পৃথিৱীৰ ভূগোল class 10
ভূগোল class 10 chapter 3 question answer

১/ পৃথিৱীৰ স্থলমণ্ডল আৰু জীৱমণ্ডলৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ :- স্থলমণ্ডলত :- শিল , বালি , মাটি আৰু খনিজ পদাৰ্থৰে গঠিত ভূপৃষ্ঠৰ কঠিন অংশটোকে স্থলমণ্ডলত বুলি জনা যায় । ই পৰ্বত-পাহাৰ, সমভূমি, নদ উপত্যকা, উপকূল আদিৰ দৰে ভূ-অৱয়বেৰে গঠিত হৈছে । অৰণ্য, কৃষিভূমি, তৃণভূমি তথা জনবসতি অঞ্চল আদিও স্থলমণ্ডলৰ অন্তৰ্গত ।
পৃথিৱীৰ মুঠ মাটিকালি ৫১০ নিযুত বৰ্গ কি:মি:ৰ প্ৰায় ১৪৯ নিযুত বৰ্গ কি:মি, অৰ্থাৎ প্ৰায় ২৯ শতাংশ স্থলমণ্ডলে আগুৰি আছে । পৃথিৱীৰ স্থলমণ্ডলটো এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এন্টাৰ্কটিকা নামৰ সাতখন মহাদেশত বিভক্ত হৈ আছে ।
জলমণ্ডল :- ভূপৃষ্ঠৰ জলভাগেৰে গঠিত বৃহৎ অংশটোক জলমণ্ডল বুলি জনা যায় । ই মহাসাগৰ, সাগৰ, হ্ৰদ, নদ-নদী, জান-জুৰি, জলাশয় আদিৰ দৰে জল-অৱয়ৱসমূহেৰে গঠিত । ই ভূপৃষ্ঠৰ প্ৰায় ৭১ শতাংশ (৩৬১ নিযুত বৰ্গ কি:মি:) আগুৰি আছে ।
পৃথিৱীৰ, আটলাণ্টিক মহাসাগৰ আৰু উওৰ মহাসাগৰ নামৰ পাঁচখন মহাসাগৰত বিভক্ত কৰা হৈছে ।
২/ মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল ?
উত্তৰ :- মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি ৩০০ নিযুত বছৰ পূৰ্বে পূৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত অৰ্থাৎ গঠনৰ সময়ত পৃথিৱীৰ স্থলমণ্ডল কেৱল এটা একক ভূখণ্ড আছিল আৰু ইয়াক চাৰিওফালৰ পৰা জলমণ্ডলে আগুৰি আছিল । এই ভূখণ্ডটোক পেঞ্জিয়া আৰু চাৰিওফালে আগুৰি থকা জলমণ্ডলক পাছালা বুলি জনা গৈছিল ।
পৰ্বৱৰ্তী সময়ত স্থলমণ্ডল বা পেঞ্জিয়াৰ সোঁমাজেৰে পূৰ্ব-পচ্শিমাকৈ এখন ঠেক তথা দীঘলীয়া সাগৰৰ সৃষ্টি হৈছিল যিয়ে সমগ্ৰ স্থলমণ্ডলক দুটা ভাগত বিভক্ত কৰিছিল । এই সাগৰখনক টেথিছ সাগৰ বুলি যায় । দিখণ্ডিত হোৱা স্থলমণ্ডলৰ উত্তৰৰ অংশটোক লৰোছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বুলি কোৱা হৈছিল । মধ্যজীৱয় কল্পযুগত, অৰ্থাৎ প্ৰায় ২৫০ নিযুত বছৰ পূৰ্বে মহাদেশীয় সঞ্চাৰণ তথা বিভাজনৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড বিভাজত
হৈ বৰ্তমানৰ সাতখন মহাদেশৰ সৃষ্টি হয় ।
এই সূত্ৰ অনুসৰি, লৰেছিয়েয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীনলেণ্ড আৰু ভাৰত উপদেশৰ উত্তৰে অৱস্থিত ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল ।
