অৰ্থনৈতিক উন্নয়ন class 10 MCQ
অৰ্থনৈতিক উন্নয়ন class 10 question answer
ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞান class 10 question answer

অতি চমু উত্তৰৰ প্ৰশ্ন :
১/ ব্যাখ্যা কৰা (এটা বাক্যত) :
(ক) অৰ্থনৈতিক বিকাশ ।
উত্তৰ :- অৰ্থনৈতিক বিকাশ হৈছে এটা সংখ্যাগত ধাৰণা যি এটা নিৰ্দিষ্ট সময়ত দেশ এখনত উৎপাদিত দ্ৰব্য তথা সেৱাৰ বৃদ্ধি বিশেষকৈ জনমূৰি আয়ত বৃদ্ধিৰ সৈতে জড়িত ।
(খ) অৰ্থনৈতিক উন্নয়ন ।
উত্তৰ :- অৰ্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা যিটো অৰ্থনৈতিক বিকাশৰ লগতে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সাধন হোৱা দীৰ্ঘম্যাদী সামাজিক তথা অৰ্থনৈতিক পৰিবৰ্তন সমূহৰ সৈতে জড়িত ।
(গ) মানৱ উন্নয়ন ।
উত্তৰ :- মানৱ উন্নয়ন মানে হ'ল অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দসমূহৰ দৰে জনসাধাৰণৰ সামূহিক পছন্দসমূহৰ বিস্তাৰ সাধন হোৱা ।
(ঘ) অৰ্থনৈতিক পৰিকল্পনা ।
উত্তৰ :- অৰ্থনৈতিক পৰিকল্পনা হৈছে নিৰ্ধাৰিত সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় পৰিকল্পনা কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনৈতিৰ নিয়ন্ত্ৰণ তথা দিগ দৰ্শন কৰা ।
(ঙ) গণতান্ত্ৰিক পৰিকল্পনা ।
উত্তৰ :- গণতান্ত্ৰিক পৰিকল্পনা হ'ল এনে এক পৰিকল্পনা য'ত পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত জনসাধাৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে ।
(চ) উদাৰীকৰণ ।
উত্তৰ :- উদাৰীকৰণ মানে হৈছে এখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ ।
(ছ) ব্যক্তিগতকৰণ ।
উত্তৰ :- ব্যক্তিগতকৰণ মানে হৈছে চৰকাৰী বা ৰাজহুৱা নিয়ন্ত্ৰণত থকা প্ৰতিষ্ঠানসমূহ ব্যক্তিগত বা বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া ।
(জ) গোলকীয়কৰণ বা বিশ্বায়ন ।
উত্তৰ :- গোলকীকৰণ হৈছে এখনৰ অৰ্থনৈতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনৈতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাৰ প্ৰক্ৰিয়া ।
চমু উত্তৰৰ প্ৰশ্ন :
২/ অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰ :- অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন ।
দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ'ল : অৰ্থনৈতিক বিকাশ ।
অৰ্থনৈতিক বিকাশ :- (ক) দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ'ল - অৰ্থনৈতিক বিকাশ ।
(খ) অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত ।
অৰ্থনৈতিক উন্নয়নৰ :- (ক) এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য'ত জাতীয় আয় বৃদ্ধি লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয় ।
(খ) অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল ।
৩/ মানব উন্নয়নৰ তিনিটা সূচক কি কি ?
উত্তৰ :- মানৱ উন্নয়ন সূচক তিনিটা হল :-
(ক) প্ৰত্যাশিত আয়ুস । (খ) শিক্ষা বা সাক্ষৰতা । (গ) জীৱন ধাৰণৰ মানদণ্ড ।
৪/ সমষ্টিগত পছন্দৰ বিস্তাৰ হৈছে বুলিলে কি বুজিবা ?
