৮ শতাংশ আৰু ৩৪.৯৫ শতাংশ  ।
      অৱশ্যে ইয়াৰ পৰৱৰ্তী দশকসমূহত অৰ্থাৎ ১৯৭১-৮১,১৯৮১-৯১,১৯৯১-২০০১,২০০১-২০১১ ৰ দশকত বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজন নিয়ন্ত্ৰণ কৰাৰ লগতে মৃত্যু হাৰৰ বৃদ্ধিৰ ফলত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সামান্যভাৱে হ্ৰাস হয় ।
     ২০০১-২০১১ ৰ দশকত এই বৃদ্ধিৰ হাৰ আছিল মাত্র ১৭.৭ শতাংশ যি স্বাধীনতাৰ পিছত দশকসমূহত ৩০ শতাংশৰো অধিক আছিল  । বৰ্তমান ৰাজ্যখনৰ মুঠ জনসংখ্যা হৈছে ৩১ নিযুত যি ১৯০১ চনত মাত্র ৩ নিযুত আছিল আৰু এই বৃদ্ধি আছিল প্ৰায় দহগুণ  ।
৫/ ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা ।
উত্তৰ  :- ভৌগলিক অঞ্চলভেদে অসমৰ জনসংখ্যাক জনসংখ্যা ঘনত্ব আৰু আকাৰ অনুসৰি ৰাজ্যখনক তিনিটা অঞ্চলত ভাগ কৰাৰ দ্বাৰা ব্যাখ্যা কৰিব পৰা যায় । তলত ইয়াক মানচিত্ৰ সহকাৰে দেখুৱা হ'ল ---- 
    (ক) ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল :- ই হৈছে অসমৰ সৰ্বাধিক জনসংখ্যাপূৰ্ণ অঞ্চল য'ত ৰাজ্যৰ প্ৰায় ৮৫ শতাংশ লোকে বাস কৰে । ২০১১ বৰ্ষৰ লোকপিয়লৰ তথ্য অনুসৰি অঞ্চলটোত জনসংখ্যা ঘনত্ব হ'ল প্ৰতি বৰ্গ কি:মি ত ১৫০২ জন ।
    অঞ্চলটোত জনসংখ্যা ঘনত্ব অধিক হোৱাৰ মূলতে হ'ল ইয়াৰ অনুকূল জলবায়ু , সমতল ভূ-অৱয়ৱ, সুচল পৰিবহণ তথা যোগাযোগ ব্যৱস্থাৰ সুবিধা, যথেষ্ট সংখ্যক নদীৰ উপস্থিতিত আদি । 
     ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলটোক আকৌ নিম্নলিখিত অঞ্চলসমূহত ভাগ কৰা হৈছে ।
   (i) উজনি ব্ৰহ্মপুত্র উপত্যকা অঞ্চল :- ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় ২১ শতাংশ জনসংখ্যাই উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বাস কৰে আৰু ইয়াত জনসংখ্যা ঘনত্ব হ'ল প্ৰতি বৰ্গ কি:মি: ত ৩৭২ জন ।
     (ii) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল :- ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ জনসংখ্যাৰ ২৭ শতাংশ জনসংখ্যাই মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বাস কৰে । এই অঞ্চলটোৰ জনসংখ্যা ঘনত্ব হ'ল প্ৰতি বৰ্গ কি:মি: ত ৫০০ জন ।
    (iii) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল :- নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলতে জনসংখ্যা সৰ্বাধিক পুঞ্জীভৱণ হোৱা দেখা যায় । ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ জনসংখ্যা প্ৰায় ৩৬ শতাংশ লোকে ইয়াত বাস কৰে আৰু ইয়াত জনসংখ্যা ঘনত্ব হৈছে প্ৰতি বৰ্গ কি: মি: ত ৬৩১ জন ।
     (খ) বৰাক উপত্যকা অঞ্চল :- ২০১১ বৰ্ষৰ লোকপিয়লৰ তথ্য মতে ৰাজ্যখনৰ মুঠ জনসংখ্যা প্ৰায় ১১ শতাংশ লোকে এই অঞ্চলত বাস কৰে । ২০১১ বৰ্ষৰ তথ্য মতে এই অঞ্চলটোত জনসংখ্যা ঘনত্ব হ'ল প্ৰতি বৰ্গ কি:মি: ত ৫৪৫ জন ।
     অঞ্চলটোত জনসংখ্যা ঘনত্ব অধিক হোৱাৰ প্ৰধান কাৰণসমূহ হ'ল ইয়াৰ অনুকূল জলবায়ু সাৰুৱা পলসুৱা মাটি , সূচল পৰিবহণ তথা যোগাযোগ ব্যৱস্থা আদি ।
       (গ) পাৰ্ৰত্য অঞ্চল :- এই অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও নামৰ দুখন পাহাৰীয়া জিলাৰে গঠিত । ৰাজ্যখনৰ মুঠ জনসংখ্যা প্ৰায় ৩.৭৫ লোকে ইয়াত বাস কৰে ইয়াত জনসংখ্যা ঘনত্ব হৈছেপ্ৰতি বৰ্গ কি:মি: ত ৬৮ জন ।
      অঞ্চলটোত জনসংখ্যা ঘনত্ব কম হোৱাৰ প্ৰধান কাৰণ হ'ল ইয়াৰ প্ৰতিকূল ভূপ্ৰকৃতিক অৱস্থা ।
৬/ অসমৰ জনসংখ্যা বিতৰণৰ বিভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা ।
উত্তৰ   :- ২০১১ বৰ্ষৰ লোকপিয়লৰ তথা অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে ৩১ নিযুত আৰু ইয়াৰ জনসংখ্যা ঘনত্ব হ'ল প্ৰতি বৰ্গ কি:মি ত ৩৯৮ জন । এই জনসংখ্যা প্ৰায় ৮৫ শতাংশ লোকে ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু ১১ শতাংশ লোকে বৰাক উপত্যকা অঞ্চলত বাস কৰে ।
      আনহাতে ৰাজ্যখনৰ বাকী ৩.৭৫ শতাংশলোকে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনেৰে গঠিত পাৰ্বত্য বা পাহাৰীয়া অঞ্চলটোত বাস কৰে । ৰাজ্যখনৰ অঞ্চলভেদে জনসংখ্যা ঘনত্বৰ মাজত যথেষ্ট তাৰতম্য দেখা যায় ।
      ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কি:মি: ত ১৫০২ জন হোৱাৰ বিপৰীতে বৰাক উপত্যকাত হ'ল প্ৰতি বৰ্গ কি:মি: ত ৫৪৫ জন আৰু পাৰ্বত্য অঞ্চলত প্ৰতি বৰ্গ কি:মি: ত ৬৮ জন । এইদৰে অসমৰ জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত যথেষ্ট ভিন্নতা দেখা পাওঁ  । এই ভিন্নতাৰ বাবে দায়ী প্ৰধান কাৰকসমূহ হ'ল  ---
(ক) জলবায়ুৰ ক্ষেত্ৰত থকা ভিন্নতা ।
(খ) ভূ-প্ৰকৃতিক তাৰতম্যতা ।
(গ) অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত থকা ভিন্নতা ।
(ঘ) পৰিবহণ তথা যোগাযোগ ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত থকা ভিন্নতা ।
(ঙ) বিভিন্ন সম্পদৰ উপলব্ধতাৰ ক্ষেত্ৰত থকা ভিন্নতা । ব্ৰহ্মপুত্ৰ উপত্যকাত সমতল ভূমি, সাৰুৱা মাটি, সুচল কৃষিকাৰ্য আৰু যাতায়ত ব্যৱস্থাৰ বাবে ইয়াত জনসংখ্যাৰ ঘনত্ব অধিক  ।
     একে জনসংখ্যা ঘনত্ব অধিক হোৱা দেখা যায় । ইয়াৰ বিপৰীতে কিন্ত অনুপযুক্ত ভূ-অৱয়ৱ তথা ভূপ্ৰকৃতিক অৱস্থাৰ বাবে ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা দুখনেৰে গঠিত পাৰ্বত্য অঞ্চলটোত জনবসতিৰ উপস্থিতি তেনেই সেৰেঙা হোৱা দেখা যায় ।
     ২০১১ বৰ্ষৰ লোকপিয়লৰ তথ্যমতে কামৰূপ (মহানগৰ) জিলাত প্ৰতি বৰ্গ কি:মি: ত ২,০১০ জনেৰে জনসংখ্যা ঘনত্ব ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক হোৱাৰ বিপৰীতে প্ৰতি কি:মি: ত মাত্র ৪৪ জন লোকেৰে ডিমা হাছাও জিলাত জনসংখ্যা ঘনত্ব আছিল সৰ্বনিম্ন, যিটোৱে দেখুৱায় যে উত্তম সা-সুবিধা আৰু সুজোগ অধিক লোকক আকৰ্ষণ কৰে আৰু প্ৰতিকূল ভূ-প্ৰাকৃতিক অৱস্থাৰ পিছপৰা অঞ্চলসমূহে মানৱ বসতি প্ৰতিৰোধ কৰে ।
৭/ ২০১১ চনৰ তথ্য অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা জিলাখনৰ নাম উল্লেখ কৰা ।
উত্তৰ  :- ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে ২,৮২৬,০০৬ জন লোকে বসবাস কৰা নগাঁও জিলা অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা হোৱাৰ বিপৰীতে ২,১৩,৫২৯ জন লোকে বসবাস কৰা ডিমা হাছাও জিলা হৈছে অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যাৰ জিলা । 
