আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য mcq

 আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

অতি চমু প্ৰশ্নোত্তৰ 
১/ ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল  ?
উত্তৰ  :- বিশ্বশান্তি সুনিশ্চিত কৰাৰ লগতে অন্য এখন বিশ্বযুদ্ধৰ পৰা পৃথিৱীক বিৰত ৰাখিবলৈ ৰাষ্ট্ৰসংঘৰ গঠন হৈছিল  ।
২/ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তৰ  :- ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হৈছে :
(ক) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰক্ষা কৰা । আৰু ।
(খ) সম অধিকাৰ আৰু আত্মনিয়ন্ত্রণৰ ভিত্তিত বিশ্বৰ সকলোবোৰ দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা ।
৩/ ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা ।
উত্তৰ  :- ৰাষ্ট্ৰসংঘৰ ছটা প্ৰধান অংগ হৈছে :
(ক) সাধাৰণ সভা (খ) নিৰাপত্তা পৰিষদ ।
(গ) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ । 
(ঘ) ন্যাসৰক্ষী পৰিষদ । (চ) সচিবালয় ।
৪/ ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা অভিকৰণ বা এজেন্সিৰ নাম লিখা ।
উত্তৰ  :- ৰাষ্ট্ৰসংঘৰ লগত জড়িত অভিকৰণ হৈছে :
(ক) আন্তৰ্জাতিক শ্ৰমিক সংঘ (ILO) 
(খ) বিশ্ব স্বাস্থ্য সংস্থা (WHO) 
৫/ নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা ।
উত্তৰ  :- নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তি হৈছে : (ক) আংশিক আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি 1963) ।
(খ) পাৰমানৱিক অস্ত্ৰ  --- সংকোচন চুক্তি ।
৬/ মানৱ অধিকাৰ মানে কি বুজা ?
উত্তৰ  :- বিশ্ব প্ৰতিগৰাকী ব্যক্তিকে এটা মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা চৰ্তসমূহকে মানৱ অধিকাৰ বুলি কোৱা হয় ।

দীঘল উত্তৰৰ প্ৰশ্ন  :