আনহাতে, দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰব অঞ্চল, মালয়েছিয়া আৰু অষ্ট্ৰেলিয়া তথা এন্টাৰ্কটিকাকে ধৰি অন্যান্য অঞ্চলসমূহৰ সৃষ্টি হৈছিল গণ্ডোৱানালেণ্ডৰ পৰা ।
৩/ মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ৱ সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ :- ভূপৃষ্ঠৰ প্ৰায় ৭১ শতাংশ জলভাগে আগুৰি আছে । পৃথিৱীৰ জলভাগ বিশেষকৈ প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ নামৰ পাঁচখন মহাসাগৰেৰে গঠিত ।
মহাসাগৰসমূহৰ তলিভাগৰ ভূ-প্ৰকৃতি তেনেই অসমান আৰু ইয়াতো স্থলমণ্ডলৰ দৰে কিছুমান ভূ-অৱয়ৱ আছে, যেনে :- সামুদ্ৰিক শৈলসিৰা , সমুদ্ৰ খাত আদি । সমুদ্ৰৰ তলিত থকা এনে কিছুমান অতি গুৰুত্বপূৰ্ণ অৱয়ৱ হৈছে :---
(ক) মহীসোপান :- ভূখণ্ড বা উপকুল অঞ্চলৰ সৈতে সংযোজিত হৈ থকা সাগৰ - মহাসাগৰৰ অগভীৰ অংশকে মহীসোপান বুলি কোৱা হয় । ইয়াৰ গভীৰতা প্ৰায় ২০০ মিটাৰ পৰ্যন্ত হয় ।
(খ) মহীঢাল :- মহীসোপানৰ পিছত আৰম্ভ হোৱা মহাসাগৰৰ বুকুৰ যথেষ্ট গভীৰ অংশক মহীঢাল বুলি কোৱা হয় । এই অঞ্চলটো সাধাৰণতে মহাসাগৰৰ মাজভাগৰ দিশলৈ এঢলীয়া হৈ পৰে । ইয়াৰ গভীৰতা প্ৰায় ২০০০ মিটাৰ পৰ্যন্ত হয় ।
(গ) গভীৰ সমুদ্ৰ তলীয় দ্ৰোণী :- মহীঢালৰ পিছত মহাসাগৰৰ মাজভাগত অৱস্থিত ভূ - অৱয়ৱকে গভীৰ সমুদ্ৰতলীয় দ্ৰোণী বুলি কোৱা হয় । ইয়াৰ গভীৰতা ৪০০০ মিটাৰ পৰ্যন্ত হয় ।
(ঘ) গভীৰ সামুদ্ৰিক খাত :- মহাসাগৰৰ মাজভাগত প্ৰায় ৮০০০ মিটাৰ পৰ্যন্ত গভীৰতা থকা গভীৰ খাত থকা দেখা যায় । সকলোবোৰ সামুদ্ৰিক খাতৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ বুকুত থকা ১১.০২২ মিটাৰ গভীৰ মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই হ'ল বিশ্বৰ সবাতোকৈ গভীৰতম খাত ।
এইবাৰৰ উপৰি সমুদ্ৰপৃষ্ঠৰ পৰা বহু ওপৰলৈ সামুদ্ৰিক শৈলসিৰা কিছুমান অ'ত ত'ত সিঁচৰিত হৈ ওলাই থকা দেখা যায়, ইয়াৰে ভিতৰত কিছুমানে সাগৰপৃষ্ঠৰ ওপ্ৰত দ্বীপ হিচাপে আবিৰ্ভাৱ হয় ।
৪/ মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰ :- পৃথিৱীপৃষ্ঠৰ স্থলভাগেৰে গঠিত অংশটোক স্থলমণ্ডল বুলি কোৱাৰ বিপৰীতে জলভাগেৰে গঠিত অংশটোক জলমণ্ডল বুলি কোৱা হয় । ভৌগোলিকভাৱে স্থলমণ্ডলক চাৰিটা বৃহৎ অংশ বা গোটত বিভক্ত কৰা হৈছে ----