     আনহাতে , প্ৰতি বৰ্গ কি: মি: ত ২,০১০ জন লোকে বসবাস কৰা কামৰূপ (মহানগৰ) জিলা অসমৰ সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা জিলা হোৱাৰ বিপৰীতে প্ৰতি বৰ্গ কিলোমিটাৰ ত ৪৪ জন লোকে বসবাস কৰা ডিমা হাছাও জিলা হৈছে অসমৰ সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা জিলা ।
৮/ অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা ।
উত্তৰ  :- অসমৰ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী কাৰণসমূহ হ'ল  : - 
(ক) প্ৰাকৃতিক কাৰণ :- প্ৰাকৃতিক কাৰণ বুলি ক'লে মৃত্যুৰ হা'হ্ৰাস হোৱা আৰু জন্মৰ হাৰ বৃদ্ধি হোৱাকে বুজা যায় । যোৱা কেইদিনমান দশকৰ সময়ছোৱাত সু-চিকিৎসা ব্যৱস্থাৰ উপলব্ধতা, জীৱন ধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত হোৱা বিকাশ আৰু অৰ্থনৈতিক বিকাশৰ বাবে ৰাজ্যখনত মৃত্যুৰ হাৰ হ্ৰাস হোৱাৰ লগতে জন্মৰ হাৰ বৃদ্ধি পাইছে ।
     ৰাজ্যখনৰ এই জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ জন্ম-মৃত্যুৰ হাৰৰ সৈতে প্ৰায় সমান ।
(খ) জনপ্ৰব্ৰজন :- অসমৰ জনসংখ্যাৰ অবাধ বৃদ্ধিৰ বাবে দায়ী প্ৰধান কাৰণটো হ'ল ৰাজ্যখনলৈ হোৱা জনপ্ৰব্ৰজন  । ১৮২৬ চনৰ পৰাই ৰাজ্যখনলৈ প্ৰব্ৰজন ঘটিছিল যদিও ১৯ শতিকাৰ আদিভাগৰ পৰাহে এই প্ৰব্ৰজনৰ সোঁত অধিক সক্ৰিয় হৈ পৰিছিল  । দেশ বিভাজনৰ সময়ছোৱাত পূৰ্ব পাকিস্তানৰ পৰা বৃহৎ সংখ্যক হিন্দু শৰণাৰ্থীৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল  ।
     ১৯৫১ চনৰ পৰা ২০০১ চনলৈ বাংলাদেশৰ পৰা ৰাজ্যখনলৈ অবাধ জনপ্ৰব্ৰজন ঘটিছিল  । এই সময়ছোৱাত ভাৰতৰ ১৮৫ শতাংশ জনসংখ্যা বৃদ্ধিৰ হাৰৰ বিপৰীতে অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৩২ শতাংশ  । অৱশ্যে শেহতীয়া বৰ্ষসমূহত এই বৃদ্ধি কিছু পৰিমাণে হ্ৰাস হৈছে । 
৯/ অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁত বোৰ একাদিক্ৰমে উল্লেখ কৰা ।
উত্তৰ  :- প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে অসমলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল  । এইদৰে সময়ে সময়ে অসমলৈ হোৱা জন প্ৰব্ৰজনৰ আঁতবোৰ একাদিক্ৰমে তলত উল্লেখ কৰা হ'ল  :
    (ক) অষ্টিক জনগোষ্ঠী :- অসমলৈ জনপ্ৰব্ৰজন ঘটা প্ৰথমটো জনস্ৰোত আছিল অষ্টিক জনগোষ্ঠীৰ লোকসকল । সম্ভৱত : তেওঁলোক দক্ষিণ-পূৰ্ব এছিয়াৰ পৰা আহিছিল  । বৰ্তমান মেঘালয় (১৯৭০ চনত অসমৰ পৰা পৃথক হৈ যোৱা ৰাজ্য ) ত বসবাস কৰা খাছীয়া আৰু জনগোষ্ঠীয়সকল এই জনগোষ্ঠীৰ লোক ।
     এই জনগোষ্ঠীৰ লোকসকলৰ কিছুসংখ্যক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা দেখা যায় । কাছাৰ জিলাৰ জয়ন্তীয়ালোক সকলো এই জনগোষ্ঠীৰে লোক ।
     (খ) মংগোলীয় জনগোষ্ঠী :- অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্ৰোত তিব্বতীয়া বৰ্মন ভাষা কোৱা মংগোলীয় জনগোষ্ঠীৰ লোকসকল । তেওঁলোক মধ্য এছিয়াৰ পৰা হিমালয় অতিক্ৰম কৰি অসমলৈ আহিছিল আৰু অসমৰ বিভিন্ন অংশত থিতাপি লৈছিল । 
    খাছীয়া আৰু জয়ন্তীয়াসকলক বাদ দি অসমত বৰ্তমান সময়ত বসবাস কৰা সকলোবোৰ জনজাতি এই জনগোষ্ঠীসমূহৰ অন্তৰ্গত  ।
    এই জনগোষ্ঠীৰ অন্তৰ্গত প্ৰধান জনজাতিসমূহ হৈছে সমতল বা ভৈয়ামত বাস কৰা বড়া; মিছিং; তিৱা; দেউৰী; সোণোৱাল; কছাৰী; মেছ; কাছাৰৰ বৰ্মনসকল আৰু পাহাৰত বাস কৰা কাৰ্বি; ডিমাছা কছাৰী; গাৰ; কুকি; মাৰ; হাজং; ৰেমানন্দ নগা আৰু জেমি নাগাসকল  ।
       (গ) আৰ্যসকল :- মংগীলীয়সকলৰ পিছত অসমলৈ প্ৰব্ৰজন ঘটা জনস্ৰোতটা আছিল সিন্ধু-আৰ্য ভাষা কোৱা লোকসকল । এই আৰ্যসকল ককেছীয় জনগোষ্ঠীৰ অন্তৰ্গত লোক । পোন প্ৰথমতে স্থানীয় ৰজা বা শাসকসকলৰ নিমন্ত্ৰণক্ৰমে অসমলৈ আহিছিল  ।
     পিছলৈ তেওঁলোকৰ বহুতেই নিজে আৰু অন্য কিছুমানে ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ অৰ্থনৈতিক সম্ভাৱনাসমূহৰ দ্বাৰা আকৰ্ষিত হৈ অসমলৈ আহিছিল  । অসমত বসবাস কৰা অজনজাতীয় লোকৰ সৰহসংখ্যক লোকেই এই জনগোষ্ঠীৰ অন্তৰ্গত  । 
    (ঘ) মুছলমান সৈন্যসকল :- ১৩ শতিকাৰ আদি ভাগত সিন্ধু-আৰ্য জনগোষ্ঠীৰ অন্তৰ্গত সৈন্যসকলৰ এটা মুছলমান ধৰ্মালম্বী গোটে কুটুবুদ্দিনৰ এগৰাকী মুছলমান সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলীজিৰ নেতৃত্বত তিব্বত জয় কৰিবলৈ যোৱাৰ পথত অসমত প্ৰৱেশ কৰি অসম আক্ৰমণ কৰিছিল  ।
    ইয়াৰ পৰৱৰ্তী বছৰসমূহত , উত্তৰ ভাৰতৰ মোগল ৰজাসকলৰ পৃষ্ঠপোষকতাত মুছলমান সেনাপতিসকলে কেইবাবাৰো অসম অভিযান কৰিছিল  । এই সৈন্যসকলৰ কিছুমানে স্বেচ্ছাই ইয়াত থাকি গৈছিল, কিছুমান বন্দীৰূপে আৰু অন্য কিছুমান স্থানীয় ৰজা আৰু স্থানীয় লোকৰ বিভিন্ন কামৰ প্ৰয়োজন নিয়োজিত হৈ ৰৈ গৈছিল  ।
     পিছলৈ এই ক্ষুদ্ৰ মুছলমান জনবসতিৰ বৃদ্ধি হৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত এক বৃহৎ মুছলমান সমাজ প্ৰতিষ্ঠা হৈছিল  ।
    (ঙ) আহোমসকল :- মুছলমান সৈন্যসকলৰ পিছত অসমলৈ আগমন ঘটা পৰ্বৱৰ্তী জনস্ৰোতটো আছিল আহোমসকল । আহোমসকলেই অসমলৈ ব্ৰজিত হোৱা সবাতোকৈ গুৰুত্বপূৰ্ণ গোষ্ঠী । আহোমসকল মূলত : মংগোলীয় জনগোষ্ঠীৰ  । আহোম সকলৰ মুলত: মংগোলীয় জনগোষ্ঠীৰ লোক ।
    তেওঁলোক ১৯২৮ খ্ৰী:ত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল  । পোন প্ৰথমতে তেওঁলোকে উজনি অসমত বসতি স্থাপন কৰিছিল আৰু তাতেই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । পৰৱৰ্তী সময়ত তেওঁলোকে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাকে নিজৰ নিয়ন্ত্ৰণাধীন কৰিছিল  ।
     আহোমসকলে প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰিছিল আৰু অসমৰ সমাজ-সাংস্কৃতিলৈ বৃহভাৱে অৱদান আগবঢ়াইছিল । বৰ্তমান সময়ত উজনি আৰু মধ্য অসমত আহোম জনবসতি পৰিলক্ষিত হয় ।
     (চ) ব্ৰিটিছসকলৰ সময়ত হোৱা জনপ্ৰব্ৰজন  :- ব্ৰিটিছে ১৮২৬ খ্ৰী:ত অসম অধিকাৰ কৰিছিল  । অসম অধিকাৰ কৰাৰ পিছত তেওঁলোকক প্ৰশাসনীয়, অৰ্থনৈতিক আৰু বাণিজ্যিক কাৰ্যকলাপ সমূহ চলাবলৈ কিছুমান শিক্ষিত তথা দক্ষতাসম্পন্ন ব্যক্তিৰ প্ৰায় জন হৈছিল  ।
    সেয়েহে ব্ৰিটিছসকলে তেওঁলোকৰ হৈ কাম কৰিবলৈ বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, নেপালৰ আদি ঠাইৰ পৰা শিক্ষিত লোকক অসমলৈ আনিছিল  । পৰবৰ্তি সময়ত ব্ৰিটিছসকলে অসমত চাহখেতি আৰম্ভ কৰাত তেওঁলোকে মধ্য ভাৰতৰ ছোটানাগপুৰ মালভূমি অঞ্চলৰ পৰা এই চাহ বাগিছাহমূহত কাম কৰিবলৈ জনজাতীয় লোক কিছুমানক অসমলৈ আনিছিল  ।