১/ ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা ।
উত্তৰ  :- ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্যসমূহ হৈছে :
(ক) আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা  ।
(খ) 'সম অধিকাৰ আৰু আত্মনিয়ন্ত্রণৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা ।
(গ) আন্ত:ৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰতিজন মানুহেই যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা ।
(ঘ) বিভিন্ন দেশসমূহৰ মাজত সু --- সম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰধান কেন্দ্ৰ হিচাপে কাম কৰা ।
ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ  :- 
সকলোবোৰ সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব ।
(খ) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখিত নিয়মাৱলী মানি লৈ সকলোবোৰ সদস্য ৰাষ্ট্ৰই নিজ নিজ দায়িত্ব পালন কৰিব লাগিব  ।
(গ) আন্ত:ৰাষ্টীয় শান্তি , নিৰাপত্তা আৰু ন্যায় বিঘ্নিত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰনৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব  ।
(ঘ) সৌহাদ্যপূৰ্ণ আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই ভাবুকি বা শক্তি প্ৰয়োগ কৰিব নোৱাৰিব  ।
(ঙ) প্ৰয়োজন সাপেক্ষে সকলোবোৰ সদস্য ৰাষ্ট্ৰসংঘলৈ সহায়ৰ হাত আগবঢ়াব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰৰ প্ৰতি সহায় আগবঢ়াব নোৱাৰিব  ।
২/ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা  ।
উত্তৰ  :- নিৰাপত্তা পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংগ । ৰাষ্ট্ৰসংঘৰ গঠন সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ৫ খন আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ৬ খন ।
   ইয়াৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হৈছে ---- আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন , ফ্ৰান্স  , ৰাছিয়া চীন । ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদত সংশোধনীৰ দ্বাৰা ইয়াৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৬ খনৰ পৰা ১০ খনলৈ বৃদ্ধি কৰা হয় ।
    নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে । প্ৰতিখন স্থায়ী সদস্য ৰাষ্ট্ৰয়েই এক বিশেষ ক্ষমতা প্ৰয়োগ কৰিব পাৰে যাক " ভেটো " বুলি কোৱা হয় । 
     ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন হোৱা যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ স্থায়ী পাঁচখন সদস্য ৰাষ্ট্ৰসংঘ মুঠ ৯ খন সদস্য ৰাষ্ট্ৰৰ সন্মতি থাকিব লাগিব ।
৩/ বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা ।
উত্তৰ  :- বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা পদক্ষেপসমূহ হল :- 
(ক) নিৰস্থীকৰণ আয়োগ :- বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰসংঘৰ মাজত যুদ্ধসদৃশ পৰিস্থিত আঁতৰ কৰিবলৈ ৰাষ্ট্ৰসংঘই ১৮৫২ নিৰস্ত্রীকৰণ আয়োগৰ প্ৰতিষ্ঠা কৰিছিল  ।
(খ) চুক্তি তথা সন্ধি :- ৰাষ্ট্ৰসংঘই সম্পাদনা কৰা চুক্তিসমূহ হৈছে আংশিক পাৰমানৱিক পৰীক্ষণ নিষিদ্ধকৰণ চুক্তি (১৯৬৩) , বহি : মহাকাশ চুক্তি (১৯৬৭) , পাৰমানৱিক অস্ত্ৰ সংকোচন চুক্তি (১৯৬৮) , সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি (১৯৭১) , ছল্ট - (১৯৭২) , পাৰমানৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি (১৮৯৩) , ৰণকৌশলমূলক অস্ত্ৰ সংকোচন ক
চুক্তি - ১ (START -- 1 , ১৯৯১ ) , ৰণকৌশলমূলক অস্ত্ৰ সংকোচন চুক্তি - ২ (START - 2 ১৯৯৩ ) আৰু পাৰমানৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (১৯৯৬) ।
    (গ) প্ৰতিবোধমূলক কূটনীতি :- আলোচনাৰ মাধ্যমেৰে বিবাদ মীমাংসাৰ জৰিয়তে বিশ্বশান্তি উত্তৰণ কৰিবলৈ ৰাষ্ট্ৰসংঘই ২০০৭ চনৰ জুন মাহত প্ৰতিৰোধমূলক কূটনীতি অৱলম্বন কৰিছিল ।
৪/ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা ।
উত্তৰ  :- ভাৰতত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা জাৰি কৰা এখন অধ্যাদেশৰ জৰিয়তে সেইবছৰৰে ১২ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন কৰা হয় ।
     ১৯৯৪ চনৰ জানুৱাৰীত ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনখন কাৰ্যকৰী হয় । এই আইনমতে ৰাজ্যবিলাকতো ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় । আয়োগৰ সদস্য সকলৰ থাকিবলগীয়া অৰ্হতাসমূহ হৈছে : 
     (ক) আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব  ।
    (খ) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব  ।
    (গ) এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব  ।
    (ঘ) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা সম্পন্ন ব্যক্তি হ'ব লাগিব  ।
    (ঙ) ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি , অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষও আয়োগৰ সদস্য হিচাপে অধিষ্ঠিত হ'ব ।
     আয়োগৰ সদস্য সকলক পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে । আয়োগে ভাৰতৰ মাত্ৰ অধিকাৰ উলংঘনৰ লগত জড়িত সকলোবোৰ বিষয়ৰ মূল্যায়ন কৰি বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগে ।
৫/ মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা ।
উত্তৰ  :- ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা তথা শান্তিপূৰ্ণ পৰিৱেশ ৰক্ষা কৰাৰ লগতে মানৱ অধিকাৰ সমূহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে ।
     সেয়েহে , বিশ্বৰ প্ৰত্যেকজন ব্যক্তিকে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা অধিকাৰসমূহক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘই ৪৮ খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত ১৯৪৮ চনৰ ১০ ডিচেম্বৰত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে ।
     মানৱ অধিকাৰ ঘোষণাপত্ৰৰ উদ্দেশ্যসমূহ হল :- 
     (ক) বিশ্বৰ জনগণৰ প্ৰয়োজনীয় অধিকাৰ সমূহ ঘোষণাপত্ৰত সন্নিৱিষ্ট কৰা ।
     (খ) ঘোষণাপত্ৰত সন্নিৱিষ্ট অধিকাৰ সমূহৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহৰ স্বীকৃত আদায় কৰা ।
     এইদৰে ৰাষ্ট্ৰসংঘই প্ৰতিজন ব্যক্তিৰে মৰ্যাদাপূৰ্ণ জীৱনক সুৰক্ষিত কৰিবলৈ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে আৰু এইটো স্পষ্ট কৰি দিছে যে কোনো ৰাষ্ট্ৰয়েই দেশৰ নাগৰিক মানৱ অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তৰ্জাতিক শাস্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰে ।

CLASS 1O COCIAL SCIENCE ANSWER 
  ইতিহাসৰ প্ৰশ্নোত্তৰ (প্ৰথম খণ্ড)   
   ভূগোল প্ৰশ্ন উত্তৰ (দ্বিতীয় খণ্ড)   
   ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞান (তৃতীয় খণ্ড)   
২/ আন্তৰ্জাতিক সংস্থা --- ৰাষ্ট্ৰসংঘ অন্যান্য 
CLASS 1O ASSAMESE ANSWER 
CLASS 11 ASSAMESE ANSWER 

 

Post a Comment

0 Comments