মুদ্ৰা আৰু বেংক ব্যৱস্থা class 10 question answer

মুদ্ৰা আৰু বেংক ব্যৱস্থা 

অতি চমু উত্তৰৰ প্ৰশ্ন  
১/ বিনিময় প্ৰথা কি ?
উত্তৰ :- বিনিময় প্ৰথা হৈছে এনে এক ব্যৱস্থা যত সামগ্ৰীৰ বিপৰীতে প্ৰত্যক্ষভাৱে সামগ্ৰী বিনিময় কৰা হয় ।
২/ মুদ্ৰা কি ?
উত্তৰ :- ইংৰাজ অৰ্থনীতিবিদ জিয়ফ্ৰী ক্ৰাউথাৰৰ মতে , " বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু সামগ্ৰীৰ মূল্যৰ মাপকাঠী হিচাপে আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই হৈছে মুদ্ৰা " ।
৩/ মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা ।
উত্তৰ  :- মুদ্ৰাৰ এটা মুখ্য কাৰ্য এয়ে যে ই লেনদেন সুবিধাজনক কৰিবলৈ বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়ায় ।
৪/ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া ।
উত্তৰ  :- অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ'ল :- চেক বা ধনাদেশ  ।
৫/ প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি ?
উত্তৰ  :- প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰাই প্ৰতীকী মুদ্ৰাক সূচায় , যাক সমমূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত কৰাটো সম্ভৱ ।
৬/ বেংক কি ?
উত্তৰ  :- বেংক হ'ল সঞ্চয় গ্ৰহণ কৰা আৰু ঋণ প্ৰদান কৰা একধৰণৰ বিত্তীয় প্ৰতিষ্ঠান  ।
৭/ ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল  ?
উত্তৰ  :- ভাৰতীয় ৰিজাৰ্ভ বেংক ১৯৩৫ চনত স্থাপিত হৈছিল  ।
৮/ চলিত আমানত কি ?
উত্তৰ  :- চলিত আমানত (Current deposit ) হৈছে এনে একধৰণৰ আমানত ব্যৱস্থা য'ত সঞ্চয়কাৰীয়ে যিকোনো সময়তে নিজৰ জমা ধন উলিয়াই আনিব পাৰে ।

চমু উত্তৰৰ প্ৰশ্ন  

১/ সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে ?
উত্তৰ  :- বিনিময় প্ৰথা অভাৱত দ্বৈত সংগতি বা দুয়োপক্ষৰ অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে । এই প্ৰথাত দোয়োপক্ষৰ অভাৱসমূহৰ মাজত সংগতি নাথাকিলে বিনিময়  কৰাটো অসম্ভৱ হৈ পৰে ।
     উদাহৰণস্বৰূপে , যদি 'ক' আৰু 'খ' পৰস্পৰৰ মাজত বিনিময় কৰিব বিচাৰে , তেন্তে " 'খ' ই বিচাৰ বস্তটো 'ক' ৰ ওচৰত থাকিবই লাগিব আৰু একে সময়ত 'ক' ই বিচাৰ বস্তটোও 'খ' ৰ ওচৰত থাকিব লাগিব  । যদি 'ক' আৰু 'খ' ই এই চৰ্ত পূৰণ কৰিব নোৱাৰে , তেন্তে ইয়াত অভাৱত সংগতিবিহীনতাই দেখা দিব আৰু এনেক্ষেত্ৰত বিনিময় অসম্ভৱ হৈ পৰিব ।
২/ মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা ?
উত্তৰ  :- মূল্যৰ ভাণ্ডাৰ বুলিলে মুদ্ৰাৰ কাৰ্যক বুজায় যিয়ে মুদ্ৰাৰ সঞ্চয় কৰি ৰখাৰ লগতে পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোঁতে ইয়াক ব্যৱহাৰোপযোগী কৰিতোলে ।
৩/ মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয় ?
উত্তৰ  :- মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা কিয়নো বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়োৱা যিকোনো সামগ্ৰীৰে সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব  । মুদ্ৰাক সৰ্বসাধাৰণ লোকে কোনো সংকোচ নকৰাকৈ গ্ৰহণ কৰি লোৱা বাবেহে ই বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে ।
৪/ মুদ্ৰাৰ তাৰল্য গুণ কি ?