     (ছ) বাংলাদেশৰ পৰা হোৱা জনপ্ৰব্ৰজন  :- ১৯ শতিকাৰ শেষৰ দশকৰ স্বাধীনতাৰ আগলৈকে পূৰ্বৰ পূব বংগ (বৰ্তমান বাংলাদেশ) ৰ পৰা ভূমিহীন মুছলমানসকলৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল  । ১৯৪৭ চনৰ আগষ্টৰ পিছত নতুনকৈ সৃষ্টি হোৱা পূৰ্ব পাকিস্তানৰ পৰা বহুতো হিন্দু শৰণাৰ্থীৰ অৰ্থনৈতিৰ অসমলৈ ব্ৰজন হৈছিল  ।
       ইয়াৰে মুছলমান কৃষকসকলে সাৰুৱা সমতল ভূমিত থিতাপি লোৱাৰ বিপৰীতে হিন্দু প্ৰব্ৰজনকাৰীসকলে ব্যৱসায় বাণিজ্যৰ সুবিধা থকা অঞ্চলসমূহত থিতাপি লৈছিল । অসমত অধিক সুযোগ --- সুবিধা লাভ কৰাৰ ফলস্বৰূপেই আজিলৈকে বাংলাদেশৰ পৰা অসমলৈ জনপ্ৰব্ৰজন সংঘটিত হৈয়ে আছে ।
    (জ) আন্ত:ৰাজ্যিক জনপ্ৰব্ৰজন  :- অৰ্থনৈতিক, সামাজিক তথা শৈক্ষিক আদি বিভিন্ন কাৰণত ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ পৰাও অসমলৈ বহুতো লোকৰ প্ৰব্ৰজন ঘটিছে । এই লোকসকলৰ প্ৰধানকৈ ৰাজস্থান, পঞ্জাব, পশ্চিমবংগ, মণিপুৰ আদি ৰাজ্যৰ পৰা আগমন ঘটিছে ।
১০/ অসমৰ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয়দাঙি ধৰা ।
উত্তৰ  :- ১৩ শতিকাত আহোমসকলৰ অসমলৈ আগমন ঘটিছিল । তেওঁলোক মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত  । ১২২৮ খ্ৰী:ত চুকাফাৰ নেতৃত্বত তেওঁলোকে আহি অসমত উপস্থিত হৈছিল  । তেওঁলোকে উত্তৰ ম্যানমাৰৰ চান মালভূমি অঞ্চলৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল  ।
     তেওঁলোকে নিজকে উজনি অসমত প্ৰতিষ্ঠা কৰিছিল আৰু পৰৱৰ্তী সময়ত সময়ত সমগ্ৰ অসমৰাজ্য জয় কৰিছিল । আহোমসকলে প্ৰায় ৬০০ বছৰ শাসন কৰিছিল আৰু অসমৰ সমাজ সংস্কৃতিলৈ অৱদান আগবঢ়াই থৈ গৈছিল  । তেওঁলোকে ৰাজ্যখনৰ লোক ধৰ্মীয়, ধৰ্মীয়, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিচয়ক বৃহৎভাৱে প্ৰভাৱান্বিত কৰিছিল ।
     অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধুবুৰী, মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত এই জনগোষ্ঠীৰ লোকসকলে বাস কৰা দেখা যায় ।
১১/ পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা ।
উত্তৰ  :- পৰিবহণ ব্যৱস্থা হৈছে দেশ বা অঞ্চল এটাৰ অৰ্থনৈতিক উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ কাৰক । ই প্ৰধানকৈ দেশ এখনৰ বিভিন্ন অংশসমূহৰ মাজত সংযোগ স্থাপন কৰাৰ লগতে যোগাযোগ ব্যৱস্থা উন্নত কৰি তোলে । এই সম্পদসমূহৰ বিনিময়ৰ লগতে জ্ঞান, সংস্কৃতি, তথা সভ্যতাৰ আদান-প্ৰদান সহায় কৰে ।
      সেয়েহে, ৰেলপথ, জলপথ, বাট-পথ আৰু আকাশী পথেৰে গঠিত যাতায়ত বা পৰিবহণ ব্যৱস্থা হৈছে দেশ এখনৰ জীৱন ৰেখা । কৃষি, উদ্যোগ, ব্যৱসায় বাণিজ্য, যোগাযোগ আদিৰ দৰে অৰ্থনৈতিক খণ্ডসমূহৰ বিকাশ নিৰ্ভৰ কৰে দক্ষ পৰিবহণ ব্যৱস্থাৰ ওপৰত । অসমৰ দৰে ৰাজ্য দৰে ৰাজ্য এখনৰ ক্ষেত্ৰত ই একেবাৰে সত্য কথা । 
        অসম ৰাজ্যখন সৌভাগ্যশালী বুলি অভিহিত কৰিব পৰাৰ কাৰণ এয়ে যে ইয়াত বিস্তৃত ভূমি, অসংখ্য নদনদী, সমতল ভূ-অৱয়ৱ, চহকীসম্পদ , অত্যাধিক মানৱ সম্ভাৱনা আদিৰ দৰে বহুতো গুৰুত্বপূৰ্ণ সম্পদৰ উপস্থিতি দেখা যায় । এই সকলোবোৰ সম্পদক কেৱল দক্ষ পৰিবহণ ব্যৱস্থাৰ সহায়তহে বিকাশিত কৰিব পৰা যায় । 
       অসমক উত্তৰ পূবৰ অন্য ৰাজ্যসমূহৰ প্ৰৱেশদ্বাৰ হিচাপে গণ্য কৰা হয় । সেয়েহে, সমগ্ৰ উত্তৰ  :- পূবৰ উন্নয়ন অসমৰ পৰিবহণ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে । এই ৰাজ্যসমূহৰ অৰ্থনৈতীতিত প্ৰয়োজন হোৱা বিভিন্ন দ্ৰব্যসমূহ পৰিবহণ ব্যৱস্থাৰ বিভিন্ন মাধ্যমেৰে অসমৰ মাজেৰে পৰিবাহিত হয় ।
     এইটোৱে ৰাজ্যখনৰ অৰ্থনৈতিক অধিকভাৱে কৰিছে । অসম ভাৰতৰ পূৰ্ব কোণত অবস্থিত  । এই ৰাজনৈতিক পৰিবহণ ব্যৱস্থাইহে ভাৰতবৰ্ষৰ অন্য অংশৰ সৈতে সংলগ্ন কৰিছে । ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰয়োজন হোৱা যথেষ্ট সংখ্যক আৰ্থিক সামগ্ৰী ৰাজ্যখনৰ বাহিৰৰ পৰা আমদানি কৰিবলগয়া হয় ।
      আনহাতে চাহপাত, খাৰুৱা তেল , প্ৰাকৃতিক গেছ , চুণশিল আদি স্থানীয়ভাৱে উৎপাদিত দ্ৰব্যসমূহ ৰাজ্যৰ বাহিৰলৈ ৰপ্তানি কৰিবলগীয়া হয় , যিবোৰ কেৱল দক্ষিণ পৰিবহণ ব্যৱস্থাৰ মাধ্যমেৰেহে সম্পন্ন  । হয় অন্যাৰ্থত, অসমৰ অৰ্থনৈতিক উন্নয়ন সাধনৰ ক্ষেত্রত পৰিবহণ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
১২/ অসমৰ জনগোষ্ঠীৰ পৰিবহণৰ বিষয়ে এটি চমুটোকা লিখা ।
উত্তৰ  :- অসমৰ জল পৰিবহন ব্যৱস্থা মূলত: আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থা । ভাৰতৰ মুঠ জল সম্পদৰ ৩২ শতাংশ জল সম্পদৰ অধিকাৰী ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ লগতে ইয়াৰ অসংখ্য উপনৈ মিলি বিস্তৃত জলপথ সৃষ্টি কৰিছিল । 
       ১৯৮৮ চনত শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ ৮৯১ ক:মি: নব্য জলপথক দেশৰ দ্বিতীয়টো জলপথ বুলি ঘোষণা কৰা হৈছে । আনহাতে ২০১৩ চনত বৰাক নদীৰ ১২১ কি:মি: নাব্য জনপথক যষ্ঠটো জলপথ বুলি ঘোষণা কৰা হৈছে । এই জলপথ দুটাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাই আহিছে ।
      অসমৰ এই আভ্যন্তৰীণ জলপথ দুটাৰ উন্নয়নৰ কাৰণে কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহন নিগম আৰু আভ্যন্তৰীণ জল পৰিবহন সঞ্চালকালয় নামৰ দুটা সংস্থাই চোৱা-চিতাৰ দায়িত্ব লৈছে ।
    অসমৰ আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থাৰ স্থল পৰিবহণ ব্যৱস্থাৰ তুলনাত নিম্নোক্ত সুবিধাসমূহ উপলব্ধ  :
(ক) ইন্ধনৰ কম খৰচ ।
(খ) বায়ু প্ৰদূষণৰ সমস্যা নাথাকে ।
(গ) স্থলপথৰ অনুন্নত অঞ্চলত যথেষ্ট সংখ্যক যাত্রী পোৱা যায় ।
(ঘ) প্ৰাকৃতিক দুৰ্যোগৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে 
(ঙ) বস্তু-বাহানি আৰু যাত্ৰী অতি সহজে চলাচল কৰিব পাৰে ।
১৩/ অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ উল্লেখ কৰা ।
উত্তৰ  :- অসমত এক দক্ষ পৰিবহণ ব্যৱস্থা বিকাশৰ প্ৰবল সম্ভাৱনা আছে আৰু ইয়াৰ আৱশ্যকতাও যথেষ্ট  ।কিন্ত এই খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত কিছুমান সমস্যাই প্ৰতিবন্ধকতা হিচাপে দেখা দিছে ।
    অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া কাৰণকেইটা তলত উল্লেখ কৰা হল :-
   (ক) পাহাৰ, মালভূমি , সমভূমি , প্লাৱন ভূমি , জলাশয় আদিৰে বৈশিষ্ট্যপূৰ্ণ অসমৰ ভিন্ন ভূ-প্ৰকৃতিৰ বাবে যাতায়ত ব্যৱস্থা সমপ্ৰসাৰণ কৰা ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় ।
     (খ) অসমক ইয়াৰ পশ্চিমৰ ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰতৰ লগত সংলগ্ন কৰা হৈছে বাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয় ।