উত্তৰ :- সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে মানৱ উন্নয়নৰ প্ৰাথমিক ভিত্তি । জনসাধাৰণৰ পছন্দ হৈছে মানৱ উন্নয়নৰ মধ্যবিন্দু । জনসাধাৰণৰ সমষ্টিগত পছন্দই অৰ্থনৈতিক , সামাজিক, সাংস্কৃতিক আৰু পছন্দূহমূহকো সামৰি লয় । জনসাধাৰণৰ সমষ্টিগত পছন্দক তিনিটা কাৰকে প্ৰভাৱান্বিত কৰে । এইকেইটা হ'ল :- (ক) প্ৰত্যাশিত আয়ুস । (খ) সাক্ষৰতা । (গ) জীৱন ধাৰণৰ মানদণ্ড ।
৫/ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা ।
উত্তৰ :- ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হ'ল :- (ক) অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা । (খ) নিয়োগৰ সা-সুবিধা বৃদ্ধি কৰা । (গ) দৰিদ্ৰতা নিৰ্মূল কৰা । (ঘ) আঞ্চলিক বৈষম্য আঁতৰ কৰা । (ঙ) আৰ্থ -- সামাজিক বৈষম্য দূৰ কৰা । (চ) পৰিৱেশৰ অনিষ্ট সাধন নকৰাকৈ বহনক্ষম অৰ্থনৈতিক উন্নয়ন সুনিশ্চিত কৰা ।
৬/ নিটি (NITI) আয়োগৰ সদস্য সকল কোন কোন ?
উত্তৰ :- নিটি আয়োগৰ সদস্যসকল হৈছে :-
(ক) অধ্যক্ষ হিচাপে আছে ভাৰতৰ মাননীয় প্ৰধান মন্ত্ৰী । (খ) প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত এজন উপাধ্যক্ষ ।
(গ) নিজৰ নিজৰ ক্ষেত্ৰত দক্ষতাসম্পন্ন তিনিগৰাকী পূৰ্ণকালীন সদস্য ।
(ঘ) দুগৰাকী অংশকালীন সদস্য ।
(ঙ) পদেন সদস্য হিচাপে নিযুক্ত সৰ্বোচ্চ চাৰিজন কেন্দ্ৰীয় মন্ত্ৰী ।
(চ) মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত এজন ভাৰতীয় প্ৰশাসনিক বিষয়া ।
(ছ) পৰিচালনা পৰিষদৰ সদস্য হিচাপে আছে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উপ --- ৰাজ্যপালসকল ।
দীঘল উত্তৰৰ প্ৰশ্ন :
৭/ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৮৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১) ৰ পৰা বৰ্তমানলৈ ) ৰ মাজত থকা এটা মূল পাৰ্থক্য ব্যাখ্যা কৰা ।
উত্তৰ :- ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-৫২ ৰ পৰা ১৯৯০-১৯১) ত ৰাজহুৱা বা চৰকাৰী খণ্ডই ভাৰতীয় অৰ্থনৈতিত মুখ্য ভূমিকা পালন কৰিছিল ।
কিন্ত ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয়ছোৱা (১৯৯১-১২ চনৰ পৰা বৰ্তমানলৈ ) সময়ত ৰাজহুৱা খণ্ডৰ ভূমিকা যথেষ্ট পৰিমাণে হ্ৰাস হ'বলৈ ধৰে আৰু উদাৰীকৰণ , ব্যক্তিগতকৰণ তথা গোলকীকৰণ আদিৰ দৰে নতুন ধাৰণাসমূহে গতি লাভ কৰিবলৈ ধৰে ।
৮/ ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তন তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰ :- ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰবৰ্তনৰ তিনিটা প্ৰধান কাৰণ হৈছে :-