উত্তৰ  :- মুদ্ৰাৰ তাৰল্য গুণ বুলি ক'লে প্ৰয়োজন সাপেক্ষে মুদ্ৰা সমমূল্যৰ সেৱা তথা সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'ব পৰা গুণটোকে বুজোৱা হয় । মুদ্ৰাক সকলোতকৈ তাৰল্য গুণসম্পন্ন সম্পত্তি হিচাপে গণ্য কৰা হয় কিয়নো ইয়াক সহজে অন্য সম্পদলৈ ৰূপান্তৰিত কৰিব পৰা যায় ।
    মুদ্ৰাৰ উপৰি এনেধৰণৰ অন্যান্য সম্পদসমূহ হৈছে সোণ , ৰূপ , ভূমি আদি ।
৫/ " মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী " ব্যাখ্যা কৰা ।
উত্তৰ  :- আমি জানো যে সকলোবোৰ আৰ্থিক সামগ্ৰীৰে মূল্য আছে । মূল্যৰ ক্ষেত্ৰত মূল্যৰ মাপকাঠী হিচাপে মুদ্ৰাই যিকোনো সা-সামগ্ৰী বা সেৱাৰ মূল্য প্ৰকাশ কৰাত সহায় কৰে । যিহেতু মুদ্ৰা হৈছে সামগ্ৰীৰ উমৈহতীয়া মাপকাঠী সেয়েহে ইয়াৰ দ্বাৰা যিকোনো সেয়া বা - সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰাটো অতি সহজ হৈ পৰে ।
    গতিকে , এইটোৱে শুদ্ধকৈ ব্যক্ত কৰিছে যে " মুদ্ৰা হৈছে সা --- সামগ্ৰী তথা সেৱাসমূহৰ মূল্যৰ উমৈহতীয়া মাপকাঠি " ।
৬/ আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে ?
উত্তৰ  :- আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদন কৰা কাৰ্যসমূহ হল :- 
     (ক) কম সুতৰ হাৰত গাঁওবাসীসকললৈ ঋণ প্ৰদান কৰি তেওঁলোকক ব্যক্তিগত ঋণদাতাসকলৰ দ্বাৰা দাবী কৰা উচ্চ পৰিমাণৰ সুতৰ হাৰৰ পৰা সকাহ দিয়া । 
    (খ) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত ব্যৱহাৰ কৰাৰ দ্বাৰা গ্ৰাম্য সঞ্চয়ক উৎসাহিত কৰা ।
৭/ আঞ্চলিক গ্ৰাম্য বেংক কি কাৰ্য সম্পাদন কৰে ?
উত্তৰ  :- আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যবোৰ হৈছে :-
  (ক) বেপাৰী , মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাওঁবাসীলৈ অতি কম সুতৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাওঁবাসীক সকাহ দিয়ে  ।
  (খ) গ্ৰাম্য সঞ্চয় সংৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা ।
৮/ অনা বেংক প্ৰতিষ্ঠান সমূহ বেংকতকৈ কি অৰ্থত বেলেগ ?
উত্তৰ  :- (ক) বেংক প্ৰতিষ্ঠান  :- ইয়াত চেকৰ ব্যৱহাৰ, বীমা আঁচনি , সঞ্চয়ৰ নিৰাপত্তা থাকে ।
  (খ) অনা বেংক  :- ইয়াত চেকৰ ব্যৱহাৰ, মীমা আঁচনি , সঞ্চয়ৰ নিৰাপত্তা নাথাকে ।

দীঘল উত্তৰৰ প্ৰশ্ন  

 ১/ বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা ।
উত্তৰ  :- বিনিময়ৰ প্ৰথাৰ চাৰিটা অসুবিধা হৈছে :- 
  (ক) সংগতিবিহীন অভাৱ :- ইয়াত বিনিময় প্ৰথা সাধাৰণতে অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে । ইয়াত বিনিময় কাৰ্য সম্পাদন কৰিব বিচৰা ব্যক্তি দুজনৰ হাতত থকা সামগ্ৰীসমূহ পৰস্পৰৰ অভাৱ পূৰণ কৰিব প্ৰথা সম্ভাৱ নহয় ।