     (গ) বাট-পথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে কিছুমান অঞ্চলৰ মাটিৰ গুণাগুণ উপযুক্ত নহয় । তদুপৰি , প্ৰচুৰ বৰষুণৰ বাবে বাট - পথ অতি সহজে নষ্ট হয় । বাট-পথ নিৰ্মাণত আধুনিক প্ৰযুক্তি আৰু কৌশল প্ৰয়োগ নকৰাৰ ফলত অতি কম দিনৰ ভিতৰতে বাট-পথৰ শোচনীয় অৱস্থা হয় ।
    (ঘ) ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসম পিছপৰি থকা বাবে ইয়াৰ পৰিবহণ ব্যৱস্থাটোও অনুন্নত হৈ আছে ।
    (ঙ) অসমৰ পৰ্যটন উদ্যোগৰ বিকাশত যথেষ্ট গুৰুত্ব নিদিয়া বাবে পৰিবহণ ব্যৱস্থাটোও উন্নত হোৱা নাই ।
    (চ) অসমৰ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পৰা নাই তাৰ লগে লগে পৰিবহণ ব্যৱস্থাও উন্নত হোৱা নাই ।
    (ছ) উগ্ৰপন্থী সমস্যাৰ ফলত সৃষ্টি হোৱা অস্থিৰতাৰ বাবে ৰাজ্যখনত দেশী আৰু বিদেশী বিনিয়োগকাৰী হ্ৰাস হোৱা বাবে ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল  । ইয়াৰ ফলত পৰিবহণ ব্যৱস্থাও বাধাগ্ৰস্ত হৈছে ।
    (জ) অসমৰ পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰ সংখ্যাগতভাৱে হৈছে যদিও গুণগত দিশত ব্যৱস্থাটো সিমান আগবাঢ়িব পৰা নাই । লগতে গোটেই পৰিবহণ ব্যৱস্থাটোৰ কাৰ্যকৰী আৰু কাৰিকৰী দক্ষতাৰ অভাৱ পৰিলক্ষিত হৈছে ।
    (ঝ) পৰিবহণ ব্যৱস্থাৰ সামগ্ৰীক উন্নতিৰ বাবে পথ পৰিবহণ , জল  পৰিবহন  , ৰে'ল পৰিবহণ আৰু বিমান পৰিবহনৰ মাজত যি এক সমন্বয়ৰ প্ৰয়োজন সেই সমন্বয় অসমত দেখিবলৈ পোৱা নাযায় ।
    (ঞ) পৰিবহণৰ উন্নতি আৰু প্ৰসাৰৰ বাবে চৰকাৰী আঁচনিসমূহ সময়মতে আৰু সঠিক ভাবে ৰূপায়ণ নকৰা বাবে ইয়াৰ উন্নয়ন সম্ভৱ হৈ উঠা নাই ।
১৪/ সম্পদ বুলিলে কি বুজায় ? অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদ বোৰ কি কি  ?
উত্তৰ  :- যিবোৰ দ্ৰব্যই প্ৰত্যক্ষভাৱে বা পৰোক্ষ ভাৱে মানুহৰ অভাৱ আৰু চাহিদা পূৰণ কৰে তাকে সম্পদ বুলি জনা যায় । আনহাতে , যিবোৰ সম্পদক প্ৰকৃতিয়ে প্ৰাকৃতিকভাৱে সৃষ্টি কৰে তাকে প্ৰাকৃতিক সম্পদ বোলে ।
     অসমৰ প্ৰাকৃতিক সম্পদসমূহ হল :- 
  (ক) ভূমি সম্পদ  :- অসমৰ ভূমিক বিভিন্ন ভাগত ভগাব পাৰি । ইয়াৰ ভিতৰত পলসুৱা মাটি অতি গুৰুত্বপূৰ্ণ সম্পদ  । নতুন পলসূৱা মাটি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ প্লাৱন ভূমি আৰু সমভূমি অঞ্চলবোৰত পোৱা যায় । এই মাটি ধান , মৰাপাট , মাহ আৰু শাক পাচলিৰ খেতি বাবে উপযোগী ।
      পুৰণি পলসুৱা মাটি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমিৰ তুলনামূলক ভাৱে ওখ অঞ্চলত পোৱা যায় । এই মাটি ধান , মৰাপাট  , মাহ , আৰু শাক - পাচলি খেতিৰ বাবে উপযোগী ।
    (খ) বনজ সম্পদ :- জনসংখ্যা বৃদ্ধিৰ ফলত অসমৰ বনজ সম্পদ যথেষ্ট হ্ৰাস পাইছে যদিও অসম বনজ সম্পদত চহকী । সকলো প্ৰকাৰৰ ক্ৰান্তীয় অৰণ্য ইয়াত পোৱা যায় যাক বিভিন্ন প্ৰকাৰৰ চৰাই আৰু জন্তুৱে চহকী কৰিছে ।
   ইয়াত মূল্যৱান ওখ ওখ গছ - গছনি যেনে ---- নাহৰ , চোম , শিৰীষ , আমাৰি , শিমলু ইত্যাদি আদি চপাৰ গছ-গছনি আৰু ঘাঁহবন যেনে :- বাহ, বেত, কৌপাত, ঢেকীয়া , আদি পোৱা যায় । খৰি কাঠ , খেৰ , শাক - পাচলি , ফল-মূল, ঔষধি উদ্ভিদ ইত্যাদি এইবোৰৰ পৰাই আহৰণ কৰা হয় ।
      সংৰক্ষিত বনাঞ্চলকে ধৰি অসমৰ হাবিত বিভিন্ন প্ৰকাৰৰ জন্তুৰ যেনে এশিঙীয়া গঁড়, বাঘ, ভালুক , বনৰীয়া ম'হ , হৰিণ , বান্দৰ , বিভিন্ন প্ৰকাৰৰ সৰীসৃপ ইত্যাদি পোৱা যায় ।
    (গ) খনিজ সম্পদ  :- অসম খনিজ সম্পদত চহকী যদিও অসুবিধাজনক অৱস্থিতি আৰু প্ৰতিকূল অৱস্থাৰ বাবে ভালদৰে আহৰণ কৰিব পৰা নাই । অসমৰ উল্লেখযোগ্য খনিজ সম্পদবোৰ হ'ল কয়লা , খনিজ তেল , প্ৰাকৃতিক গেছ আৰু চূণশিল  । 
     উল্লেখযোগ্য তৈল ক্ষেত্ৰসমূহ হ'ল ডিগবৈ , নাহৰকটীয়া , লাকুৱা , গেলেকী , হোলা আৰু আমগুৰি । এই তৈল ক্ষেত্ৰসমূহত প্ৰাকৃতিক গেছ পোৱা । মাকুম , ডেইলী - জয়পুৰ, চৰাইপুং-জান, কলিয়াজান , উমৰাংচু, গৰমপানী , শিঙিমাৰী অঞ্চলত কয়লা পোৱা যায় ।
      পাহাৰীয়া জিলাকাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত চূণশিল পোৱা যায় । অসমত পোৱা আন আন খনিজ সম্পদসমূহ হল লোৰ আৰ , ফেলগুৰ , কোৱাৰ্টজ আৰু খনিজ মৃত্তিকা ।
    (ঘ) জলজ সম্পদ :- অসম পৃষ্ঠ জলসম্পদ আৰু ভূতল জলসম্পদ উভয়তে চহকী । ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈ , প্ৰচুৰ পৰিমানৰ বৃষ্টিপাত,লগতে বিল , জলাশয়, পিতনি, হ্ৰদ আদিৰ জলৰালিয়ে দেশৰ প্ৰায় এক তৃতীয়াংশ জল সম্পদ বহনেৰে অসমক চহকী কৰিছে । বিভিন্ন ধৰণৰ মাছ আৰু জলজ উদ্ভিদ এই জলৰাশিত পোৱা যায় । 
১৫/ অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা ।
উত্তৰ  :- ভাৰতবৰ্ষত পোন প্ৰথমে ডিগবৈত তৈলক্ষেত্ৰ আৱিস্কাৰ আৰু বিকাশ সাধন কৰা হয় আৰু ই অসমত অৱস্থিত । ১৮৮৯ চনত এই তৈলক্ষেত্ৰ খনন কাৰ্য আৰম্ভ হয় । পিছলৈ নাহৰকটীয়, মৰাণ , হুগ্ৰীজান, ৰুদ্ৰসাগৰ, লাকোৱা, গেলেকী, বৰহেলা আৰু আমগুৰি তৈলক্ষেত্ৰৰ  পৰা তেল উপৎপাদন কৰা হয় । 
১৬/ অসমৰ জলসম্পদ বিষয়ে চমুকৈ লিখা ।
উত্তৰ  :- প্ৰচুৰ পৰিমাণৰ বৃষ্টিপাত, অসংখ্য উপনৈ , বৃহৎ পৰিমাণৰ জলাশয় আদিয়ে অসমৰ ভূ-তল জল আৰু পৃষ্ঠতল জল সম্পদ চহকী কৰিছে । অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাকত যথেষ্ট পৰিমাণৰ জলসম্পদ পোৱা হয় । দুয়োখন নদী আৰু ইহঁতৰ উপনদীয় দেশৰ ভিতৰত এক তৃতীয়াংশ জলসম্পদ বহন কৰিছে । 
       ইয়াৰ উপৰি সমগ্ৰ ৰাজ্যখনতে বহুতো সৰু ডাঙৰ জলাহ আৰু পুখুৰী আছে । অসমত তিনি হাজাৰৰো অধিক আৰ্দ্ৰভূমি আছে । এই জলাশয় বোৰত বিভিন্ন প্ৰকাৰৰ অন্যান্য জলজ প্ৰাণী আৰু উদ্ভিদ পোৱা যায় । এই নদ-নদীসমূহৰ জলৰাশি কৃষিকাৰ্যৰ লগতে ঘৰুৱা প্ৰয়োজন আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় । এই নদীসমূহক ৰাজ্যৰ জল পৰিবহণ ব্যৱস্থাৰ কাৰণেও ব্যৱহাৰ কৰা হয় । ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাতো ভূ-তলীয় জল প্ৰচুৰ পৰিমাণে পোৱা যায় ।
    সমভূমি অঞ্চলত ভূ-তল ভূপৃষ্ঠৰ পৰা ৫ মিটাৰ গভীৰতাত পোৱা যায় । এই জলভাগো কৃষি, উদ্যোগ আৰু ঘৰুৱা প্ৰয়োজনত ব্যৱহাৰ কৰা হয় । কিন্ত মন কৰিবলগীয়া কথা এয়ে যে অসমত প্ৰচুৰ পৃষ্ঠ জলসম্পদ আৰু আৰু ভূতল জলসম্পদ আছে যদিও ইয়াৰ উপযুক্ত ব্যৱহাৰ এতিয়াও হোৱা নাই  ।
১৭/ অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি ?