(ক) প্ৰথম অংশ :- এই অংশটো এছিয়া, আফ্ৰিকা আৰু ইউৰোপ মহাদেশেৰে গঠিত ।
(খ) দ্বিতীয় অংশ :- এই অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰে গঠিত ।
(গ) তৃতীয় অংশ :- অষ্ট্ৰেলিয়া আৰু সমীপৱৰ্তী দ্বীপসমূহ লগালগি গঠিত হৈছে ।
(ঘ) চতুৰ্থ অংশ :- কোনোমতে দুই-এক স্থায়ী জনবসতি থকা এন্টাৰ্কটিকা মহাদেশেৰে গঠিত ।
আনহাতে পৃথিৱীৰ জলমণ্ডলক পৰস্পৰৰ সৈতে সংযোগ থকা পাঁচখন মহাসাগৰত ভাগ কৰা হৈছে :-
(ক) প্ৰশান্ত মহাসাগৰ :- ই হৈছে বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ । এই মহাসাগৰখন পশ্চিমে এছিয়া পূৱে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত ।
(খ) আটলাণ্টিক মহাসাগৰ :- ই হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ মহাসাগৰ । এই মহাসাগৰখন পশ্চিমে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা, তথা পূৱে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত ।
(গ) ভাৰত মহাসাগৰ :- এই মহাসাগৰখন এছিয়া মহাদেশৰ দক্ষিণে, আফ্ৰিকা মহাদেশৰ পূবে আৰু ওচেনিয়া মহাদেশৰ পশ্চিমে অবস্থিত ।
(ঘ) দক্ষিণ মহাসাগৰ :- এই মহাসাগৰখন দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণ দিশে অৱস্থিত ।
(ঙ) উত্তৰ মহাসাগৰ :- এই মহাসাগৰখন উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত । জলমণ্ডলৰ প্ৰায় ৫৭ শতাংশই দক্ষিণ গোলাৰ্ধ উভয়তে আৱদ্ধ হোৱাৰ বিপৰীতে স্থলমণ্ডলৰ প্ৰায় ৬৭ শতাংশ উত্তৰ গোলাৰ্ধত অৱস্থিত ।
পাঁচখন মহাসাগৰৰ ভিতৰত প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ নামৰ মহাসাগৰ তিনিখন স্থানিকভাৱে উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ উভয়তে বিস্তৃত হৈ থকাৰ বিপৰীতে দক্ষিণ মহাসাগৰ কেৱল দক্ষিণ গোলাৰ্ধত আৰু উত্তৰ মহাসাগৰ কেৱল উত্তৰ গোলাৰ্ধত অৱস্থিত ।
৫/ পৃথিৱীৰ স্থলমণ্ডলৰ উপৰিভাগত থকা ভূ-অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ :- ভূপৃষ্ঠৰ প্ৰায় ২৯ শতাংশ স্থলমণ্ডলেৰে গঠিত । স্থলমণ্ডলৰ ভূপ্ৰকৃতি অসমান ধৰণৰ আৰু ই পাহাৰ-পৰ্বত, মালভূমি, সমভূমি, উপকূলীয় অঞ্চল, নদী উপত্যকা আদিৰে গঠিত । পৃথিৱীৰ স্থলভাগৰ ভূ-অৱয়ৱ স্থানভেদে ভিন্ন হোৱা বাবে মহাদেশসমূহৰ সকলোতে ভূপ্ৰকৃতি একেধৰণৰ ভিন্ন হোৱা বাবে মহাদেশসমূহৰ সকলোতে ভূপ্ৰকৃতি একেধৰণৰ নহয় ।