   (খ) হিচাপ -- নিকাচৰ উমৈহতীয় একক অভাৱ :- সকলো সামগ্ৰীৰ মূল্য অন্য সামগ্ৰীৰ দ্বাৰা নিৰ্ধাৰণ বা প্ৰকাশ কৰিব লাগিব, ফলস্বৰূপে প্ৰতিটো সামগ্ৰীৰ বিপৰীতে অন্য সামগ্ৰীৰ বিনিময় হাৰ ভিন্ন হ'ব । এনেদৰে প্ৰতিটো সামগ্ৰীৰ বিপৰীতে বিনিময় হাৰ মনত ৰখা তথা ৰক্ষা কৰাটো অসম্ভ ।
   (গ) বিনিময়যোগ্য সামগ্ৰীৰ অবিভাজ্যতা :- বিনিময়যোগ্য সামগ্ৰীসমূহ অবিভাজ্য প্ৰকৃতিৰ হ'লে বিনিময় প্ৰথা সম্পন্ন কৰাটো অসম্ভৱ হৈ উঠে ।
    উদাহৰণস্বৰূপে --- হাতী এটাৰ দৰে ডাঙৰ বস্ত এটা আপেলৰ দৰে সৰু বস্ত এটাৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিলে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব কাৰণ হাতীটোৰ সৰু সৰু অংশত বিভাজিত কৰি বিনিময় কাৰ্য সম্পাদন কৰাটো সম্ভৱ নহয় ।
   (ঘ) সঞ্চয় তথা মূল্য ভাণ্ডাৰৰ অভাৱ :- বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব  । কিন্ত সামগ্ৰীৰ ৰূপত মূল্যৰ ভাণ্ডাৰ সঞ্চয় কৰিলে নিৰ্দিষ্ট কিছুমান সমস্যাৰ সৃষ্টি হ'ব , যেনে :
   (i) সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয়ৰ খৰচ ।
   (ii) গাখীৰ , মাছ , কণী আদিৰ দৰে ক্ষয়িষ্ণু বা পচনশীল দ্ৰব্যসমূহৰ ক্ষেত্ৰত মূল্যৰ হানি  ।
২/ মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা ।
উত্তৰ  :- মুদ্ৰাৰ প্ৰধান চাৰিটা বৈশিষ্ট্যসমূহ হ'ল --
   (ক) সাধাৰণ গ্ৰহণযোগ্যতা :- বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়াবলৈ হ'লে মুদ্ৰা সৰ্বসাধাৰণ লোকৰ দ্বাৰা কোনা সংকোচ নোহোৱাকৈ গ্ৰহণযোগ্য হোৱাটো অতি প্ৰয়োজীয় । সাধাৰণ গ্ৰহণযোগ্যতা নহ'লে বিনিময়ৰ মাধ্যম হব নোৱাৰে ।
   (খ) সহজবোধগম্যতা বা চিনাক্তকৰণ  :- মুদ্ৰাৰ সহজ বা ধগম্যতা শব্দটোৰ দ্বাৰা মুদ্ৰাৰ যে সহজে চিনাক্তকৰণ কৰিব পাৰি তাকে বুজোৱা হৈছে । ই আন সকলোবোৰ সামুদ্ৰিকতকৈ বেলেগ আৰু ইয়াক সহজে চিনাক্ত কৰিব পৰা যায় ।
  (গ) দীৰ্ঘস্থায়িত্ব  :- মুদ্ৰাৰ দীৰ্ঘস্থায়িত্বতা বুলিলে দীৰ্ঘ সময়ৰ ভিতৰত নষ্ট নোহোৱা অথবা অৱনতি নঘটা ধৰণৰ গুণসম্পন্ন হ'ব লাগিব  । যদিহে মুদ্ৰাৰ অৱনতি ঘটিলহেতেঁন তেন্তে ইয়াক দীৰ্ঘ সময়লৈ মূল্যৰ ভাণ্ডাৰ হিচাপে সঞ্চয় কৰাটো সম্ভৱ নহ'লহেঁতেন  ।
   (ঘ) সাদৃশ্যতা :- মুদ্ৰা প্ৰকৃতিত পূৰ্ণ সাদৃশ্যযুক্ত । সহজ অৰ্থত ক'বলৈ গ'লে , সাদৃশ্য পৰিমাণৰ মুদ্ৰা সকলো দিশৰ পৰা অবিকল একে হ'ব লাগিব অৰ্থাৎ আকাৰ , আকৃতি , কাগজৰ গুণাগুণ আদি সকলো দিশৰ পৰা ।
৩/ মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা ।
উত্তৰ  :- মুদ্ৰাই সম্পন্ন কৰা কাৰ্যক বিস্তৃত ভাবে তিনিটা ভাগত ভাগ কৰিব পাৰি  :-
   (ক) মুখ্য কাৰ্য  :-
