ভাৰতীয় গণতন্ত্ৰ class 10 mcq

ৰাজনীতি বিজ্ঞান আৰু অৰ্থনৈতিক বিজ্ঞান 
ভাৰতীয় গণতন্ত্ৰ 

ভাৰতীয় গণতন্ত্ৰ class 10 question answer 
ভাৰতীয় গণতন্ত্ৰ প্ৰশ্ন উত্তৰ 
অতি চমু উত্তৰৰ প্ৰশ্ন:
১/ ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল  ?
উত্তৰ :- ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো হ'ল - শ্ৰমিক দল ।
২/ "কেবিনেট মিচন " ভাৰতলৈ কেতিয়া আহিছিল  ?
উত্তৰ :- কেবিনেট মিচন ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল  ।
৩/ সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল  ?
উত্তৰ :- সংবিধান সভাৰ প্ৰথম সভাপতি ড⁰ সচ্চিদানন্দ সিনহা আছিল ।
৪/ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ?
উত্তৰ :- খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ'ল- ড⁰ বি, আৰ, আম্বেদকাৰ  ।
৫/ "সমাজবাদী আৰু " ধৰ্মনিৰপেক্ষ " শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল  ?
উত্তৰ :- সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল  ।
৬/ ইংৰাজী "Federation" শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?
উত্তৰ :- ইংৰাজী "Federation" শব্দটো লেটিন শব্দ "Foedus" ৰ পৰা আহিছে ।
৭/ "যুক্তৰাষ্ট্ৰৰ গৃহভূমি " বুলি কাক কোৱা হয় ?
উত্তৰ :- যুক্তৰাষ্ট্ৰৰ গৃহভূমি" বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয়  ।
৮/ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?
উত্তৰ :- ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই ।
৯/ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ?
উত্তৰ :- ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ।

চমু উত্তৰৰ প্ৰশ্ন 

১/ ব্ৰিটিছ চৰকাৰে "কেবিনেট মিচন'ক কিয় ভাৰতলৈ পঠিয়াইছিল ?
উত্তৰ :- ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ বাবে এখন নতুন সংবিধান প্ৰণয়ন কৰাৰ উদ্দেশ্যৰে প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তুলিবলৈ তথা যাৱতীয় প্ৰস্তুতি চলাবলৈ কেবিনেট মিছন ভাৰতলৈ প্ৰেৰণ কৰিছিল  ।
২/ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল  ?
উত্তৰ :- ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি পৰিচালিত হৈছিল  । ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখন ইংলেণ্ডৰ সংসদে প্ৰস্তুত কৰিছিল  ।
৩/ প্ৰস্তাৱনাত "আমি ভাৰতীয় জনসাধাৰণে" বুলি কিয় উল্লেখ কৰা হৈছে ?
উত্তৰ :- প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা " আমি ভাৰতীয় জনসাধাৰণে" বুলি কোৱা বাক্যাংশটোয়ে ইয়াকে জোৰ দি বুজাব বিচৰা হৈছে যে ভাৰতীয় সংবিধানখনৰ প্ৰকৃত ক্ষমতা ভাৰতীয় নাগৰিকসকলৰ হাততহে আছে এইখন কেৱল তেওঁলোকৰ বাবে । ভাৰতীয় জনসাধাৰণেই হ'ল ভাৰতৰ সংবিধান ৰচনাৰ আঁৰত থকা বৃহৎ শক্তি ।
৪/ "সাৰ্বভৌম" মানে কি বুজা ?
উত্তৰ :- 'আভ্যন্তৰীণ আৰু বাহ্যিক উভয় বিষয়তে চৰম ক্ষমতা প্ৰয়োগ কৰ্তৃত্ব থকা ৰাষ্ট্ৰয়েই হৈছে সাৰ্বভৌম ৰাষ্ট্ৰ । সাৰ্বভৌমত্বই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা সূচায় ।
৫/ কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত "সমাজবাদী" আৰু " ধৰ্মনিৰপেক্ষ " সব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে ?
উত্তৰ :- ১৯৭৬ চনৰ ১৮ ডিচেম্বৰত হোৱা সংবিধানৰ ৪২ তম সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত " সমাজবাদী" আৰু " ধৰ্মনিৰপেক্ষ " শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল  ।
৬/ " অৰ্ধযুক্তৰাষ্ট্ৰ " কাক বোলে ?
উত্তৰ :- এখন ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্ৰিক চৰকাৰ উভয়ৰে বৈশিষ্ট্য থাকিলে তাক " অৰ্ধ-যুক্তৰাষ্ট্ৰ" বুলি কোৱা হয় ।
৭/ কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল  ?
উত্তৰ :- ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল  ।