এক নিৰ্দিষ্ট স্থানৰ অৱয়বৰ বৈশিষ্ট্য সাপেক্ষে ভূপ্ৰকৃতিৰ তাৰতম্য ঘটে ।উচ্চতা, নদ নদীৰ উপস্থিতি, জলবায়ু তথা উদ্ভিদ আদিয়ে এখন ঠাইৰ ভূপ্ৰকৃতিৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলায় । প্ৰায়বোৰ মহাদেশতে কেইবাটাও সুউচ্চ পৰ্বতমালা বিস্তৃত হৈ আছে ।
উদাহৰণস্বৰুপে এছিয়া মহাদেশত অৱস্থিত হিমালয় পৰ্বতমালাৰ ৮,৮৪৮ মিটাৰ ওখ এভাৰেষ্ট শৃংগ হৈছে বিশ্বৰ সবাতোকৈ ওখ শৃংগ । আনহাতে এছিয়া মহাদেশতে বিশ্বৰ উচ্চতম মালভূমি পামিৰ মালভূমিৰ লগতে বহুতো সুউচ্চ মালভূমি থকা পৰিলক্ষিত হয় ।
তদুপৰি নদী উপত্যকাৰো ভূপৃষ্ঠৰ এক অতি গুৰুত্বপূৰ্ণ ভূ-অৱয়ৱ । সমগ্ৰ মহাদেশবোৰৰ মাজেৰে বৃহৎ সমভূমিসমূহ বিস্তৃত হৈ থকাৰ বিপৰীত সীমান্ত অঞ্চলত উপকূলীয় সমভূমিসমূহৰ পৰিস্থিতিয়ে মহাদেশসমূহৰ ভূ-অৱয়ৱ অসমান কৰি ৰাখিছে ।
৬/ এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা ।
উত্তৰ :- এফালে সুউচ্চ পৰ্বত মালা আৰু মালভূমিৰ অৱস্থিত আৰু আনফালে নদী উপত্যকা, নিম্নভূমি আৰু সমভূমিৰ উপস্থিতিৰে এছিয়া মহাদেশৰ ভূপ্ৰকৃতি যথেষ্ট তাৰতম্যতা পূৰ্ণ । বহুতো দ্বিপ আৰু ৰুভূমিও ইয়াত বিৰাজমান ।
(ক) পৰ্বতমালা :- এছিয়া মহাদেশৰ মধ্যাংশটো কেইবাটাও গুৰুত্বপূৰ্ণ পৰ্বতমালাৰে গঠিত ---
১/ এছিয়া মহাদেশৰ উত্তৰৰ পৰা দক্ষিণলৈ থকা ইউৰাল পৰ্বতমালাই মহাদেশখনৰ পশ্চিম সীমাটো গঠন কৰিছে ।
২/ মহাদেশখনৰ পূবৰ পৰা পশ্চিমলৈ বিভিন্ন শাখা --- পৰ্বতমালাৰে হিমালয় পৰ্বতমালা বিস্তৃত হৈ আছে । বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট ইয়াতেই অৱস্থিত ।
৩/ পৃথিৱীৰ দ্বিতীয় বৃহৎ শৃংগ গডউইন অষ্টিন বা'কে - টু,ও এছিয়া মহাদেশৰ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত । অন্যান্য পৰ্বতমালা হৈছে কুনলুন পৰ্বতমালা, আলটাইন পৰ্বতমালা, টিয়েনচান পৰ্বতমালা, আলটাই আৰু আৰাৱলী পৰ্বতমালা ।
(খ) মালভূমি :- বিশ্বৰ উচ্চতম মালভূমি পামিৰ মালভূমিও এছিয়া মহাদেশতে অৱস্থিত । এছিয়া মহাদেশত অৱস্থিত । অন্যান্য গুৰুত্বপূৰ্ণ মালভূমিকেইটা হৈছে তিব্বত মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি, দাক্ষিণাত্য মালভূমি, আৰব মালভূমি আৰু ইৰাণ মালভূমি আদি ।