   (i) বিনিময়ৰ মাধ্যম  :- মুদ্ৰাৰ প্ৰধান কাৰ্য হ'ল যে ই বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়ায় । আমি সকলো ধৰণৰ সেৱা তথা সা-সামগ্ৰীৰ লেনদেনৰ ক্ষেত্ৰত মুদ্ৰা ব্যৱহাৰ কৰোঁ । মুদ্ৰাৰ সাধাৰণ গ্ৰহণ যোগ্যতা থকাৰ বাবে ইয়াৰ সহায়ত সকলো ধৰণৰ সেৱা আৰু সা-সামগ্ৰীৰ বিনিময় সম্ভৱ হৈছে ।
   (ii) সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠী :- মুদ্ৰাই সকলোধৰণৰ সা-সামগ্ৰীৰ তথা সেৱাৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত মূল্যৰ মাপকাঠী হিচাপে সেৱা আগবঢ়ায় । মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সা-সামগ্ৰীটোৰ বিনিময় মূল্যই হ'ল সামগ্ৰীটোৰ দাম ।
    মুদ্ৰা হৈছে হিচাপ বা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া একক যাৰ দ্বাৰা সকলোবোৰ আৰ্থিক সামগ্ৰী আৰু সেৱাৰ মূল্য নিৰূপণ কৰা হয় ।
    (খ) গৌণ কাৰ্য  :-
    (i) মূল্যৰ ভাণ্ডাৰ  :- মুদ্ৰা হ'ল মূল্যৰ তৰল ভাণ্ডাৰ আৰু ইয়াক ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে সাঁচি ৰাখিব পৰা যায় । ই অতি দীৰ্ঘস্থায়ী আৰু ইয়াক যিকোনো সময়তে প্ৰয়োজন অনুসৰি যিকোনো সেৱা বা সা-সামগ্ৰীলৈ পৰিবৰ্তিত কৰিব পৰা যায় ।
    সেয়েহে , ইয়াৰ নিজৰ মূল্য দ্ৰুতভাৱে হ্ৰাস নোহোৱালৈ ই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব পাৰে ।
    (ii) স্থগিত দেনা --- পাওনাৰ মানদণ্ড :- যেতিয়া মুদ্ৰাক সাধাৰণ ভাৱে বিনিময়ৰ মাধ্যম তথা মূল্যৰ একক হিচাপে গ্ৰহণ কৰি লোৱা হয় , তেতিয়াই ই স্বত:স্ফৰ্তভাৱে স্থগিত বা ভৱিষ্যৎ দেনা-পাওনাৰ হিচাপৰ এককত - পৰিণত হয় ।
    এইদৰে মুদ্ৰাই কেৱল চলন্ত লেনদেনতে সহায় নকৰে , বৰঞ্চ স্থগিত দেনা -- পাওনাৰ মানদণ্ড হিচাপে সম্পাদন কৰা কাৰ্যৰ জৰিয়তে বাকী বা স্থগিত লেনদেনো সম্পন্ন কৰাত সহায় কৰে  । মুঠতে ঋণ প্ৰদান আৰু ঋণ পৰিশোধ কৰা কাৰ্য সম্পাদন কৰাটো মুদ্ৰাই সহজসাধ্য কৰি তোলে ।
   (গ) উপনিমিত্ত কাৰ্য   :-
    (i) সমাজৰ ধনিক শ্ৰেণীৰ পৰা দুখীয়া শ্ৰেণীলৈ মুদ্ৰাৰ স্থানান্তৰণৰ জৰিয়তে অৰ্থনৈতিক বৈষম্য দূৰ হোৱাত সহায় হয় ।
   (ii) আকলন সৃষ্টিৰ ভিত্তি হিচাপে সেৱা আগবঢ়ায় ।
৪/ চেক এখন মুদ্ৰা নে ? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা ।
উত্তৰ  :- চেক এখন প্ৰকৃততে মুদ্ৰা নহয় । নিম্নলিখিত কাৰণসমূহৰ বাবে চেক এখনক মুদ্ৰা হিচাপে বিৱেচনা কৰা নহয় : -
   (ক) চেক এখনৰ বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা গুণ নাই ।
   (খ) চেক হৈছে ধন পৰিশোধৰ এক প্ৰতিশ্ৰুতি - পত্ৰ ।
   (গ) চেক এখনক তৎক্ষণাত মুদ্ৰালৈ ৰূপান্তৰিত কৰিব নোৱাৰি অৰ্থাৎ , ইয়াৰ তাৰল্য গুণৰ অভাৱ ঘটিছে ।
