বংগ বিভাজন আৰু স্বদেশী আন্দোলন mcq in assamese

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন 

অতি চমু উত্তৰৰ প্ৰশ্ন :


১/ বংগবিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ?


উত্তৰ :-
বংগবিভাজন লৰ্ড কাৰ্জন ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ।


২/ ১৯০৫ খ্ৰীষ্টাব্দৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ?


উত্তৰ :-
১৯০৬ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ।


৩/ বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহন কৰা হৈছিল ?


উত্তৰ :-
১১০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰহিত্যত অনুষ্ঠিত এক বিশাল জনসভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ।


৪/ স্বদেশী আন্দোলনৰ সময়ছোৱাত 'যুগান্তৰ' নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কোনে কৰিছিল ?


উত্তৰ :-
স্বদেশী আন্দোলনৰ সময়ছোৱাত 'যুগান্তৰ' নামৰ সংবাদপত্রখনৰ সম্পাদনা ভূপেন্দ্ৰনাথ দত্তই কৰিছিল ।


৫/ বংগদেশত 'জাতীয় শিক্ষা পৰিষদ ' নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ।


উত্তৰ :-
বংগদেশত 'জাতীয় শিক্ষা পৰিষদ' নামৰ অনুস্থানটো ১৯০৬ খ্ৰীষ্টাব্দৰ ১১ মাৰ্চত গঠন কৰা হৈছিল ।


৬/ 'বেংগল কেমিকেলছ' নামৰ উদ্যোগ প্ৰতিস্থানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?


উত্তৰ :-
বেংগল কেমিকেলছ' নামৰ উদ্যোগ প্ৰতিস্থানটোৰ প্ৰধান উদ্যোক্তা হ'ল --- আচাৰ্য প্ৰফুল্লৰায় ।


৭/ কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে স্বৰাজ'বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?


উত্তৰ :-
দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত 'স্বৰাজ' বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ।


৮/ বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?


উত্তৰ :-
বংগদেশৰ একত্ৰিকৰণ ১৯১১ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰত হৈছিল ।


চমু উত্তৰৰ প্ৰশ্ন :


১/ বংগ বিভাজনে সৃষ্টিকৰা 'পূৰ্ববংগ আৰু অসম' নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগলিক সংমণ্ডল উল্লেখ কৰা ।


উত্তৰ :- বংগদেশত দ্ৰুতভাৱে উন্মেষ হোৱা জাতীয়তাবাদ ধ্বংস কৰিবলৈ আৰু ইয়াত বিৰাজ কৰা হিন্দু-মুছলমানৰ মাজত একতা বিনষ্ট কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনৰ প্ৰতিনিধিত্বত ব্ৰিটিছ চৰকাৰে বংগদেশক দুখন প্ৰদেশত বিভক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । অসমৰ লগত বংগদেশৰ নিমোক্ত তিনিটা সংমণ্ডল সংলগ্ন কৰি ' পূৰ্ববংগ আৰু অসম ' নামৰ নতুন প্ৰদেশখন গঠন কৰা হয় --- 
(ক) ঢাকা । (খ) চট্টগ্ৰাম । (গ) ৰাজশীহী ।


২/ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা ।


উত্তৰ :- ব্ৰিটিছ চৰকাৰে প্ৰশাসনীয় সুবিধা প্ৰাপ্তিয়েই বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য বুলি ঘোষণা কৰিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য ভিন্ন আছিল । ব্ৰিটিছ চৰকাৰৰ দ্বাৰা বংগ বিভাজনৰ প্ৰধান উদ্দেশ্যসমূহ হ'ল ---- 


(ক) বংগ প্ৰদেশৰ দ্ৰুতভাৱে উন্মেষ হোৱা জাতীয়তাবাদৰ ঢৌ প্ৰতিৰোধ কৰা । বংগ প্ৰদেশক জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ হিচাপে বিবেচনা কৰা হৈছিল ।


(খ) ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ সুস্থিৰতাৰ ক্ষেত্ৰত ভাবুকি অৱতাৰণা কৰিব পৰা হিন্দু-মুছলমানৰ মাজৰ একতা বিনষ্ট কৰা ।