(ক) বিত্তীয় ঘাটি :- বিত্তীয় ঘাটি হৈছে এটা অৰ্থনৈতিক পৰিঘটনা যত মুঠ চৰকাৰী বা ৰাজহুৱা ব্যেয়ে পুঞ্জীভূত চৰকাৰী ৰাজহ বা আয়ৰ সীমা অতিক্ৰম কৰি যায় । ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱাত ভাৰতীয় অৰ্থনীতিয়ে বৃহৎ বিত্তীয় ঘাটিৰ সন্মুখীন হ'বলগীয়া হৈছিল ।
এই সময়ছোৱাত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল । প্ৰায়বোৰ উদ্যোগেই লোকচান ভৰিবলগীয়া হৈছিল ।
(খ) মুদ্ৰাস্ফীতি :- প্ৰাক :- অৰ্থনৈতিক সংস্কাৰৰ সময়ছোৱাত ভাৰতীয় অৰ্থনৈতি মূদ্ৰাস্ফীতিৰ দ্বাৰা অতি গভীৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল । মুদ্ৰাস্ফীতিৰ উচ্চ হাৰে সামাজিক তথা আৰ্থিকভাৱে পিছপৰা সীমিত উপাৰ্জনকাৰী লোকসকলৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলাইছিল ।
(গ) পৰিশোধেয় ধনৰ ভাৰসাম্যতা :- ৮০ ৰ দশকৰ পৰা ভাৰতৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত পৰিশোধেয় ধনৰ ভাৰসাম্যতাত ব্যাঘাত জন্মিছিল । ভাৰতীয় অৰ্থনৈতিৰ পৰা মূলধনৰ বহিৰ্গম বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ পৰা অহা মূলধনৰ পৰিমাণ কমি গৈছিল ।
মূলধনৰ প্ৰৱাহৰ ক্ষেত্ৰত দেখা দিয়া এনে ভাৰসাম্যতাহীনতাই ভাৰতৰ বৈদেশিক বাণিজ্য ঘাটিৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি কৰিছিল ।
এনে ধৰণৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত বিশ্ববেংকে ভাৰত চৰকাৰক ভাৰতীয় অৰ্থনৈতিত গাঁথনিমূলক পৰিবৰ্তন সাধন কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় ।
৯/ অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা ।
উত্তৰ :- ভাৰতত অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল হৈছে : -
(ক) বৰ্ধিত অৰ্থনৈতিক উন্নয়নৰ হাৰ :- অৰ্থনৈতিক সংস্কাৰৰ প্ৰৱৰ্তন ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাৰ্ষিক হাৰ আছিল ৩,৫ শতাংশ । কিন্ত নতুন সংস্কাৰৰ প্ৰৱৰ্তনৰ পিছত অৰ্থনৈতিক বাৰ্ষিক উন্নয়নৰ হাৰ ২০০৫-২০০৮ বৰ্ষত ৯ শতাংশ আৰু ২০০৯-২০১৪ বৰ্ষত প্ৰায় ৭ শতাংশলৈ বৃদ্ধি হয় ।
(খ) পাইকাৰী মূল্যসূচীৰ হ্ৰাসীকৰণ :- অৰ্থনৈতিক সংস্কাৰাত্তৰ সময়ছোৱাত পাইকাৰী মূল্যসূচী হ্ৰাস হৈছে । অৱশ্যে খুচুৰা মূল্যসূচী একে হাৰত হ্ৰাস হোৱা নাই ।
(গ) বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণত হোৱা বৃদ্ধি :- ভাৰতত ১৯৯০-৯১ বৰ্ষত ৰিজাৰ্ভ বেংকত জমা থকা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ তেনেই কম আছিল যাৰ দ্বাৰা কেৱল ১৫ দিন আমদানি কাৰ্যহে সম্পাদন কৰা সম্ভৱ আছিল । কিন্ত ২০১৫ চনৰ মাৰ্চত এই পৰিমাণ বৃদ্ধি হৈ ৩২৮,৭ বিলিয়ন ডলাৰ হৈছে , যিয়ে পৰৱৰ্তী ৭ মাহৰ আমদানিৰ মূল্য সামৰি হৈছে । এইদৰে অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ পিছত ভাৰতৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ যথেষ্ট বৃদ্ধি হৈছে ।