দীঘল উত্তৰৰ প্ৰশ্ন  :

১/ ভাৰতবৰ্ষত সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ।
উত্তৰ :- প্ৰস্তাৱনাটো হৈছে ভাৰতীয় সংবিধানৰ পাতনি যিয়ে সংবিধানৰ লক্ষ্য, উদ্দেশ্য, আদৰ্শ আৰু সম্পৰ্কে সংবিধান খনৰ আৰম্ভনিতে চমুকৈ পৰিচয় কৰি দিছে আৰু আইনগত ভাৱে এই বোৰ সাধন কৰিব বিচৰাৰ বিষয়ে ব্যাখ্যা কৰিছে ।
    সেয়েহে, ইয়াৰ ভাৰতীয় সংবিধানৰ আত্ম, বিবেক, দুৱাৰডলি আৰু চাবিকাঠী হিচাপে গণ্য কৰা হয় । ই সংবিধানৰ আভ্যন্তৰীণ উদ্যমক প্ৰতিফলিত কৰে । প্ৰস্তাৱনাটোৰ প্ৰতিটো শব্দই সংবিধানৰ আদৰ্শ, দৰ্শন তথা উদ্দেশ্য সমূহক বহন কৰিছে ।
    প্ৰস্তাৱনাটোৰ একেবাৰে আৰম্ভণিৰ " আমি ভাৰতীয় জনসাধাৰণে" বোলা বাক্যাংশটোৱে এইটো আদৰ্শক প্ৰতিফলিত কৰিছে যে সংবিধানৰ প্ৰকৃত কৰ্তৃত্ব ভাৰতীয় নাগৰিকসকলৰ ওপৰত ন্যস্ত আছে তেওঁলোকেই হৈছে সংবিধান ৰচনাৰ আঁৰত থকা প্ৰধান শক্তি ।
    তদুপৰি , প্ৰস্তাৱনাটোত এইটোও স্পষ্টকৈ কোৱা হৈছে যে ভাৰতবৰ্ষৰ এখন সাৰ্বভৌম, সমাজবাদী , ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতান্ত্ৰিক দেশ । এই প্ৰতিটো শব্দই সংবিধানখনৰ আদৰ্শ সমূহ প্ৰতিফলিত কৰিছে ।
      প্ৰস্তাৱনাত এইটোও উল্লেখ কৰা হৈছে যে ভাৰতত ন্যায় , স্বাধীনতা , সমতা আৰু ভ্ৰাতৃত্ববোধ স্থাপন কৰা হ'ব । এই শব্দকেইটাৰ জৰিয়তেও সংবিধানৰ আদৰ্শ আৰু উদ্দেশ্যসমূহৰ ওপৰত জোৰ দিছে । এই দৰে প্ৰস্তাৱনাটোৰ প্ৰতিটো শব্দত ভাৰতীয় সংবিধানৰ আদৰ্শ সমূহ স্পষ্টভাৱে প্ৰকাশ পাইছে ।
২/ "সাৰ্বভৌম " "সমাজবাদী", "ধৰ্মনিৰপেক্ষ ", "গণতান্ত্ৰিক " আৰু গণৰাজ্য " বুলিলে কি বুজা বহলাই লিখা ।
উত্তৰ :- উল্লেখিত শব্দ কেইটাক তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি :
   (ক) সাৰ্বভৌম  :- শব্দৰ অৰ্থ হৈছে সৰ্বোচ্চ ক্ষমতাৰ গৰাকী । অৰ্থাৎ সাৰ্বভৌম ৰাষ্ট্ৰ এখনে ৰাষ্ট্ৰখনৰ আভ্যন্তৰীণ বিষয়ৰ লগতে বৈদেশিক ক্ষেত্ৰতো স্বাধীনভাৱে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে । ই কোনো বিদেশী শক্তিৰ অধীনত নহয় ।
    (খ) সমাজবাদী :- ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ  ।১৯৭৬ চনৰ ৪২ তম সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত এই শব্দটো সংযোজন কৰা হৈছে । ই দেশৰ নাগৰিক সকলৰ মাজত দেশৰ সম্পদসমূহ সমানভাৱে বিতৰণ কৰাৰ ধাৰণাটো ব্যক্ত কৰিছে ।
     দেশৰ সম্পদসমূহ মাত্র কেইজনমান লোকৰ হাতত থুপীকৃত হোৱাটো পৰিহাৰ কৰিবলৈ চৰকাৰে উপযুক্ত আইন প্ৰণয়ন কৰিব  ।  
    (গ) ধৰ্মনিৰপেক্ষ  :- ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ । ১৯৭৬ চনৰ ৪২ তম সংশোধনীৰ দ্বাৰা সংবিধানৰ প্ৰস্তাৱনাত এই শব্দটো সংযোজন কৰা হৈছিল । ই ভাৰতত কোনো ৰাষ্ট্ৰীয় ধৰ্মনাই বুলি উল্লেখ কৰিছে । দেশৰ নাগৰিকসকলৰ নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম গ্ৰহণ, অনুশীলন তথা প্ৰচাৰ কৰাৰ অধিকাৰ আছে ।