উত্তৰ  :- সাধাৰণতে প্ৰাকৃতিক আৰু আৰু মানৱজনিত কাৰক উভয়ৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয় হয় । দুভাৰ্গ্যবশত: প্ৰাকৃতিক সম্পদত চহকী অসমত মানুহে জধে-মধে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ ফলত ইয়াৰ অৱক্ষয় হৈছে ।
      ইয়াৰ প্ৰধান কাৰণসমূহ হ'ল ----
   (ক) যোৱা কেইদিনমান দশকত অসমৰ জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ ফলত মানুহৰ বসতি আৰু খাদ্য-শস্যৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে । ফলত হাবি-বননি পৰিষ্কাৰ কৰিব লগা হৈছে, জলাশয়স পুতিব লগ হৈছে আৰু আৰু উৰ্বৰ কৃষিভূমি বসতিৰ কাৰণে ব্যৱহাৰ কৰিব লগা হৈছে ।
   (খ) অনুচিতভাৱে ভূমিৰ ব্যৱহাৰে ভূমি ক্ষয় , ভূমিৰ উৰ্বৰতা হ্ৰাস, আৰু ভূমি প্ৰদূষণ বৃদ্ধি কৰিছে ।
   (গ) খাদ্য-শস্যৰ বৰ্দ্ধিত উৎপাদনৰ কাৰণে হাবি বননি আৰু আৰ্দভূমিসমূহ চাফা কৰি খেতি-বাতিৰ কাৰণে ব্যৱহাৰ কৰা হৈছে । 
    (ঘ) ৰাসায়নিক সাৰ প্ৰয়োগৰ কৃষিভূমিৰ উৰ্বৰতা শক্তি ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে ।
    (ঙ) খনিজাত দ্ৰৱ্যৰসমূহ অবৈজ্ঞানিকভাৱে আহৰণ কৰি পৰিবহণ, উদ্যোগ আৰু শক্তিখণ্ডত অত্যাধিক মাত্ৰাত ব্যৱহাৰ কৰাৰ ফলস্বৰূপে খনিজ সম্পদসমূহৰ ধ্বংসৰ মুখলৈ আগবাঢ়ি গৈ আছে ।
   (চ) অপৰিকল্পিত নগৰীকৰণ আৰু ঔদ্যোগিকৰণ ফলস্বৰূপে বায়ু, পানী আৰু ভূমি প্ৰদূষণ বৃদ্ধি কৰিছে ।
    (ছ) প্ৰাকৃতিক সম্পদৰ অসংগত ব্যৱহাৰে প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ত উল্লেখযোগ্য ভূমিকা পালন কৰে ।
১৮/ বৰ্ধিত জনসংখ্যাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে ?
উত্তৰ  :- অসমত প্ৰচুৰ পৰিমাণে ভূমি সম্পদ, অৰণ্য সম্পদ, খনিজ সম্পদ আৰু জলসম্পদ পোৱা যায় । কিন্ত বৰ্ধিত হাৰত এই সম্পদসমূহৰ অৱক্ষয় হবলৈ ধৰিছে । ইয়াৰ প্ৰধান কাৰণটো হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত হোৱা প্ৰাকৃতিক পৰিৱেশৰ ওপৰত জনসংখ্যাৰ হেচা ।
     বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত তলত দিয়া ধৰণে প্ৰভাৱ পেলাইছে : 
    (ক) বৰ্ধিত জনসংখ্যাৰ কাৰণে অধিক বাসভূমিৰ প্ৰয়োজন হৈছে । এই প্ৰয়োজন পূৰাবলৈ হাফি-বননি পৰিষ্কাৰ কৰি, আদ্ৰভূমিবোৰ পুতি কৃষি ভূমি বোৰত মানুহে বস্তা স্থাপন কৰিবলৈ লোৱাত পৰিৱেশৰ অৱক্ষয় হৈছে । ইয়াৰ ফলস্বৰূপে বনাঞ্চল, জলাশয় আৰ্দভূমি, কৃষিভূমি আদি মূল্যৱান সম্পদ বোৰ হ্ৰাস পাই আহিছে ।
    (খ) জনসংখ্যা বৃদ্ধি মানেই খাদ্য-শস্যৰ উৎপাদন বৃদ্ধিৰ প্ৰয়োজন  । কৃষি ভূমি বোৰ মানুহৰ বসতিৰ কাৰণে ব্যৱহাৰ হোৱাত বনাঞ্চল আৰু আদ্ৰভূমিবোৰ কৃষিৰ কাৰণে ব্যৱহাৰ কৰিবলগীয়া হৈছে । তদুপৰি, খেতিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পোৱাৰ লগতে ভূমি প্ৰদূষণ আদিৰ সৃষ্টি হৈছে ।
     (গ) বৰ্ধিত জনসংখ্যাই পৰিবহণ, উদ্যোগ আৰু শক্তি খণ্ডৰ সমান্তৰাল বিকাশ সূচায় যাৰফলত অনবীকৰণযোগ্য খনিজ সম্পদসমূহৰ পৰিমাণ হ্ৰাস পাইছে । বায়ু, পানী আৰু আৰু ভূমি সম্পদ বোৰ প্ৰদূষিত হৈছে ।
১৯/ অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা (সমস্যা) নে সম্পদ  ? আলোচনা কৰা ।
উত্তৰ  :- অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বাবে বোজা হৈ পৰাটো সত্য । কিন্ত এই বৃহৎ জনসংখ্যাক বোজা হ'বলৈ নিদি সম্পদ হিচাপে গঢ়ি তোলাৰ সঠিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব  । ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা প্ৰায় ৬১ নিযুত । এয়া ভাৰতৰ মুঠ জনসংখ্যাৰ ২.৫৮ শতাংশ  ।
     অসমৰ প্ৰায় ৭৩ শতাংশ লোক শিক্ষিত  । আকৌ পুৰুষৰ শিক্ষিত হাৰ ৭৮ শতাংশ হোৱাৰ বিপৰীতে মহিলাৰ শিক্ষিত হাৰ প্ৰায় ৬৭ শতাংশ  । লক্ষ্যণীয় কথাটো এয়ে যে চীন দে  বা জাপানৰ দৰে ভাৰত তথা অসমৰ জনসংখ্যা বয়োবৃদ্ধ লোকৰ দ্বাৰা ভাৰাক্ৰান্ত হোৱা নাই ।
      অসমৰ সৰ্বমুঠ জনসংখ্যাৰ ৩৫ শতাংশ লোক ১৫ বছৰৰ পৰা ৩৪ বছৰ বয়সৰ লোক অৰ্থাৎ এনে লোকৰ সংখ্যা ১০ নিযুতকৈ অধিক । এই যুৱ প্ৰজন্মৰ লোকসকলৰ মাজত প্ৰৱল কৰ্মদক্ষতাৰ সম্ভৱনা আছে ।
      তেওঁলোকক শিক্ষা-দীক্ষা, কাৰিকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি তোলাৰ সমান্তৰালভাৱে দুৰ্বল শ্ৰেণীৰ লোক আৰু মহিলাসকলৰ ক্ষেত্ৰত সবলীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব ।
     এনে পদক্ষেপে মানৱ সম্পদ উন্নয়ন সম্ভৱ কৰি তুলিব   । অৰ্থাৎ অসমৰ বৃহৎ জনসংখ্যা সম্প্ৰতি হোৱাৰ সত্বেও কাৰ্যকৰী পৰিকল্পনা গ্ৰহণেৰে ইয়াক সম্পদত পৰিণত কৰাটো সম্ভৱ ।
২০/ অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে ?