   (ঘ) চেক সহজে চিনাক্তকৰণ কৰিব নোৱাৰি । যদিহে চেক এখন বেংকৰ দৃষ্টিত মূল্যহীন হৈ পৰে তেন্তে লেনদেন প্ৰক্ৰিয়াত সমস্যা হ'ব পাৰে ।
   (ঙ) চেক সহজেবোধগম্য নহয় । চেক বাউন্স হ'লে লেনদেনত সমস্যাৰ উদ্ভৱ হয় ।
৫/ মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা ব্যাখ্যা কৰা ।
উত্তৰ  :- যিকোনো দেশৰ প্ৰগতি তথা অৰ্থনৈতিক উন্নয়ন দেশখনত মুদ্ৰাৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰে । সেৱা সা-সামগ্ৰীৰ উৎপাদন, বিতৰণ আৰু ভোগ কাৰ্য আদিৰ দৰে দেশ এখনৰ সকলো ধৰণৰ অজৈৱিক কাৰ্যকলাপ মুদ্ৰাৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত হৈ থাকে ।
    অৱশ্যে , মুদ্ৰাই কেতবোৰ অসুবিধাৰো সৃষ্টি নকৰাকৈ থকা নাই । এই অসুবিধাসমূহ হ'ল  :- 
     (ক) মুদ্ৰাৰ মূল্য হ্ৰাস হোৱা :- মুদ্ৰাৰ এটা প্ৰধান অসুবিধা এয়ে যে মুদ্ৰাৰ মূল্য হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত মুদ্ৰাস্ফীতি বা মুদ্ৰা-সংকোচন সংঘটিত হৈ দেশৰ অস্থিৰতাৰ সৃষ্টি হ'ব পাৰে ।
    (খ) সম্পদ একত্রীকৰণৰ আহিলা :- মুদ্ৰা-সৰ্বস্ব অৰ্থনৈতিত মুদ্ৰাই প্ৰায়ে কেইগৰাকীমান ব্যক্তি অথবা ব্যক্তি গোটৰ হাতত অৰ্থনৈতিক ক্ষমতা তথা সম্পদ একত্রীকৰন পথ প্ৰশস্ত কৰি তোলে ।
    (গ) সামাজিক ব্যাধিক উৎসাহিত কৰে :- বৰ্তমান সময়ত সমাজক প্ৰভাৱিত কৰা বহুতো সামাজিক ব্যাধিসমূহৰ মূল হৈছে মুদ্ৰাৰ অপব্যৱহাৰ  । ৰাজনৈতিক ক্ষেত্ৰত হোৱা  ধনৰ ক্ষমতাৰ অপব্যৱহাৰ, উৎকোচ , দুৰ্নীতি আদিৰ লগতে অৰ্থনৈতিক প্ৰবঞ্চনা , বেংক ঠগবাজী আদি মুদ্ৰা বা ধনৰ বাবে থকা দুৰ্বলতাৰ কাৰণেই সংঘটিত হয় ।
    (ঘ) ক'লা ধন বা মুদ্ৰা :- অৰ্থনৈতিক অপৰাধ সমূহৰ ফলত ক'লা ধনৰ সৃষ্টি হয় । ইয়াৰ জৰিয়তে বজাৰত সৃষ্টি হোৱা হিচাপে বহিৰ্ভূত বিশাল পৰিমাণৰ ধনে দেশত মুদ্ৰাস্ফীতিৰ সৃষ্টি কৰে ।
৬/ কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰি ।
উত্তৰ :- কেন্দ্ৰীয় বেংক হ'ল দেশ এখনৰ শীৰ্ষ বা প্ৰধান চৰকাৰী বেংক যাৰ ওপৰত দেশখনৰ সমগ্ৰ বিত্তীয় ব্যৱস্থাটোৰ কাৰ্য সমূহৰ নিয়ন্ত্ৰণ, তত্ত্বাৱধানৰ লগতে বিধি বা নীতি-নিৰ্দেশনা সমূহ জাৰি কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছে । ভাৰতৰ কেন্দ্ৰীয় বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক  ।
     কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যসমূহ হৈছে :-
     (ক) মুদ্ৰা জাৰি কৰে :- মুদ্ৰা ছপা কৰা তথা জাপি কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটীয়া অধিকাৰ  । কেন্দ্ৰীয় বেংকেই দেশত কাগজী মুদ্ৰা ছপা তথা জাৰি কৰে ।
     (খ) ই চৰকাৰৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে :- কেন্দ্ৰীয় ।
বেংকে চৰকাৰৰ বেংক হিচাপে নিম্নলিখিত কামসমূহ সমাধা কৰে :-