(গ) নদ-নদীসমূহ :- এছিয়া মহাদেশত বিভিন্ন পৰ্বতীয়া উচ্চভূমি অঞ্চলৰ পৰা কেইবাটাও বৃহৎ নদীৰ উৎপত্তি হৈ সাগৰ উচ্চভূমি অঞ্চলৰ পৰা কেইবাটাও বৃহৎ নদীৰ উৎপত্তি হৈ সাগৰ মহাসাগৰলৈ বৈ গৈছে আৰু এনেদৰে বৈ যাওঁতে উত্তৰ, পূব আৰু দক্ষিণ দিশত বৃহৎ সাৰুৱা সমভূমি আৰু বদ্বীপ গঠন কৰিছে । মহাদেশখনৰ দক্ষিণ-মধ্য অংশত সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ আদি প্ৰধান নদী বৈ থকাৰ বিপৰীতে উত্তৰ অংশত ওব, মেনিছি আৰু লেন নদী বৈ গৈছে ।
আনহাতে পূৰ্ব অংশত আমুৰ, হোৱাংহো, ইয়াংজে, চিকিয়াং আদি প্ৰধান নৈ বৈ গৈছে আৰু দক্ষিণ তথা দক্ষিণ-পূৰ্ব অংশত নৰ্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে,নাম, ইৰাৱতী মেকং আদি নৈ বৈ গৈছে ।
(ঘ) সমভূমি :- সকলোবোৰ প্ৰধান নদীয়েই বৃহৎ সাৰুৱা সমভূমি আৰু ব-দ্বীপ গঠন কৰিছে ।
(ঙ) হ্ৰদ :- এছিয়া মহাদেশত সৰু বৰ বহুতো হ্ৰদ আছে । ইয়াৰে ভিতৰত গুৰুত্বপূৰ্ণ হ্ৰদসমূহ হৈছে --- বলখাচ, বৈকাল, চিল্কা , চম্বৰ, ডাল, পুলিকট, কল্লেৰু, লোকটাক আদি ।
(চ) মৰুভূমি :- এছিয়া মহাদেশত থৰ আৰু আৰব মৰুভূমিৰ দৰে উষ্ণ মৰুভূমিৰ লগতে গোবি মৰুভূমিৰ দৰে শীতল মৰুভূমিও আছে ।
(ছ) দ্বীপ :- প্ৰশান্ত মহাসাগৰৰ প্ৰায়বোৰ দ্বীপেই এছিয়া মহাদেশৰ অন্তৰ্গত এই দ্বীপসমূহ হৈছে জাপান, টাইৱান, ফিলিপাইন, জাভা, সুমাত্ৰা আৰু বৰ্ণক্সা আদি । আন্দোলন - নিকোবৰ, শ্ৰীলংকা, লাক্ষাদ্বীপ, মালদ্বীপ, বাহৰেইন আদিৰ দৰে ভাৰত মহাসাগৰৰ দ্বীপসমূহে এছিয়া মহাদেশৰে অন্তৰ্গত ।
৭/ কাৰণ দৰ্শাই উত্তৰ লিখা :
(ক) পৃথিৱীৰ মুঠ জনসংখ্যা প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত গৃপ খাই আছে কিয় ?
উত্তৰ :- দেখা যায় যে পৃথিৱীৰ জলমণ্ডলৰ প্ৰায় ৫৭ শতাংশ জলভাগ দক্ষিণ গোলাৰ্ধত আবদ্ধ থকাৰ বিপৰীতে মুঠ স্থলমণ্ডলৰ প্ৰায় ৬৭ শতাংশ উত্তৰ গোলাৰ্ধত অৱস্থিত । অৰ্থাৎ দেখা যায় যে দক্ষিণ গোলাৰ্ধৰ তুলনাত উত্তৰ গোলাৰ্ধত ভূমি বা ভূখণ্ডৰ উপস্থিতি যথেষ্ট পৰিমাণে বেছি ।
সেয়েহে, এই অঞ্চলটোৰ জনসংখ্যা দক্ষিণ গোলাৰ্ধতকৈ বেছি য'ত কেৱেল ৩৩ শতাংশহে স্থলভাভ আছে । জনবসতিহীন এন্টাৰ্কটিকা মহাদেশৰ বৃহৎ অংশও ইয়াৰ অন্তভূৰ্ক্ত । দ্বিতীয়তে, উত্তৰ গোলাৰ্ধ ইয়াৰ উত্তম জলবায়ুৰ লগতে জীৱন ধাৰণ তথা মানৱ কাৰ্যকলাপৰ হকে প্ৰয়োজন হোৱা অনুকূল ভৌগলিক অস্থাৰ বাবে পৰিচিত ।
ইয়াৰ বিশাল সমভূমি অঞ্চল, অসংখ্য নদ-নদী, চহকী প্ৰাকৃতিক সম্পদ আদিয়ে ইয়াৰ জনসংখ্যা গাঁথনি বৃদ্ধি কৰিছে । সেয়েহে , পৃথিৱীৰ মুঠ জনসংখ্যা প্ৰায় ৯০ শতাংশতকৈ অধিক লোক উত্তৰ গোলাৰ্ধত থুপ খাই আছে ।
(খ) এছিয়া মহাদেশৰ জলবায়ু বৈচিত্ৰ্যময় কিয় ?