(গ) বংগ প্ৰদেশক এনেদৰে ভাগ কৰা যাতে নতুনকৈ বিভক্ত হোৱা প্ৰদেশৰ এখনত হিন্দুসকল সংখ্যালঘুত পৰিণত হয় আৰু আনখন প্ৰদেশত মুছলমানসকল সংখ্যালঘুত পৰিণত হয় । এই পদক্ষেপে দুয়োটা গোটে সংঘবদ্ধভাৱে চৰকাৰৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা নাইকিয়া কৰিব ।


(ঘ) মুছলমান নেতাসকলক সন্তুষ্ট কৰা জাতীয়তাবাদ বিকাশত অগ্ৰণী ভূমিকা লোৱা হিন্দু বঙালীসকলক দুৰ্বল কৰা । 


(ঙ) কংগ্ৰেছ দলৰ ব্ৰিটিছ বিৰোধী চৰমপন্থীসকলক নিয়ন্ত্ৰণ কৰা ।


৩/ বংগ বিভাজনবিৰোধী 'আন্দোলনে স্বদেশী আন্দোলন' নাম কিয় পাইছিল চমুকৈ লিখা ।


উত্তৰ : -
১৯০৩ খ্ৰীষ্টাব্দৰ ৬ ডিচেম্বৰত ব্ৰিটিছ কৰ্তৃপক্ষই বংগ বিভাজনৰ প্ৰস্তাৱ উত্থাপন কৰে । অতি সোনকালে সুৰেন্দ্ৰনাথ বেনাৰ্জী, বিপিন চন্দ্ৰ পাল , অৰবিন্দ ঘোষ , ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাসবিহাৰীবসু আদি নেতাসকলে বংগ প্ৰদেশত তীব্ৰভাৱে বংগ বিভাজন বিৰোধী আন্দোলন গঢ়ি তোলে ।


        তেওঁলোকে অনুভৱ কৰিছিল যে প্ৰদেশখনত বিৰাজ কৰা হিন্দু - মুছলমানৰ একতা বিনষ্ট কৰিবলৈহে এই প্ৰয়াস কৰা হৈছিল । তেওঁলোকে তীব্ৰ জনমত গঠনৰ উদ্দেশ্য আৰু জনসচেতনতা । সৃষ্টিৰ উদ্দেশ্যে স্বাক্ষৰ সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছিল । তেওঁলোকে ভাৰত সচিবৰ ওচৰত ৭০,০০০ স্বাক্ষৰ থকা প্ৰতিবাদপত্র অৰ্পণ কৰিছিল যদিও ব্ৰিটিছ চৰকাৰ আঁকোৰগোজ হৈ থাকিল ।


         জনসাধাৰণে ব্ৰিটিছ চৰকাৰৰ এই পৰিকল্পনাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদীকাৰ্যসূচী আৰু বিক্ষোভ গঢ়ি তুলিছিল । ব্ৰিটিছ চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে বংগদেশত তীব্ৰ জনসংগ্ৰামৰ অৱতাৰণা হয় । জাতি-বৰ্ণ নিৰ্বিশেষে সকলো লোকে এই আন্দোলনত যোগদান কৰে ।


         জাতীয় কংগ্ৰেছ নেতাসকলে এই নতুন গণ আন্দোলনৰ বৃহৎ সম্ভাৱনা উপলব্ধি কৰি ইয়াকজাতীয় আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । ১৯০৫ চনৰ ডিচেম্বৰত বাৰাণসীত অনুষ্ঠিত অধিৱেশনত তেওঁলোকে বিভাজন বিষয়টো উৰ্ধ্বলৈ গতি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । এই নতুন আন্দোলনক স্বদেশী আন্দোলন বুলি অভিহিতৰা হৈছিল ।


        কিয়নো ই বংগৰ সীমা অতিক্ৰম কৰিছিল আৰু সমগ্ৰ দেশৰ মানুহ বিদেশী বস্ত বৰ্জন, স্বদেশী বস্ত গ্ৰহণ আৰু চৰকাৰ প্ৰদত্ত খিতাপ আৰু পদবী প্ৰত্যাহাৰৰ ধাৰণা আকোৱালি লৈছিল । এনেদৰে, ব্ৰিটিছৰ বিৰুদ্ধে হোৱা এই আন্দোলনৰ পৰ্যায়টোক 'স্বদেশী আন্দোলন'বুলি অভিহিত হৈছিল ।