    (i) চৰকাৰক বিত্তৰ যোগান ধৰে :- কেন্দ্ৰীয় বেংক কেন্দ্ৰীয় চৰকাৰৰ ঘাটি বাজেট দূৰ কৰিবলৈ নতুন মুদ্ৰা ছপা কৰি কেন্দ্ৰীয় চৰকাৰক বিত্তীয় সাহাৰ্য্য আগবঢ়ায় ।
    (ii) চৰকাৰৰ পৰামৰ্শদাতা হিচাপে কাম :- চৰকাৰৰ আয় নীতি , বাণিজ্যক নীতি , ৰাজহ নীতি আদিক অধিক ফলপ্ৰসূ কৰি তুলিবৰ বাবে কেন্দ্ৰীয় বেংক কেন্দ্ৰীয় চৰকাৰক অৰ্থনৈতিক পৰামৰ্শ আগবঢ়ায় ।
   (iii) চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে :- কেন্দ্ৰীয় বেংক চৰকাৰৰ প্ৰতিনিধি হিচাপে চৰকাৰৰ সকলো আয় আৰু ব্যয়ৰ হিচাপ ৰক্ষা কৰে ।
    (গ) বেংক সমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে :- কেন্দ্ৰীয় বেংক বেংকসমূহৰ বেংক হিচাপে কাম কৰে । এইক্ষেত্ৰত কেন্দ্ৰীয় বেংকে নিম্নোক্ত কাৰ্য সম্পাদন কৰে ।
    (i) সকলোবোৰ বেংকৰ হিচাপে - নিকাচ পৰীক্ষা কৰে ।
    (ii) অন্যান্য বেংকসমূহৰ গভীৰ আৰ্থিক সংকটৰ সময়ত ঋণদাতা হিচাপে কাৰ্য সম্পাদন কৰে ।
    (ঘ) আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে :- কেন্দ্ৰীয় বেংকে দেশৰ বিধি গ্ৰহণ কৰি বানিজ্যিক বেংক সমূহৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰে ।
   (ঙ) বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষাক :- কেন্দ্ৰীয় বেংকে দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে । ই ভাৰতৰ বৈদেশিক বিনিময়ৰ আনুষ্ঠানিক হাৰ নিৰ্ধাৰণ কৰি দিয়ে ।
    (চ) পৰিশোধকাৰী প্ৰতিনিধি হিচাপে কাম কৰে :- পৰিশোধকাৰী প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় বেংক সকলোবোৰ সদস্য বেংকৰ হিচাপে - নিকাচ সমাধান কৰাত সহায় কৰে ।
     যিহেতু সকলো বেংকৰে হিচাপ কেন্দ্ৰীয় বেংকত থাকে সেয়েহে তেওঁলোকৰ মাজত চলি থকা আন্ত:বেংক লেনদেন প্ৰক্ৰিয়াসমূহ কেন্দ্ৰীয় বেংকৰ জৰিয়তেই সম্পাদিত হয় ।
    (ছ) উন্নয়নমূলক ভূমিকা :- কেন্দ্ৰীয় বেংকে অগ্ৰাধিকাৰ খণ্ডসমূহলৈ , যেনে কৃষিখণ্ড আদিলৈ ধনৰাশিৰ যোগান ধৰাৰ দ্বাৰা দেশৰ অৰ্থ - সামাজিক উন্নয়নক উৎসাহিত কৰাত সহায় কৰে । শেহতীয়াভাৱে কেন্দ্ৰীয় বেংকে ভাৰতৰ অগ্ৰাধিকাৰ খণ্ডসমূহলৈ আগবঢ়োৱা ঋণৰ পৰিমাণ হৈছে বেংকৰ মুঠ আমানত প্ৰায় ৪০ শতাংশ  ।
    এই বোৰৰ উপৰি কেন্দ্ৰীয় বেংকৰ অন্যান্য কামসমূহ হৈছে :- 
     ( i) দেশৰ আৰ্থিক পৰিস্থিতিৰ সময়ে সময়ে খতিয়ান দাঙি ধৰা ।
     (ii) সমবায় বেংক তথা অন্যান্য বিত্তীয় অনুষ্ঠানসমূহক ঋণৰ যোগান ধৰা ।
     (iii) সামাজিক তথা শৈক্ষিক উদ্দেশ্যৰ বাবে কল্যাণমূলক সাহায্য বা ঋণৰ যোগান ধৰা ।
৭/ বানিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা ।