উত্তৰ  :- অসমত মানৱ সম্পদ গঢ়াৰ কাৰণে লোৱা পদক্ষেপসমূহ হ'ল  :- 
   (ক) গ্ৰাম্যাঞ্চলত আৰু মহিলাসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ ব্যৱস্থা গ্ৰহণেৰে সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিব লাগিব  ।
   (খ) চৰকাৰে শিক্ষা সম্প্ৰসাৰণৰ বাবে অধিক পুঁজি আৱন্টন কৰিব লাগে ।
   (গ) চৰকাৰে অধিক বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা উচিত  ।
   (ঘ) চৰকাৰে ব্যক্তি আৰু প্ৰতিবেদনৰ সহযোগত যুৱচামৰ কৰ্মসংস্থানৰ অৰ্হতা বৃদ্ধিৰ বাবে পাঠ্যক্ৰম আৰম্ভ কৰা উচিত যাতে তেওঁলোকে শিক্ষাগত অৰ্হতা, বুদ্ধিমত্তা আৰু কাৰিকৰী জ্ঞান লাভ কৰিব পাৰে ।
   (ঙ) চৰকাৰে ৰাজ্যখনৰ সুদক্ষ যুৱচামক তেওঁলোকৰ নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ বাবে সমৰ্থন আগবঢ়াব লাগে  ।
  (চ) ৰাজ্যখনৰ মেধাবী ল'ৰা-ছোৱালীবোৰক উচ্চশিক্ষাৰ বাবে উদগনি যোগাব লাগে । তেওঁলোকক অৰ্থনৈতিক ভাৱে এই ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱা প্ৰয়োজন  ।
   (ছ) চৰকাৰে ৰাজ্যখনত অধিক কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ বাবে জনাব লাগে ।
    (জ) সমাজৰ পিছপৰা লোকসকল, বিশেষভাৱে সক্ষম ব্যক্তিসকল আৰু মহিলাসকলৰ সবলীকৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন ।
২১/ অসমৰ অৰ্থনৈতিত কৃষিখণ্ডৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা ।
উত্তৰ  :- অসম এখন কৃষি প্ৰধান দেশ । ৰাজ্যখনৰ লোকসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি । ৭৫ শতাংশ লোকে কৃষি কাৰ্যৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰে । অসমৰ অৰ্থনৈতিক ভেটি হৈছে কৃষি আৰু কৃষি খণ্ডই হৈছে অসমৰ অৰ্থনৈতিৰ মূল চালিকা শক্তি ।
     অসমৰ মুঠ কৰ্ম নিয়োজিত লোকৰ ভিতৰত ৫৩ শতাংশ লোকেই প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে কৃষিৰ লগত জড়িত  । অসমৰ উৎপন্ন শস্যৰ ভিতৰত চাহ, মৰাপাট, ৰবৰ আদিৰ ৰপ্তানি কৰি অধিক ৰাজহ উপাৰ্জন কৰা হয় । দেশৰ ভিতৰত ৫০ শতাংশ চা অসমতেই উৎপাদন কৰা হয়  ।
   ইয়ে অসমৰ অৰ্থনৈতিক বুজন সংখ্যক উপাৰ্জন আনি দিছে । অসমত কৃষিভিত্তিক উদ্যোগ কিছুমান যেনে --- খাদ্য  --- সামগ্ৰী নিৰ্মাণকাৰী উদ্যোগ, চাহ --- উদ্যোগ, কাগজ উদ্যোগ, চেনি উদ্যোগ, তৈলবীজ আদি সম্পূৰ্ণ ৰূপে কৃষিজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল  ।
    এই দৰে কৃষি অসমৰ অৰ্থনৈতিক এটা প্ৰধান স্তম্ভৰূপে দেখা যায় । ইয়ে অসমৰ অৰ্থনৈতিক সচ্ছলতা আনি দিছে ।
২২/ অসমৰ কৃষি-জলবায়ৱীয় অঞ্চলকেইটা কি কি ? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা ।
উত্তৰ  :- অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা হৈছে --
(১) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল  ।
(২) উত্তৰপাৰৰ সমভূমি অঞ্চল  ।
(৩) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল ।
(৪) উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল ।
(৫) বৰাক উপত্যকা অঞ্চল  ।
(৬) পাৰ্ৰত্য অঞ্চল  ।
এই অঞ্চলকেইটাৰ বৈশিষ্ট্য হৈছে :- 
   নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল ৯.৩০ লাখ হেক্টৰ মাটিত খেতি কৰা হয় , তাৰে ৫০.৩৭ লাখ হেক্টৰ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয় ।
      উত্তৰপাৰৰ সমভূমি অঞ্চলত ৫.৩৭ লাখ হেক্টৰ মাটিত খেতি কৰা হয় তাৰে, ৬২.৫৭ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয় ।
     মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ৩.২৮ লাখ হেক্টৰ মাটিত খেতি কৰা হয় , তাৰে ১৬.২১ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয় ।
    উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ৬.২০ লাখ হেক্টৰ মাটিত খেতি কৰা হয় , তাৰে ৩১.২৯ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা  হয় ।
    বৰাক উপত্যকা অঞ্চলত ২.৪২ লাখ হেক্টৰ মাটিত খেতি কৰা হয় , তাৰে ৪২.১৫ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয় ।
     পাৰ্ৰত্য অঞ্চলত ১.৫৪ লাখ হেক্টৰ মাটিত খেতি কৰা হয় , তাৰে ৬৫.৬৮ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয় ।
২৩/ অসমত কি কি ধানৰ খেতি কৰা হয় ? এই কেইটাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ  :- ধান অসমৰ প্ৰধান শস্য  । অসমৰ সকলো অঞ্চলতে এই খেতি কৰা হয় । অসমত মুলত তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয় । সেই কেইবিধ হৈছে -- আহুধান , শালি ধান আৰু বড়োধান । ইয়াৰ ভিতৰত শালিধান খেতি বিস্তৃত ভাবে কৰা হয় । অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় ৭০ শতাংশ মাটিত শালি ধানৰ খেতি কৰা হয় । ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসূৱা মাটিত শালি খেতি ভাল হয় । এই খেতি ৰোপণ পদ্ধতিৰে জুলাই আগষ্ট মাহত আৰম্ভ কৰি নবেম্বৰ মাহত চপোৱা হয় ।
   আহু খেতি সমভূমিৰ সাৰুৱা মাটিত কৰা হয় আৰু বিশেষকৈ নামনি অসমত এই খেতি বিস্তৃত ভাৱে কৰা হয় । আহু খেতি ৰোপণ আৰু সিঁচি দুই প্ৰকাৰে কৰা হয় । ফেব্ৰুৱাৰী মাৰ্চ মাহত আৰম্ভ কৰি জুন জুলাই মাহত চপোৱা হয় । 
      বড়ো ধানৰ খেতিও কম বেছি পৰিমানে অসমৰ আটাইকেইখন জিলাত কৰা হয় । এই ধানৰ খেতি সাধাৰণতে দ' ঠাইবিলাকত শীতকালত আৰম্ভ বাৰিষা জুন জুলাই মাহত বানপানী অহাৰ আগে আগে চপোৱা হয় । বানপানীড়িত অঞ্চলৰ লোকৰ মাজত এই খেতি বিশেষ জনপ্ৰিয় কাৰণ বানপানীয়ে শালি খেতি নষ্ট কৰি পেলায় ।
২৪/ ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে ?
উত্তৰ  :- ধান অসমৰ প্ৰধান সশ্য । অসমৰ আটাইকেইটা জলবায়ু অঞ্চলতে ধান খেতি কৰা হয় ।  সমভূমি এলেকাৰ লগতে অসমৰ পাহাৰীয়া অঞ্চলতো ঝুম পদ্ধতিৰে ধান খেতি কৰা হয় । অসমৰ সেমেকা জলবায়ু ধান খেতিৰ বাবে উপযোগী ইয়াক সকলো অঞ্চলতে বিস্তৃত ভাবে কৰিব পৰা যায় । ২০১১-১২ চনত মুঠ ২৫.৪৫  লাখ হেক্টৰ মাটিত ধান খেতি কৰি ৫০.৪৫ লাখ মেট্ৰিক টন ধান উৎপাদন কৰা হৈছিল  । অসমত উৎপাদিত ধানৰ ৰাজ্যখনৰ চাহিদা পূৰণ কৰাৰ লগতে ইয়াৰ ৰপ্তানিৰ জৰিয়তে ৰাজ্যখনে এক বৃহৎ আয় লাভ কৰে ।
২৫/ অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয় ?
উত্তৰ  :- অসমৰ প্ৰধান মাহজাতীয় শস্য বোৰ হ'ল :- মাটি মাহ , মগু মাহ , মচুৰ মাহ , মটৰ মাহ , ৰহৰ মাহ , আৰু বুট  মাহ ।
২৬/ অসমৰ ঝুমখেতিৰ বিষয়ে চমুকৈ লিখা ? 
উত্তৰ  :- জনজাতীয় লোকসকলে পাহাৰৰ  হাবি জংঘল কাটি মাটি মুকলি কৰি পৰম্পৰাগত সঁজুলিৰে কৰা কৃষি কাৰ্যকে ঝুম খেতি বুলে । একেবোৰ মাটিত কেইবা বছৰো ঝুম খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পালে আন এডোখৰ ঠাই নিৰ্বাচন কৰি তাত ঝুম খেতি নতুনকৈ আৰম্ভ কৰে । এনেদৰে ঠাই সলাই কৰা খেতি জনজাতীয় লোকসকলৰ কলা সংস্কৃতি আৰু জীৱন ধাৰণ প্ৰণালীৰ লগত ওত:প্ৰোত ভাৱে জড়িত হৈ আছে । অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলাত ঝুম পদ্ধতিৰে কৃষি কাৰ্য কৰা হয় । কাৰ্বি আংলং জিলাৰ মুঠ মাটিকালিৰ ৬৬ শতাংশ অঞ্চল আৰু ডিমা হাছাও পাৰ্বত্য জিলাৰ ৮৫ শতাংশ অঞ্চল পাহাৰে আবৃত্ত হৈ আছে । এই অঞ্চলটোত ঝুম খেতি কৰা হয় । কাৰ্বি আংলং জিলাত প্ৰায় ৫৪৫২ বৰ্গ কি: মি: আৰু ডিমা হাছাও জিলাত প্ৰায় ১৫৯৭ বৰ্গ কি: মি: মাটিত ঝুম খেতি কৰা হয় । ঝুম এক প্ৰকাৰৰ মিশ্ৰিত কৃষি পদ্ধতি হলেও ইয়াৰ পৰা ভাল উৎপাদন পোৱা নাযায় । এই খেতিৰ ফলত বন ধ্বংস , ভূমি ক্ষয়, মাটিৰ উৰ্বৰতাৰ হ্ৰাস আদি পৰিবেশিত সমস্যাৰ সৃষ্টি হৈছে ।
২৭/ ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি ?