৪/ স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙনিৰ বিষয়ে আলোচনা কৰা ।


উত্তৰ :-
স্বদেশী আন্দোলনৰ এটা বৃহৎঅৱদান এয়ে আছিল যে ই জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছিল । এই আন্দোলনে ছাত্ৰ সমাজৰ মনোযোগ আকৰ্ষণ কৰিছিল আৰু বহুতো ছাত্ৰই স্বদেশী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ।


      ইয়াৰ পৰিণতিত বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰু ডব্লিউ কাৰ্লাইলে ১৯০৫ চনৰ ১০ অক্টোবৰত এক জননীৰ জৰিয়তে চৰকাৰ বিৰোধী আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ ছাত্ৰ সকলক সকীয়াই দিছিল । এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু শ্ৰেণীকোঠা ত্যাগৰ কাৰ্যসূচী গ্ৰহণ কৰিলে । ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ পটলডাঙা মল্লিবাৰীত ছাত্ৰসকলৰ এক বিশাল সমাৱেশ সংগঠিত কৰিলে আৰু ইয়াতেই চৰকাৰৰ নিৰ্দেশনা অমান্য কৰিবলৈ 'এন্টি-চাৰ্কুলাৰ ছ'চাইটি' গঠন কৰিলে । বিৰ্দেশনা অমান্য কৰিবলৈ 'এন্টি-চাৰ্কুলাৰ ছ'চাইটি' গঠন কৰিলে । বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ্যে বিশিষ্ট নেতাসকলে ছাত্ৰসকলক চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনালে ।


      সতীশ চন্দ্ৰ মুখাৰ্জীয়ে ডন ছ'চাইটি'নামৰ এটা জাতীয় অনুস্থান গঢ় দিলে । এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৮) আৰু কাৰ্লাইয়ৰ জাননী (১৯০৫) সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছিল । এই বিশিষ্ট নেতাসকলে জাতীয় উদেশ্যৰ আধাৰত জাতীয় শিক্ষাৰ ধাৰণা উত্তৰণ কৰিছিল ।


      ১৯০৫ খ্ৰীষ্টাব্দত ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতা আৰু ৰংপুৰত জাতীয় বিদ্যালয়'নামেৰে দুখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে । ৰবীন্দ্ৰনাথ ঠাকুৰক অনুসৰণ কৰি সমগ্ৰ বংগ প্ৰদেশত বহুতো বিশিষ্ট ব্যক্তিয়ে বিভিন্ন বিদ্যালয় স্থাপন কৰে । ৰাসবিহাৰী বসুৰ নেতৃত্বত ১৯০৬ খ্ৰীষ্টাব্দত কলিকতাৰ টাউন হ'লত 'জাতীয় শিক্ষা পৰিষদ' গঠন হয় । ১৮০৬ খ্ৰীষ্টাব্দত ১৫ আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপিত হয় ।


      এনেদৰে স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্ৰথমিক বিদ্যালয় স্থাপন হয় । এই সময়ছোৱাতে বেংগল টেকনিকেল ইনষ্টিটিউট স্থাপন হয় যি পৰবৰ্তী পৰ্যায়ত যাদৱপুৰ বিশ্ববিদ্যালয়লৈ উন্নীত হয় । একেদৰে স্বদেশী আন্দোলনৰ অংশ হিচাপে দেশৰ বিভিন্ন অংশেত জাতীয় বিদ্যালয় স্থাপন হয় ।


     ইয়াৰে কেইখনমান হৈছে বিহাৰ বিদ্যাপীঠ (পাটনা), সমৰ্থ বিদ্যালয় (মহাৰাষ্ট্ৰ) আৰু গুজৰাট বিদ্যালয় (গুৱাহাটী) ।


৫/ স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল ?