     (ঘ) গণতান্ত্ৰিক  :- ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ । এখন গণতান্ত্ৰিক দেশ হিচাপে জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি দ্বাৰা ভাৰতবৰ্ষ শাসন কাৰ্য পৰিচালিত হয় । গণতান্ত্ৰিক দেশ হিচাপে ইয়াৰ প্ৰতিজন নাগৰিকৰে নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ আৰু ভোটদান কৰাৰ অধিকাৰ আছে ।
    (ঙ) গণৰাজ্য :- ভাৰতবৰ্ষ এখন গণৰাজ্য । ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হলে তথা বংশানুক্ৰমিক নহ'লে তাক গণৰাজ্য হিচাপে জনা যায় । জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি সকলৰ দ্বাৰা
 ৫ বছৰ কাৰ্যকলালৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিজনক নিৰ্বাচিত কৰা হয় ।
৩/ নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱনাকেইটা আলোচনা কৰা । 
উত্তৰ  :- ভাৰতীয় সংবিধানৰ সন্দৰ্ভত পণ্ডিত জৱাহৰলাল নেহৰুৱে আগবঢ়োৱা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱনাকেইটা তলত উল্লেখ কৰা হল :
   (ক) ভাৰতবৰ্ষক এখন স্বাধীন, সাৰ্বভৌম, প্ৰজাতন্ত্ৰ হিচাপে ঘোষণা কৰিবলৈ সংবিধানৰ সভা দৃঢ়প্ৰতিজ্ঞা হ'ব ( পিছলৈ " স্বাধীন " শব্দটো বাদ দিয়া হয় ) ।
   (খ) ব্ৰিটিছ শাসিত ভাৰতীয় ভূখণ্ড আৰু ভাৰতীয় ৰাজ্যক্ষেত্রৰ অন্তভূৰ্ক্ত হ'ব বিচৰা দেশীয় ৰাজ্যসমূহক লৈ এখন সংঘ গঠন কৰা হ'ব ।
    (গ) ভাৰতীয় জনগণৰ সামাজিক , অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় , সমতা , ধৰ্মীয় স্বাধীনতা ৰক্ষা , চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃত প্ৰদান কৰা হব ।
    (ঘ) অনুসূচিত জাতি , জনজাতি , অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনগণৰ সুৰক্ষাৰ বাবে সঠিক ব্যবস্থা গ্ৰহণ হ'ব  ।
    (ঙ) দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব ।
    (চ) আন্তৰ্জাতিক সম্পৰ্ক, বিশ্ব শান্তি আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।
    (ছ) ভাৰতীয় জনগণৰ সকলো ক্ষমতাৰ উৎস হ'ব বুলি নিশ্চয়তা প্ৰদান কৰা ।
     (জ) ভাৰতীয় সংঘত অন্তৰ্ভুক্ত হ'বলৈ ইচ্ছুক হোৱাৰ দেশীয় ৰাজ্যসমূহক অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ব শাসনৰ মাধ্যমেৰে অংগৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হ'ব ।
৪/ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যবস্থাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা ।
উত্তৰ  :- ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য সমূহ হৈছে :- 