উত্তৰ  :- বানিজ্যিক বেংকসমূহ হৈছে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণ তথা বিভিন্ন অনুস্থান আদিৰ পৰা সঞ্চয় গ্ৰহণ কৰাৰ লগতে এইবোৰক ঋণ প্ৰদান কৰা এক বিত্তীয় প্ৰতিষ্ঠান  । বৰ্তমান সময়ত বানিজ্যিক বেংকসমূহ হ'ল আধুনিক অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰধান স্তম্ভসমূহৰ এটা ।
     বানিজ্যিক বেংকে সম্পাদন কৰা প্ৰধান কাৰ্যসমূহ হৈছে :- 
    (ক) সঞ্চয় বা আমানত গ্ৰহণ  :- বানিজ্যিক বেংকসমূহে সঞ্চয় কৰিবলৈ সক্ষম ব্যক্তি তথা অনুষ্ঠানসমূহৰ পৰা যথেষ্ট পৰিমাণৰ সুত সহ আমানত ধন ঘূৰাই ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে সঞ্চয় গ্ৰহণ কৰে বানিজ্যিক বেংকে তিনি ধৰণৰ সঞ্চয় গ্ৰহণ কৰে ।
   এইকেইটা হৈছে :-
   (i) চলিত আমানত  :- এই ধৰণৰ সঞ্চয় ব্যবস্থাত সঞ্চয়কাৰীয়ে যিকোনো সময়তে নিজৰ ধন বেংকৰ পৰা উলিয়াই নিব পাৰে ।
   (ii) সঞ্চয় আমানত  :- এই ধৰণৰ সঞ্চয় ব্যবস্থাত আমানতকাৰী বা সঞ্চয়কাৰীয়ে প্ৰয়োজন অনুসৰি যিকোনো সময়তে নিজৰ জমাধনৰ এটা অংশ উলিয়াই আনিব পাৰে কিন্ত আনটো অংশ উলিয়াবলৈ হ'লে বেংকৰ পৰা আগতীয়া অনুমতিৰ প্ৰয়োজন হ'ব ।
   (iii) স্থিৰ বা কাল আমানত  :- এই সঞ্চয় ব্যৱস্থাত সঞ্চয়কাৰীয়ে এক , দুই বা পাঁচ বছৰৰ এক নিৰ্দিষ্ট সময়ৰ বাবে ধনৰাশি বেংকত সঞ্চয় কৰিব পাৰে কিন্ত যিকোনো সময়তে বেংকক আগতীয়াকৈ নজনোৱাকৈ জমাধন উলিয়াই নিব নোৱাৰে । এই ব্যৱস্থাত সঞ্চয়কাৰীয়ে জমাধন উলিয়াবলৈ হ'লে বেংকক আগতীয়াকৈ জনাব লাগে ।
    (খ) ঋণৰ যোগান ধৰে :- বানিজ্যিক বেংক সমূহে কৃষক , কাৰিকৰ , উদ্যোগপতি , ঠেলাচালক , ৰিক্সাচালক আদিৰ উপযোগী হোৱাকৈ ঋণৰ যোগান ধৰে । বানিজ্যিক বেংকসমূহে সাধাৰণতে হ্ৰস্বম্যাদী তথা মধ্যমীয়া সময়সীমাৰ ঋণহে আগবঢ়ায় ।
৮/ তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে ।
(ক) আই ডি বি আই । (খ) আঞ্চলিক গ্ৰাম্য বেংক  ।
(গ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় ।
(ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক  ।
উত্তৰ  :- (ক) আই ডি বি আই :- ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক, চমুকৈ আই ডি বি আয়ে সম্পদন কৰা কাৰ্যসমূহ দুটা বিস্তৃত ভাগত বিভক্ত কৰিব পাৰি । এই কেইটা হৈছে :- 
    মুখ্য কাৰ্য  :- (i) ঔদ্যোগিক উন্নয়নৰ বাবে ঔদ্যোগিক প্ৰতিষ্ঠান সমূহলৈ প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে বিত্তীয় সাহায্য প্ৰদান কৰে  ।
  (ii) দেশৰ ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠান সমূহৰ প্ৰসাৰতা বৃদ্ধি কৰাত সহায় কৰে ।
    গৌণ কৰ্য  :- আৰ্থিক ভাৱে পিছপৰা আঞ্চলিক সমূহৰ উদ্যোগবোৰলৈ ৰেহাই সুৰত ঋণ আগবঢ়ায় । (ii) প্ৰশিক্ষণৰ জৰিয়তেও উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰে ।