উত্তৰ :-
স্বদেশী আন্দোলনে আত্মশক্তি বিকাশৰ উদ্যম বৃদ্ধি কৰাৰ ফলত ভাৰতীয় উদ্যোগৰ বিকাশৰ পথ প্ৰশস্ত হৈছিল । বিদেশী বস্ত বৰ্জনৰ মানসিকতা গঢ়ি উঠাৰ মানুহে স্হানীয়ভাৱে নিৰ্মিত বস্তৰ প্ৰতি হাবিয়াহ কৰিলে । ইয়াৰ ফলত দেশৰ বিভিন্ন অংশত কেইবাটাও ডাঙৰ শিল্প প্ৰতিস্থান আৰু বহুতো ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠিছিল ।


      সুতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ উদ্যোগ স্থাপন হয় । এই সময়ছোৱাতে জাতীয় বেংক আৰু জাতীয় বীমা প্ৰতিস্থান স্থাপিত হৈছিল । এই সময়ছোৱাত প্ৰতিস্থা হোৱা এটা প্ৰতিষ্ঠান আছিল 'স্বদেশী ভাণ্ডাৰ' যি পৰৱৰ্তী পৰ্যায়ত এক উল্লেখযোগ্য বস্ত্ৰ প্ৰতিস্থানত পৰিণত হৈছিল ।


      ইয়াক ৰবীন্দ্ৰনাথ ঠাকুৰেপ্ৰতিষ্ঠা কৰিছিল । যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ যৌথ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত 'ইণ্ডিয়ান ষ্টোৰছ' স্থাপিত হৈছিল । কলিকতাৰ কৰ্ণাৱালিছ ষ্টীটত সৰল দেৱী চৌধুৰীয়ে লক্ষী ভাণ্ডাৰ স্থাপন কৰিছিল । এই সময়ছোৱাতে 'ইউনাইটেড বেংগল ষ্টেৰছ' স্থাপিত হৈছিল ।


     ১৯০৬ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত নীলৰতন চৰকাৰে 'বেংগলক্ষী কটন মিল' স্থাপন কৰিছিল । আনহাতে ১৯০৬ খ্ৰীষ্টাব্দৰ জুলাই মাহত আচাৰ্য প্ৰফুল্ল ৰায়ে 'বেংগল কেমিকেলছ' নামৰ উদ্যোগটো স্থাপন কৰে । ১৯০৭ খ্ৰীষ্টাব্দত জামছেদত জামছেদজী টাটাৰ দ্বাৰা টাটা লৌহ শিল্প কাৰখানাৰ স্থাপন এই ক্ষেত্ৰত অন্য এক উল্লেখনীয় পদক্ষেপ ।


     ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ ডিচেম্বৰত চি দাসৰ পৌৰহিত্যত পোন প্ৰথমবাৰৰ বাবে বাৰাণসীত ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হয় । এই সন্মিলনে স্বদেশী উদ্যোগৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে ভাৰতীয় লোকসকলক সজাগ কৰিছিল । এনেদৰে, স্বদেশী আন্দোলনে দেশৰ ঔদ্যোগিক বিকাশক অনুপ্ৰাণিত কৰিছিল । 


৬/ স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল ?


উত্তৰ :-
স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰা আন্দোলন বিৰোধী কাৰ্যসূচী সমুহ আছিল এনেধৰণৰ ----


(ক) ব্ৰিটিছ চৰকাৰে জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক এই আশাতেই বিভিন্ন উপাধি, পদক আৰু পদ যাচিছিল যাতে । তেওঁলোকে চৰকাৰৰ ক্ৰিয়াকলাপত সহযোগিতা কৰিব । উদাৰপন্থী কংগ্ৰেছ নেতাসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ, ব্ৰিটিছ সংসদ সদস্যপদ যচা হৈছিল । 


      সুৰেন্দ্ৰনাথ বেনাৰ্জী, গোপাল কৃষ্ণ গোখলে, বিপিন চন্দ্ৰ পাল প্ৰমুখ্যে কংগ্ৰেছ নেতাসকলৰ স্হিতি দৃঢ় আছিল আৰু চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ।


(খ) ব্ৰিটিছ চৰকাৰে মুছলমান নেতাসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল যাতে তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাটি আহে । কংগ্ৰেছৰ প্ৰতি বিৰোধ প্ৰদৰ্শন কৰাৰ উদ্দেশ্য মুছলমানসকলৰ এটা ৰাজনৈতিক দল গঠন কৰিবলৈ তেওঁলোকক উৎসাহিত কৰিছিল । এই ক্ষেত্ৰত তেওঁলোক যথেষ্ট সফল হয় ।