উত্তৰ  :- ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেয়া খণ্ডৰ লগতে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা 
   ৰাজ্যখনৰ বিশেষকৈ গ্ৰামাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা ।
   ৰাজ্যখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা ।
    বৃহৎসংখ্যক দক্ষ লোকৰ সৃষ্টি কৰা ।
২৮/ সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজা ? উদাহৰণ দি বুজাই লিখা ।
উত্তৰ  :- অৰ্থনৈতিত যিবোৰ উদ্যোগে উৎপাদিত সা সামগ্ৰী উপভোক্তা বা গ্ৰাহকক উপলব্ধ কৰায় সেইবোৰ খণ্ডৰ লগত উদ্যোগক সেতুখণ্ডৰ উদ্যোগ বোলে ।
    সেৱা খণ্ডৰ উদ্যোগবোৰ হৈছে -- যোগাযোগ আৰু পৰিবহণ, পৰ্যটন উদ্যোগ , হোটেল ব্যৱসায় , বেংক আৰু বীমা, সকলো ধৰণৰ ব্যৱসায় , লোক প্ৰশাসন ।
   উদাহৰ স্বৰূপে বাণিজ্যৰ জৰিয়তে উপযুক্তই উৎপাদিত সামগ্ৰী পায় । যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা উৎপাদিত সা সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰাৰ লগত জড়িত  ।
২৯/ অসমৰ প্ৰধান কৃষি ভিত্তিক উদ্যোগবোৰ কি কি ?
উত্তৰ  :- অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগ বোৰ হৈছে - বন উদ্যোগ চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ  ।
৩০/ অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ  :- চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ  । পৃথিৱীৰ ভিতৰত অসমৰ চাহৰ সুনাম আছে । অসমৰ অৰ্থনৈতিত এই উদ্যোগে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে । অসমে অকলেই ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰে । চাহ খেতিৰ বাবে প্ৰয়োজনীয় অনুকুল প্ৰাকৃতিক পৰিৱেশৰ বাবেহে ৰাজ্যখনত চাহ উদ্যোগ গাঢ় উঠিছে । অসমত ২০১২ চনত তথ্য মতে মুঠ ৭৬৫ খন চাহ বাগিছা আৰু ৭৮,০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে । অসমত মুঠ ৩১৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয় । চাহ উৎপাদনৰ ক্ষেত্ৰত দেখা যায় ২০০৯ চনত অসমে ৫০০ হাজাৰ টন আৰু ২০১২ চনত প্ৰায় ৫৯০ হাজাৰ টন চাহ উৎপাদন কৰিছিল  । চাহ উদ্যোগটোৱে অসমত এক বুজন সংখ্যক লোকক কৰ্মসংস্থাপনৰ দি আহিছে । অসমৰ চাহ উদ্যোগত গড়ে দৈনিক ৬.৮৬ লাখতকৈও অধিক লোক নিয়োজিত হৈ আছে । ভাৰতৰ চাহ বৰ্ডৰ এক তথ্য অনুসৰি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰায় ৮৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰি প্ৰায় ১০৭ হাজাৰ টন চাহ উৎপাদন কৰিছে ।
৩১/ অসমৰ মীন উদ্যোগৰ বৰ্তমান অবস্থা কেনেকুৱা ?
উত্তৰ  :- অসমৰ অৰ্থনৈতিক কৃষিখণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । কৃষিখণ্ডৰ পৰিষৰ বহল আৰু ইয়াৰ ভিতৰতে পশুপালন আৰু মীনপালন অন্তৰ্ভুক্ত হৈ আছে  । বৰ্তমান সময়ত অসমত মীনপালন পালনৰ যথেষ্ট স্থল আছে । অসমখন নদ-নদী, জলাশয়, খাল বিল , পিতনি , এৰাসুতি আদিৰে ভৰপূৰ  । সেইবোৰত প্ৰকৃতিক ভাৱেই বহুতো মাছ যায় ।
     ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিস্তৃত সমভূমি আৰু প্লাৱনভূমি থকা বিল আৰু জলাশয়বোৰত মৎস্যৰ পালন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায় । মৎস্য উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা এলেকাবোৰ যথোপযুক্ত ব্যৱহাৰ হোৱা নাই । 
      ২০১১-১২ চনৰ তথ্য অনুসৰি অসমত প্ৰায় ৬০ হেজাৰ হেক্টৰ মাটিকালি সামৰি ৪৩০ খন চৰকাৰী পঞ্জীয়ন ভূক্ত বিল আছে । আনহাতে ৭৬৭ খন বিলৰ ৪০ হেজাৰ হেক্টৰ মাটিকালি অঞ্চল পঞ্জীয়ন নোহোৱাকৈ আছে ।
     মুঠ ৩.৯৪ লাখ হেক্টৰ মীন উৎপাদন ক্ষেত্ৰৰ পৰা ২০১১-১২ চনত প্ৰায় ৪৪৯০ নিযুত মাছৰ পোনা উৎপাদন কৰা হৈছিল  । সেই বছৰতে ৰাজ্যখনত মুঠ ২.৪৪ লাখ টন মাছ উৎপাদন কৰা হৈছিল । যোৱা ১০ বছৰত অসমত মাছৰ পোনা উৎপাদন প্ৰায় ২.৫ গুণ বৃদ্ধি হৈছে যদিও ১.৫ গুণহে মাছৰ উৎপাদন বৃদ্ধি পাইছে ।
       জিলা ভিত্তিক মাছৰ পোনা উৎপাদন তথ্যৰ পৰা দেখা যায় ২০১১-১২ বৰ্ষ বৰপেটা জিলাই সৰ্বাধিক মাছৰ পোনা উৎপাদন কৰিছে । তাৰ পিছত কৰিমগঞ্জ আৰু নগাঁও জিলাত অধিক মাছৰ পোনা উৎপাদন হৈছে । সেইদৰে মৎস্য উৎপাদনত নগাঁও জিলা প্ৰথম , কাছাৰ আৰু ধুবুৰী জিলা দ্বিতীয় আৰু তৃতীয় স্থানত আছে । 
     অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনত আশা কৰা ধৰণে বিশেষ অৰিহণা যোগাব পৰা নাই  । এই পৰ্যন্ত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনত মীন উদ্যোগ খণ্ডই কেৱল দুই শতাংশ অৱদান আগবঢ়াইছে । প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও অসমত মাছ উৎপাদন তেনেই সন্তোসজনক নহয় । অসমে বৰ্তমান বাহিৰৰ পৰা বছৰি ০.২০ লাখ টন মাছ ৰপ্তানি কৰে ৰাজ্যখনত বছৰি ০.৫২ লাখ টন মাছৰ নাটনি হয় । সেয়েহে অসমত মাছৰ দাম অধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ।
৩২/ অসমৰ কৃষি উন্নয়নৰ সমস্যাৰ উল্লেখ কৰা ?
উত্তৰ  :- অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পৰম্পৰাগত ভাৱে পুৰণি পদ্ধতিৰে চলি আছে ।
    অসমৰ খেতিয়কসকলৰ খেতি সাধাৰণতে সৰু সৰু খণ্ডত বিভক্ত হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্ৰয়োগ কৰিবলৈ অসুবিধা ।
    জলসিঞ্চন পদ্ধতি উন্নতি নহয় আৰু জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয় ।
    অসম বিস্তৃত ভাবে কৰা হয় আৰু কৃষি অৰ্থনৈতিত ইয়াৰ গুৰুত্ব অধিক  । কিন্ত এই খেতিৰ উন্নতিৰ বাবে আধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগত গুৰুত্ব প্ৰদান কৰা ।
     বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা অসমৰ কৃষি ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্যখনৰ মুঠ খেতি কৰা মাটিৰ ২৫ শতাংশতকৈও অধিক মাটিৰ শস্য বছৰী বানপানীয়ে নষ্ট কৰে আৰু গৰাখহনীয়াৰ ফলত প্ৰতি বছৰে বুজন পৰিমাণৰ সাৰুৱা মাটি নদীৰ বুকুত জাহ গৈছে ।
    খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা কৃষিকাৰ্যৰ লগতে কৃষকসকলক সুৰক্ষা দিবলৈ উপযুক্ত কৃষি পৰিকল্পনাৰ অভাৱ ।
    সশ্যৰ সুৰক্ষা ব্যৱস্থা আৰু সশ্য চপোৱাৰ পদ্ধতি উন্নত নহয় ।
      সশ্য বিশেষকৈ খাদ্য-শস্য সংৰক্ষণৰ সুবিধা অতি সীমিত  ।
     কৃষকে উৎপন্ন কৰা সশ্যৰ উচিত মূল্য কৃষকে প্ৰত্যক্ষভাৱে লাভ কৰিব পৰা ব্যৱস্থা নোহোৱাৰ ফলত কৃষকসকল আৰ্থিক ভাৱে দুৰ্বল হৈ আছে ।
    কৃষকসকলে উন্নত মানৰ বীজ, প্ৰয়োজনীয় সাৰ, কৃষি সজুলি আৰু কৃষি ঋণ ৰেহাই হাৰত সহজে পাব পৰা ব্যৱস্থাৰ অভাৱ ।
    ভিতৰুৱা কৃষি অঞ্চল আৰু নগৰ চহৰৰ বজাৰৰ মাজত উন্নত যাতায়ত আৰু পৰিবহণ ব্যৱস্থাৰ অভাৱ ।