  (খ) আঞ্চলিক গ্ৰাম্য বেংক  :- ১৯৭৫ চনত প্ৰথমতে ৫ টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয় । এই বেংকে সম্পাদন কৰা মূল কাম দুটা হ'ল :- 
   (১) বেপাৰী , মহাজনৰ সকলৰ পৰা অত্যাধিক মুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ সাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া ।
   (২) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা । ভাৰতবৰ্ষত বৰ্তমান (২০১৪) ৫৭ টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈছিল আছে ।
  (গ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক  :- কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক  , চমুকৈ নাৱাৰ্ডে সম্পাদন কৰা কাৰ্যসমূহ হৈছে :- 
   (i) গ্ৰাম্য আঞ্চলিক বিনিয়োগ আৰু উৎপাদন কাৰ্যক উৎসাহিত কৰা শীৰ্ষ উন্নয়ন মূলক বেংক হিচাপে সেৱা আগবঢ়োৱা ।
   (ii) ঋণ বা অগ্ৰীম ধন প্ৰদান প্ৰক্ৰিয়া সহজ কৰি তোলা ।
   (iii) বিভিন্ন গ্ৰাম্য আঁচনি সমূহৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা কৰা ।
   (iv) হিতাধিকাৰী সকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা ।
   (v) কেন্দ্ৰীয় চৰকাৰ , ৰাজ্যিক চৰকাৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক আদিৰ গ্ৰাম্য ঋণ প্ৰদান কাৰ্যকলাপৰ সৈতে সমন্বয় ৰক্ষা কৰা ।
   (ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক  :- ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ কাৰ্যসমূহ হৈছে :-
   (i) ক্ষুদ্ৰ উদ্যোগ সমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা । 
   (ii) ক্ষুদ্ৰ উদ্যোগ সমূহৰ উৎপাদিত সামগ্ৰীৰ বাবে উপযুক্ত বজাৰৰ ব্যৱস্থা কৰা । 
    (iii) অৰ্ধ - নগৰীয়া অঞ্চলসমূহৰ উদ্যোগ সমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি নগৰীয়া অঞ্চল সমূহলৈ হোৱা জনপ্ৰব্ৰজন ৰোধ কৰা ।
    (iv) ঔদ্যোগিক নিগম , ৰাজ্যিক বিত্ত নিগম , সমবায় বেংক, আঞ্চলিক গ্ৰাম্য বেংক আৰু বাণিজ্যিক বেংক সমূহলৈ ঋণ তথা বিত্তীয় সাহাৰ্য্য আগবঢ়োৱা যাতে এই বিত্তীয় প্ৰতিষ্ঠান সমূহে ক্ষুদ্ৰ উদ্যোগ সমূহলৈ ঋণৰ যোগান ধৰিব পাৰে ।

CLASS 1O COCIAL SCIENCE ANSWER  
  ইতিহাসৰ প্ৰশ্নোত্তৰ (প্ৰথম খণ্ড)   
   ভূগোল প্ৰশ্ন উত্তৰ (দ্বিতীয় খণ্ড)   
 ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞান (তৃতীয় খণ্ড)  
প্ৰথম খণ্ড: ৰাজনীতি বিজ্ঞান 
দ্বিতীয় খণ্ড: অৰ্থনৈতিক বিজ্ঞান  
১/ মুদ্ৰা আৰু বেংক ব্যৱস্থা 
CLASS 10 ASSAMESE ANSWER 
CLASS 1O ENGLISH ANSWER  
CLASS 11 ASSAMESE ANSWER 


Post a Comment

0 Comments