উত্তৰ :- এছিয়া মহাদেশৰ এটা অন্যতম অদ্বিতীয় বৈশিষ্ট্য হ'ল ইয়াৰ তাৰতম্যপূৰ্ণ জলবায়ু । এছিয়া মহাদেশৰ প্ৰায়খিনি ভূখণ্ড উত্তৰ গোলাৰ্ধত অৱস্থিত । এই ভূখণ্ডই বিষুৱ ৰেখা , কৰ্কট ক্ৰান্তীয় অঞ্চল তথা মেৰু অঞ্চল স্পৰ্শ কৰি আছে যাৰ ফলস্বৰূপে মহাদেশখনত ভিন্ন জলবায়ু বিৰাজ কৰে ।
তদুপৰি, মহাদেশখন তিনিফালৰ পৰা জলভাগেৰে আগুৰি আছে, যিয়ে এছিয়া মহাদেশৰ জলবায়ুৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে ।
ইয়াৰোপৰি মহাদেশখনত পৰ্বত-পাহাৰ, অসংখ্য নদ-নদী, ঘন অৰণ্য, বিশাল সমভূমি, মালভূমি , মৰুভূমি, উপকূলীয় অঞ্চল আদিৰ দৰে বিভিন্ন প্ৰকাৰৰ ভূ-অৱয়ৱ আছে যিবোৰে মহাদেশখনৰ অঞ্চলভেদে জলবায়ু বিভিন্ন ধৰণৰ হোৱাত অৰিহণা যোগাইছে । এইবোৰ কাৰণতে এছিয়া মহাদেশৰ জলবায়ু বৈচিত্ৰ্যময় ।
(গ) এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় ?
উত্তৰ :- এন্টাৰ্কটিকা মহাদেশত স্থায়ী জনবসতিৰ সংখ্যা তেনেই নগণ্য । এনে হোৱাৰ কাৰণ হ'ল তাত থকা অতি শীতল জলবায়ুৰ উপস্থিতি । বছৰটোৰ প্ৰায় সময়তে সমগ্ৰ অঞ্চলটো বৰফাবৃত হৈ থাকে । যিটোৱে তাত জীৱন ধাৰণ প্ৰণালীটো অতি কষ্টকৰ কৰি তোলে ।
দ্বিতীয়তে, এনেধৰণৰ বতৰ বা জলবায়ুৰ উপস্থিতিত মানৱ জীৱন-জাপনৰ প্ৰয়োজনীয় ক্ৰিয়াকলাপ, যেনে --- কৃষিকাৰ্য, উদ্যোগ, ব্যৱসায় - বাণিজ্য আদি সম্ভৱ নহয় । সেয়েহে এন্টাৰ্কটিকা অঞ্চলত মানুহৰ স্থায়ী বসতি নাই ।
৮/ তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া :
(ক) এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে ?
উত্তৰ :- ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত প্ৰাকৃতিক সিমাৰ সৃষ্টি কৰিছে ।
(খ) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অবস্থিত ?
উত্তৰ :- পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম হ'ল 'এণ্ডিজ পৰ্বতমালা । এই পৰ্বতমালা দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিমাংশত অৱস্থিত ।
(গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা ।
উত্তৰ :- মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশ দুখন হ'ল ক্ৰমে এছিয়া আৰু ওছেনিয়া মহাদেশ ।
(ঘ) পৃথিৱীৰ কোনখন দেশৰ কোন দুখন মহাদেশলৈ বিস্তৃত ?
উত্তৰ :- পৃথিৱীৰ দুখন মহাদেশত বিস্তৃত হৈ থকা দেশখন হৈছে ৰাছিয়া । ই এছিয়া আৰু ইউৰোপ দুয়োখন মহাদেশতে বিস্তৃত হৈ আছে ।
(ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা ।
উত্তৰ :- মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশ দুখন হ'ল ক্ৰমে ৰাছিয়া আৰু ভেটিকান চিটি ।
(চ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি ? এই পৰ্বতমালাৰ দৈৰ্ঘ্য কিমান আৰু ই মহাদেশৰ কোন অংশত অৱস্থিত ?
উত্তৰ :- উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম হ'ল ৰকি পৰ্বতমালা । ই মহাদেশখনৰ পশ্চিম অংশত অৱস্থিত ।
(ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমিৰ কোনখন আৰু ই ক'ত অৱস্থিত ?