৭/ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা ।


উত্তৰ :-
স্বদেশী আন্দোলনৰ ফলাফল সমূহ 
(ক) জাতীয় সাহিত্য :- 
      স্বদেশানুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল । স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদপত্র, আলোচনী, গ্ৰন্থ আৰু গীত, নাটক, প্ৰবন্ধ ইত্যাদি ।


(খ) জাতীয় শিক্ষা :- 
      স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজতে সীমাবদ্ধ থকা নাছিল । বংগদেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতো প্ৰভাৱ পৰিছিল । ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰবণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰ ডব্লিউ কাৰ্লাইলে (R W Carlye ) এখন জাননী জাননী জাৰি কৰি (১০ অক্টোবৰ, ১৯০৫) ছাত্ৰসকলক আন্দোলনত ভাগ নল'বলৈ সকীয়াই দিছিল । এই জাননীৰ বিৰুদ্ধে সমগ্ৰ বংগদেশৰ জোৱাৰ উঠিছিল । ছাত্ৰসকলে কাৰ্লাইয়ৰ জাননীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্ৰেণীকোঠা ত্যাগ কৰিছিল ।


(গ) স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা :-
      সকলো ধৰনৰ সামাজিক বাধা অতিক্ৰম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল । বংগ বিভাজনবিৰোধী আন্দোলনত নাৰীসকলৰ এই অংশগ্ৰহণে ভাৰতীয় স্বাধীনতা আন্দোলনক সুসংগঠিত পৰ্যায়লৈ আগুৱাই নিছিল ।


৮/ স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা ।


উত্তৰ :-
স্বদেশী আন্দোলনৰ অৱদান সমূহ :- 
(ক) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল । দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমৱেত হ'লে যে গণ-আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ব কৰিব পাৰিছিল ।


(খ) ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল । বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা-কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল । 'একমাত্ৰ গণ-সংগ্ৰামৰ যোগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ' --- এই ভাবনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল ।


(গ) লৰ্ড কাৰ্জনে ভাইচৰয়ৰ আসনত বহিয়েই ঘোষণা কৰিছিল --- 'শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব --- (Administration and exploitation will go hand in hand) । বংগবাসীয়ে সাম্ৰাজ্যবাদী শাসকৰ এই দম্ভোক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বৰ্জন, স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতাৰ যোগেদি । সেই কাৰণেই ভাৰতৰ অৰ্থনীতি আৰু শিল্প বিকাশৰ ইতিহাসত স্বদেশী আন্দোলনৰ অৱদান চিৰকাল জিলিকি থাকিব ।



চমু টোকা লিখা :

১/ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ।


উত্তৰ :-
স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা ২৩ টি গীত ভাৰতীয় সংস্কৃতি'ৰ সম্পদ হৈ থাকিব । 'আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালবাসি' শীৰ্ষক গীতটিয়ে পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ (১৯৭২) ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল । 'যদি তোৰ ডাক শুনে কেও নাই আসে তবে একলা চলো ৰে . . . . . 'ৰ দৰে তীব্ৰ জাতীয় আৱেদনময়ী গীত চিৰকালে জনপ্ৰিয়তা লাভ কৰি থাকিব । আন্দোলনৰ সময়ছোৱাত ৰজনীকান্ত সেন, মুকুন্দ দাস, দ্বিজেন্দ্ৰলাল ৰয় আদিৰ গীতেও বঙালী জাতিক উদ্বুদ্ধ কৰিছিল । স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথে ৰচনা কৰা এটা বিখ্যাত প্ৰবন্ধ আছিল 'ভাই ভাই এক ঠাই' ।


২/ মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা) । 


উত্তৰ :- নাৰী আৰু যুৱক-যুৱতীকসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা । আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এইগৰাকী মহীয়সী নাৰীৰ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোল ১৯৬৪-১৯১১) । কলিকতাত থকা সময়ত তেওঁ ইয়ংমেনছ হিন্দু উন্নয়ন, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল ।