  (ক) ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো হৈছে এক " অৰ্ধ - যুক্তৰাষ্ট্ৰীয় " ব্যৱস্থা । ই যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্ৰিক উভয়ৰে বৈশিষ্ট্যৰে গঠিত  ।
   (খ) ইয়াত সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এখনেই সংবিধানৰ ব্যৱস্থা কৰা হৈছে ইয়াত ভাৰত যুক্তৰাষ্ট্ৰ গঠন কৰা প্ৰতিখন অংগৰাজ্যৰ বাবে কোনো পৃথক সংবিধানৰ ব্যৱস্থা নাই ।
   (গ) ভাৰতীয় সংঘৰ অংগৰাজ্য সমূহৰ সংঘৰ পৰা আঁতৰি যোৱাৰ অধিকাৰ - নাই ।
    (ঘ) ইয়াত ৰাজ্যিক চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী কিয়নো সংবিধানে সকলোবোৰ গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰিছে ।
   (ঙ) ইয়াত ৰাজ্যপাল সকলে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিত্ব হিচাপে কাম কৰে । ৰাজ্যপাল সকলৰ নিযুক্তি প্ৰক্ৰিয়াই ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰা নাই  ।
   (চ) ইয়াত দেশ খনৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সুৰক্ষিত কৰাৰ উদ্দেশ্য দেশৰ জনসাধাৰণক একক নাগৰিকত্ব প্ৰদান কৰা হৈছে ।
    (ছ) ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল  । সেয়েহে ইয়াক " " সহযোগিতামূলক যুক্তৰাষ্ট্ৰ " বুলি কোৱা হয় ।
৫/ ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্য সমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা ।
উত্তৰ  :- ভাৰতীয় সংবিধান প্ৰণেতা সকলে ভাৰতবৰ্ষত পৰিবেশ তথা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতক বিশ্বৰ ভিতৰত এখন সকীয়া সংসদীয় গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিস্থা কৰিবলৈ ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰৰ ব্যৱস্থা কৰিছিল  । ভাৰতৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্য সমূহ হৈছে :-
    (ক) ভাৰতৰ সংসদীয় ব্যৱস্থাটো বা সংসদ দুখন স্নেহে গঠিত  । এই সদন দুখন হৈছে লোকসভা আৰু ৰাজ্যসভা ।
    (খ) ভাৰতৰ ৰাষ্ট্ৰপতিজন ভাৰতীয় সংসদৰ এটা অবিচ্ছেদ্য অংগ ।
    (গ) ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰ জনগণৰ দ্বাৰা সৃষ্ট আৰু ই জনগণৰ ওচৰত দায়বদ্ধ  ।
     (ঘ) ৰাষ্ট্ৰৰ মুৰব্বী জন হৈছে ইয়াত জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি ।

CLASS 1O COCIAL SCIENCE ANSWER 
    ইতিহাসৰ প্ৰশ্নোত্তৰ (প্ৰথম খণ্ড)    
    ভূগোল প্ৰশ্ন উত্তৰ (দ্বিতীয় খণ্ড)    
    ৰাজনীতি আৰু অৰ্থনৈতি বিজ্ঞান (তৃতীয় খণ্ড)    
১/ ভাৰতীয় গণতন্ত্ৰ   
CLASS 1O ASSAMESE ANSWER 
CLASS 11 ASSAMESE ANSWER  


Post a Comment

0 Comments