উত্তৰ :- পৃথিৱীৰ বৃহত্তম মৰুভূমিখন হৈছে চাহাৰা মৰুভূমি । ই আফ্ৰিকা মহাদেশৰ দক্ষিণ অংশত অৱস্থিত ।
(জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশৰ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা ।
উত্তৰ :- এছিয়া মহাদেশত উত্তৰ দিশলৈ প্ৰবাহিত হোৱা দুখন নদী হৈছে 'ওব' আৰু 'লোনা' । আনহাতে পূৰ্ব দিশলৈ প্ৰবাহিত দুখন নদী হৈছে 'ইয়াংজে' আৰু 'কিয়াং নদী' ।
(ঝ) অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বত শ্ৰেনী, নদী আৰু মৰুভূমিৰ নাম লিখা ।
উত্তৰ :- অষ্ট্ৰেলিয়াৰ প্ৰধান পৰ্বতশ্ৰেণী : গেট ডিভাইডিং ৰেঞ্জ; প্ৰধান নদী : ডাৰ্লিং নদী ; আৰু ইয়াৰ প্ৰধান মৰুভূমি : গেট ভিক্টোৰিয়া মৰুভূমি ।
(ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা ।
উত্তৰ :- ইউৰোপমহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশ হৈছে 'ইটালি, ফ্ৰান্স, আৰু গ্ৰীচ ।
৯/ চমুটোকা লিখা :
(ক) পেঞ্জিয়া (খ) উত্তৰ মহাসাগৰ (গ) ওছেনিয়া মহাদেশ (ঘ) এছিয়া মহাদেশৰ নদ-নদী (ঙ) আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ (চ) ইউৰোপ মহাদেশৰ নদ-নদী (ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল (জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ ।
উত্তৰ :- (ক) পেঞ্জিয়া :- পৃথিৱীৰ উৎপ্তিক লৈ কেইবাটাও সূত্ৰ বা তত্ব আছে । এই ক্ষেত্ৰত সূত্ৰসমূহৰ ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ সূত্ৰ হৈছে , মহাদেশীয় বিস্থাপন সূত্ৰ । এই সূত্রটোৰ সমৰ্থকসকলে ভাবে যে আজিৰ পৰা ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীৰ স্থলমণ্ডল কেৱল এটা একক ভূখণ্ড আছিল আৰু ইয়াক চাৰিওফালৰ পৰা বিশাল জলভাগে আগুৰি আছিল ।
এই একক ভূখণ্ডটোক পেঞ্জিয়া বোলি জনা গৈছিল আৰু চৌপাশৰ জলভাগক পান্থালাছা বোলা হৈছিল । পৰৱৰ্তী সময়ত পেঞ্জিয়াৰ উত্তৰ মা-দক্ষিণাকৈ বিভাজন ঘটে উত্তৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বোলা হয় । এই দুই অংশৰ পুনৰ বিভাজন ঘটি বৰ্তমান মহাদেশসমূহৰ সৃষ্টি হৈছিল ।
(খ) উত্তৰ মহাসাগৰ :- বিশ্বৰ পাঁচোখন মহাসাগৰৰ ভিতৰত উত্তৰ মহাসাগৰ হৈছে সবাতোকৈ সৰু মহাসাগৰ । ই প্ৰায় ১৪ নিযুত বৰ্গ কি:মি: আগুৰি আছে । ই উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত হৈ থকা বাবে ইয়াৰ আকাৰ ঘূৰণীয়া ।
তদুপৰি ইয়াক এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশকেইখনে আগুৰি আছে । ইয়াৰ গড় গভীৰতা হ'ল প্ৰায় ৩.৫০০ মিটাৰ । উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত হোৱাৰ বাবে বছৰটোৰ বেছিভাগ সময় ই ডাঠ বৰফেৰে ঢাক খাই থাকে ।
(গ) ওছেনিয়া মহাদেশ :- ওছেনিয়া মহাদেশখন অষ্টেলীয়া মহাদ্বীপ ধৰি নিউজিলেণ্ড, টাছমেনিয়া, নিউগিনি আদিৰ দৰে অন্য কেইবাটাও সৰু বৰ দ্বীপৰে গঠিত । ই সম্পূৰ্ণভাৱে দক্ষিণ গোলাৰ্ধত অৱস্থিত । মোটামুটিভাৱে ই উত্তৰে ০ ডিগ্ৰী নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮⁰ দক্ষিণ অক্ষাংশলৈ আৰু ১৮০⁰ দ্ৰাঘিমাংশৰ পৰা পশ্চিমে ১১৩⁰ পূৰ্ব দ্ৰাঘিমাংশলৈ বিস্তৃত ।