       বংগদেশৰ নাৰীৰ সাহসিকতাই ব্ৰিটিছ শাসকক স্তম্ভিত কৰি তুলিছিল । বংগৰ নাৰীৰ সাহসিকতা সম্পৰ্কে লণ্ডনৰ 'ডেইলী টেলিগ্ৰাফ' (Daily Telegraph) কাকতত প্ৰকাশ পাইছিল (১১ অক্টোবৰ , ১৯০৭) এনেদৰে --- 'বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্গম আৰু বিপজ্জনক' (The most obstinate and most dangerous antagonist of the English)


৩/ নবাব ছলিমউল্লা ।


উত্তৰ :-
১৯৩০ খ্ৰীষ্টাব্দৰ ৩০ ডিচেম্বৰ তাৰিখে ঢাকাৰ নবাব ছলিমউল্লাৰ আহ্বান ক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়া নবাব বিকৰউল মূলকৰ পৌৰহিত্যত ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰিছিল । এই ইতিহাসিক সভাতে 'সৰ্বভাৰতীয় মুছলমান লীগ' নামৰ ৰাজনৈতীক অনুষ্ঠানটোৰ জন্ম হৈছিল । মুছলমান লীগ স্থাপনত নেতৃত্ব বহন কৰা ব্যক্তি নবাব ছলিমউল্লাই সেইদিনা ঘোষণা কৰিছিল যে নৱগঠিত ৰাজনৈতিক অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব --- 


(ক) ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটোৱা । 


(খ) ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতীক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা-সচেতন কৰি ৰখা ।


(গ) মুছলমান ৰাইজৰ মনৰ পৰা ভয়, সন্ত্ৰাস, বিদ্বেষ ভাবৰ অন্ত পেলাই সকলোৰে মাজত একতা গঢ়ি তোলা ।


       ভাইচৰয় লৰ্ড মিন্টো আৰু ভাৰত সচিব জন মৰ্লেই (John Morley) মুছলিম লীগৰ কামত সন্তুষ্টি প্ৰকাশ কৰিছিল । প্ৰকৃতাৰ্থত ক'বলৈ গ'লে দুয়োগৰাকী ইংৰাজ শাসকে হিন্দু আৰু মুছলমানৰ মাজত ধৰ্মগত পাৰ্থক্য তথা মতবিৰোধক এটা ৰাজনৈতিক সুবিধা হিচাপে গ্ৰহণ কৰিছিল । অতি কম সময়ৰ ভিতৰতে মিন্টোৱে জাতীয় কংগ্ৰেছৰ নৰমপন্থীসকলকো ওচৰ চপাই অনাৰ পৰিকল্পনা কৰিছিল । লৰ্ড মিন্টোৰ প্ৰতিশ্ৰুতি অনুসৰি ১৯০৯ খ্ৰীষ্টাব্দৰ শাসন সংস্কাৰ বিধিৰ যোগেদি (মৰ্লে-মিন্টো শাসন সংস্কাৰ আইন,(১৯০৯) মুছলমানসকলে পৃথক নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল ।
আমাৰ এইখন Website ত এনেধৰণৰ সকলোবোৰ পাঠ্যপুথিৰ প্ৰশ্নোত্তৰ সমূহ আগবঢ়োৱা হব । আৰু অধিক ছাবৰ বাবে তলত দিয়া বিষয়সমূহ নিৰ্বাচিত কৰক ।



CLASS 10 COCIAL SCIENCE ANSWER 
ইতিহাস প্ৰথম খণ্ড
১/ বংগ বিভাজন(১৯০৫-১১)আৰু স্বদেশী আন্দোলন  
CLASS 10 COCIAL SCIENCE ANSWER 
     ভূগোল দ্বিতীয় খণ্ড   
   ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান (তৃতীয় খণ্ড)   
প্ৰথম খণ্ড: ৰাজনীতি বিজ্ঞান   
দ্বিতীয় খণ্ড: অৰ্থনৈতিক বিজ্ঞান  
CLASS 1O ASSAMESE QUESTION ANSWER 
CLASS 1O ENGLISH ANSWER 
CLASS 11 ASSAMESE ANSWER  


Post a Comment

0 Comments