    কৃষিখণ্ড আৰু কৃষিভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই ।
    কৃষি যান্ত্ৰিকীকৰণ ক্ষেত্ৰত তুলনামূলকভাৱে কম খৰচী বিজুলী শক্তিৰ ব্যৱহাৰ তেনেই সীমিত হৈ আছে ।
    কৃষি উন্নতিৰ বাবে ৰাজ্যখনত সামগ্ৰীক আন্ত:গাঁথনিৰ অভাৱ ।
৩৩/ অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা ।
উত্তৰ  :- ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ ।
     প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ ।
     অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা ।
     মূলধনৰ অভাৱ ।
     ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যোগান আৰু বিতৰণ নিয়মীয়া আৰু পৰ্যাপ্ত নহয় ।
    স্থানীয় লোকৰ মাজত উদ্যোগী স্পৃহা বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ অভাৱ ।
    উদ্যোগ স্থাপনৰ বাবে সৰল আৰু শিথিল উদ্যোগ নীতিৰ অভাৱ ।
    বিনিয়োগ সন্তোষজনক নহয় , বিষেশকৈ ৰাজ্যখনত উদ্ভৱ হোৱা আগ্ৰহী নহয় ।
     ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পৰ্যটন খণ্ডত অপৰ্য্যাপ্ত মূলধন বিনিয়োগ অনুন্নত পৰিবহণ ব্যৱস্থা বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ পৰ্যটনস্থলী দুৰ্বল আন্ত গাঁথনি আদিৰ বাবে পৰ্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হোৱা নাই  ।
    সহজে পচনশীল কৃষিজাত সশ্যৰ সংৰক্ষণৰ বাবে উপযুক্ত ভৰালৰ অভাৱত খাদ্য প্ৰস্তুতকৰণ উদ্যোগ আশাকৰামতে উন্নতি লাভ কৰা নাই 
     উদ্যোগীকৰণৰ বাবে লাগতিয়াল আন্তঃগাঁঠনিৰ অভাৱ ।
৩৪/ অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা ।
উত্তৰ  :- ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পৰ্যটন খণ্ডত এই পৰ্যন্ত আশানুৰূপ উন্নয়ন নোহোৱাৰ কাৰণ সমূহ হৈছে :- 
   অপৰ্য্যাপ্ত মূলধন বিনিয়োগ  :- বিশেষকৈ ৰাজ্যখনত উদ্ভব হোৱা বিদ্ৰোহী সমস্যাৰ বাবে অসমত বিনিয়োগ কৰিবলৈ বাহিৰৰ বিনিয়োগকাৰীসকল আগ্ৰহী নহয় । 
    অনুন্নত পৰিবহণ ব্যৱস্থা :- বহুতো পৰ্যটন স্থলী লৈ যাবলৈ আজি পৰ্যন্ত সুগম বাট পথৰ ব্যৱস্থা  হোৱা নাই । প্ৰায় বিলাক পৰ্যটন স্থলী ত কেৱল পথ পৰিবহণ ব্যৱস্থাহে উপলব্ধ  । ৰেল পথ বা আকাশীপথৰে এতিয়াও সেইবোৰ লৈ যাব পৰা অবস্থা হোৱা নাই  ।
     বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ - বাতৰি কাকত বা কোনো বৈদ্যুতিক মাধ্যম সমূহত পৰ্যটনস্থলী সম্পৰ্কে বতৰা বা বিজ্ঞাপন খুব কম পৰিমাণে প্ৰকাশ পায় , যাৰ ফলত বাহিৰৰ পৰ্যটকসকলে ইয়াত উপলব্ধ পৰিবেশৰ বিষয়ে জ্ঞাত নহয় ।
    পৰ্যটনস্থলীৰ দুৰ্বল আন্ত:গাঁথনি - পৰ্যটন উদ্যোগৰ ভালদৰে বিকাশ নোহোৱাৰ অন্য এক কাৰণ হৈছে - পৰ্যটন উদ্যোগৰ ভালদৰে বিকাশ নোহোৱাৰ অন্য এক কাৰণ হৈছে - পৰ্যটনস্থলীৰ আশে পাশে পৰ্যাপ্ত পৰিমাণে থকা - খোৱা - শুৱাৰ ভাল ব্যৱস্থাৰ বাবে হোটেল, ৰেষ্টুৰেন্ট আদিৰ অভাৱ । 
৩৫/ অসমৰ অৰ্থনৈতিত উন্নয়নৰ সম্ভাৱনাবোৰ কি কি ।
 উত্তৰ :- স্বাধীনতাৰ  অসম চাহ উদ্যোগ আৰু ডিগবৈ তেল উদ্যোগটোৰ বাহিৰে বিষেশ কোনো উদ্যোগ নাছিল  । কিন্ত যোৱা দুই তিনিটা দশকত ৰাজ্যখনত উদ্যোগীকৰণ ৰ বাবে প্ৰয়োজনীয় আন্ত:গাঁথনি উন্নত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে । তাৰ ফলস্বৰূপে ন ন উদ্যোগ গঢ়ি উঠিছে । এই উদ্যোগসমূহৰ ভিতৰত থেল শোধনাগাৰ, পেট্ৰ-ৰাসায়নিক উদ্যোগ, সাৰ কাৰখানা , কাগজ কল, চিমেন্ট উদ্যোগ, চেনি কল, কপাহ উদ্যোগ, মৰাপাট কল আদিয়ে প্ৰধান  । বৰ্তমান অসমত ১০০ তকৈও অধিক মধ্যমীয়া বিধৰ আৰু ১৭,৫০০ টা সৰু উদ্যোগ আছে । আনহাতে হস্ততাঁত আৰু হস্তশিল্পৰ ক্ষেত্ৰত অসম আগবঢ়া । মুগা সূতাৰ উৎপাদন অসমৰ এটা একচটীয়া উদ্যোগ  । পাটশিল্প , বাহবেতৰ শিল্প, কাঁহ - পিতলৰ শিল্পৰ ক্ষেত্ৰত অসমত এই পৰ্যন্ত উপযুক্ত বজাৰ গঢ়ি উঠা নাই । এইবিলাকত পৰ্যাপ্ত মূলধন বিনিয়োগ হোৱা নাই । চৰকাৰৰ অনিহা আৰু সদিচ্ছাৰ অভাৱত অসমত আজিও স্থানীয় শিল্পজাত সামগ্ৰীয়ে বাহিৰৰ পৰা অহা শিল্পজাত সামগ্ৰীৰ সৈতে ফেৰ মাৰিবলগীয়া হয় । অন্যথা এই হস্তশিল্পজাত সামগ্ৰীয় অসমৰ নাম বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হল হয় ।
    ঠিক তেনেদৰে খনিজ সম্পদতো অসম এখন চহকী ৰাজ্য । খনিজ সম্পদৰাজীৰ পৰা অসমে ভালেখিনি ৰাজহ লাভ কৰে । বনজ সম্পদতো অসমখন চহকী । অসমৰ হাবিত উপলব্ধ, বাহ বেত , খেৰ , থৰি, বিল - খালৰ মৎস্য সম্পদৰ পৰা আৰু নদীৰ বুকুত শিলবালিৰ পৰা অজস্ৰ ৰাজস্ৰ লাভ কৰে । পৰ্যটন উদ্যোগটোৰো অসমত যথেষ্ঠ সম্ভৱনা লুকাই আছে । সুবিধাজনক যাতায়ত আৰু যোগাযোগ ব্যৱস্থা । বিজ্ঞাপন আদিৰ জৰিয়তে এই উদ্যোগটোৰ বিকাশ সাধন কৰিব পাৰি । ভূমি আৰু জলসম্পদতো অসম খন চহকী ৰাজ্য । কিন্ত মাটিৰ গুণাগুণৰ ভিত্তিত উপযুক্ত ভূমি ব্যৱহাৰৰ পৰিকল্পনা এতিয়াও হোৱা নাই  । অসমৰ ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইহতৰ উপনৈৰ প্ৰচুৰ জলসম্পদ বৰ্তমানলৈকে আশাপ্ৰদ ভাবে ব্যৱহাৰ হোৱা নাই  । উপযুক্ত পৰিকল্পনাৰে অসমৰ জলসম্পদ, কৃষি , উদ্যোগ, শক্তি আৰু পৰিবহণ খণ্ডত ব্যৱহাৰ কৰিলে তাৰ পৰা ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ তৰান্বিত হব বুলি আশা কৰিব পাৰি ।
      ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ দৰে অসমতো মানৱ সম্পদ উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা আছে । অসমৰ জনসংখ্যাৰ ব্যক্তিগত বৈশিষ্ট্য লক্ষ্য কৰিলে দেখা যায় যে প্ৰাথমিক বৃত্তিৰ বাহিৰে দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক খণ্ডত ৰাজ্যখনে বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই । ৰাজ্যখনৰ বৃহৎ জনসংখ্যাৰ কৰ্মদক্ষতা বৃদ্ধি কৰি অৰ্থনৈতিক খণ্ডসমূহত নিয়োগৰ ব্যৱস্থা কৰিব পাৰিলেহে মানৱ সম্পদৰ উন্নতি আশা কৰিব পাৰি । ইয়াৰ উপৰিও জনসংখ্যাৰ দূৰ্বল শ্ৰেণীৰ লোক, বিশেষ কৈ দৰিদ্ৰ, অক্ষম আৰু মহিলাসকলক উপযুক্ত ভাৱে সবলীকৰণ কৰিব লাগিব  । কেৱল অৰ্থনৈতিক উন্নতিৰ নামত প্ৰাকৃতিক সম্পদৰাজী অবিবেচভাৱে ব্যৱহাৰ কৰিলে এটা সময়ত এইবোৰ নোহোৱা হৈ গলে তাৰ কুফল জণগণে ভোগ কৰিব লাগিব  ।
CLASS 1O COCIAL SCIENCE ANSWER 
    ইতিহাসৰ প্ৰশ্নোত্তৰ (প্ৰথম খণ্ড)   
    ভূগোল প্ৰশ্ন উত্তৰ (দ্বিতীয় খণ্ড)   
৪/ অসমৰ ভূগোল  
   ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান (তৃতীয় খণ্ড)  

CLASS 1O ASSAMESE ANSWER 
Group -A (বাধ্যতামূলক) 
   পদ্যাংশ    
৫/     
   গদ্যাংশ    
 Group B-বৈকল্পিক 
   পদ্যাংশ    
   গদ্যাংশ    
CLASS 1O GRAMMAR ANSWER 
CLASS 11 ASSAMESE ANSWER 

Post a Comment

0 Comments