১০/ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰ :- ভাৰতত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা অসুবিধাসমূহ হৈছে :-
(ক) সীমিত ক্ৰয় ক্ষমতা :- অৰ্থনৈতিক সংস্কাৰৰ ফলস্বৰূপে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা দুয়োটাই বুজন পৰিমাণে বৃদ্ধি পাইছে । কিন্ত ক্ৰয় ক্ষমতাৰ নাটনিৰ বাবে সাধাৰণ জনগণেই এইধৰণৰ সুবিধাসমূহ গ্ৰহণ কৰিব নোৱাৰে ।
(খ) অত্যাধিক ভোগবাদী আসক্তি :- অত্যাধিক ভোগবাদী আসক্তি বৃদ্ধি হোৱাৰ ফলত সামাজিক প্ৰমূল্য সমূহৰ প্ৰতি ভাবুকি সৃষ্টি হয় কিয়নো মুদ্ৰা বা ধনে প্ৰভাৱকাৰী ভূমিকা পালন কৰাৰ লগে লগে নৈতিকতাৰ অৱক্ষয় হ'বলৈ ধৰে ।
(গ) গোলকীয়কৰণৰ ব্যৱস্থাপনা :- যোৱা কেইবছৰত গোলকীয়কৰণৰ ব্যৱস্থাপনাৰ প্ৰয়োজন অনুভৱ কৰা হৈছে । কোনো ধৰণৰ পৰিস্থিতিতেই গোলকীকৰণ আৰু জাতীয় স্বাৰ্থৰ পাৰস্পৰিক সংঘৰ্ষ হ'ব নালাগিব ।
(ঘ) সু-প্ৰশাসনৰ প্ৰয়োজন :- অৰ্থনৈতিক সংস্কাৰৰ সুবিধা বা লাভালাভ সমূহে সমাজৰ দুৰ্বল শ্ৰেণীটোক ঢুকি পাব পাৰে যেতিয়া দেশৰ এক সুপ্ৰশাসন ব্যৱস্থা বাহাল থাকে । অন্যথা দৰিদ্ৰ তথা দুৰ্বল শ্ৰেণীটো বজাৰকেন্দ্ৰীক অৰ্থনীতিৰ পৰা বঞ্চিত হৈ থাকিব ।
১১/ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা ।
উত্তৰ :- (ক) শ্ৰষ্ঠ ভাৰতীয় ৰাজ্যসমূহৰ অৰ্থনীতি আৰু অসমৰ অৰ্থনীতিৰ মাজত থকা ব্যৱধান আঁতৰ কৰিব পৰাকৈ অহা দুই তিনিটা দশৰ ভিতৰত ৰাজ্যখনৰ বাৰ্ষিক অৰ্থনৈতিক উন্নয়নৰ হাৰ ত্বৰান্বিত কৰা ।
(খ) দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা ।
(গ) শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞান সন্মত ব্যৱস্থাপনাৰ জৰিয়তেও বানপানী আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰা ।
(ঘ) কৃষিখণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ শতাংশৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা ।
(ঙ) শক্তি উৎপাদনত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ লগতে শক্তি পৰিবহণ তথা বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰা ।
(চ) স্বাস্থ্য তথা শিক্ষা খণ্ডত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰাৰ দ্বাৰা অসমৰ মানৱ উন্নয়ন সূচাংকৰ মান বৃদ্ধি কৰা ।
CLASS 1O COCIAL SCIENCE ANSWER
ইতিহাসৰ প্ৰশ্নোত্তৰ (প্ৰথম খণ্ড)
ভূগোল প্ৰশ্ন উত্তৰ (দ্বিতীয় খণ্ড)
৪/ অসমৰ ভূগোল
ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞান (তৃতীয় খণ্ড)
প্ৰথম খণ্ড: ৰাজনীতি বিজ্ঞান
দ্বিতীয় খণ্ড: অৰ্থনৈতিক বিজ্ঞান
২/ অৰ্থনৈতিক উন্নয়ন
CLASS 1O ASSAMESE ANSWER
৫/ দৃশান্তৰ
১২/ পাৰস্যত এভূমুকি
CLASS 1O ENGLISH ANSWER
CLASS 11 ASSAMESE ANSWER