ওছেনিয়া মহাদেশ উত্তৰে দক্ষিণ-পূৰ্ব এছিয়াৰ ভাজ, চুমাত্রা, চেলেবিছ আদি দ্বীপসমূহ লগতে প্ৰশান্ত মহাসাগৰে আগুৰি থকাৰ বিপৰীতে দক্ষিণে দক্ষিণ মহাসাগৰ আৰু পূবে প্ৰশান্ত মহাসাগৰে আগুৰি আছে ।
আনহাতে, পশ্চিম দিশত আছে ভাৰত মহাসাগৰ । মহাদেশখনৰ মুঠ মাটিকালি হৈছে ৮ নিযুত বৰ্গ কি:মি: যি বিশ্বৰ মুঠ মাটিকালিৰ প্ৰায় ৫.৪ শতাংশ । অষ্টেলীয়াকে ধৰি ওছেনিয়া মহাদেশৰ অন্তৰ্গত মুঠ দেশৰ সংখ্যা হৈছে ১৪ খন । ইয়াৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ৩৮ নিযুত । অষ্টেলীয়া হৈছে ওছেনিয়া মহাদেশৰ সৰ্ববৃহৎ দেশ ।
(ঘ) এছিয়া মহাদেশৰ নদ নদী :- এছিয়া মহাদেশত পৰ্বত পাহাৰ তথা মালভূমিৰ উচ্চভূমি অঞ্চলৰ পৰা বহুতো বৃহৎ বৃহৎ নদীৰ উৎপত্তি হৈ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ-মহাসাগৰসমূহলৈ বৈ গৈ কেইখনো বিশাল উৰ্বৰ সমভূমিৰ লগতে ব-দ্বীপৰ সৃষ্টি কৰিছে ।
এই বোৰৰ প্ৰধান নদীসমূহ হৈছে মহাদেশখনৰ দক্ষিণ-মধ্যাংশত বৈ থকা সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ; উত্তৰ অংশত বৈ থকা য়েনিছি, ওব আৰু লেন; অঞ্চলত বৈ থকা আমুৰ, হোৱাংহো, ইয়াংজে কিয়াং, ছিকিয়াং আৰু দক্ষিণ তথা দক্ষিণ-পূৰ্ব অংশত বৈ থকা নৰ্মদা, তাপ্তী, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, ইৰাৱতী আৰু মেকং ।
এই নদীসমূহে নিজ নিজ অৱবাহিকাৰে প্ৰবাহিত হৈ মহাদেশখনৰ বিভিন্ন অঞ্চল অতিকৈ সাৰুৱা কৰি তুলি জনবসতিপূৰ্ণ কৰাৰ লগতে ব্যবসায় - বাণিজ্যৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাইছে ।
(ঙ) আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ :- আফ্ৰিকা মহাদেশত অসংখ্য হ্ৰদ আছে । এই হ্ৰদসমূহৰ ভিতৰত অতিকৈ গুৰুত্বপূৰ্ণ হ্ৰদসমূহ হ'ল ভিক্টোৰিয়া, এলবাৰ্ট, টাংগানিকা, চাড, ভোল্ট, ন্যাচা, কেব'ৰা বাচ্চা, মালাৱি, টুৰ্কানা, কিভূ, কোচ্চৌ, এব্বে আদি ।
(চ) ইউৰোপ মহাদেশৰ নদ-নদী :- ইউৰোপ মহাদেশত অসংখ্য সৰু বৰ নদ নদী আছে । এইবোৰৰ ভিতৰত প্ৰধান নদীসমূহ হৈছে ---- স্পেইনৰ এলব্ৰো নদী , ফ্ৰান্সৰ ৰোণ আৰু ছেইন নদী , জাৰ্মানীৰ ৰাইন আৰু এলবে নদী, পোলেণ্ডৰ ওডাব আৰু ভিষ্টুলা, অষ্টিয়া হাংগেৰী আৰু বোমানিয়াৰ ডানিয়ুব, বেলাৰুচ, আৰু ইউক্ৰেনৰ নিপাৰ, ইটালীৰ পা,গ্ৰেট ব্ৰিটেইনৰ থেমচ , ৰাছিয়া ডন , ভন্ন আৰু ইউৰাল আদি ।
(ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল :- আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলাণ্টিক মহাসাগৰৰ সমান্তৰালভাৱে অৱস্থিত উচ্চভূমি অঞ্চলক আপেলেছিয়ান উচ্চভূমি অঞ্চলবুলি জনা যায় । ই উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডালৈ বিস্তৃত হৈ আছে ।
এই উচ্চভূমি অঞ্চল অতিকৈ ওখৰা-মোখৰা যিহেতু ই বিভিন্ন পৰ্বত - পাহাৰ , ঠেক উপত্যকা তথা ভগ্ন মালভূমিৰে গঠিত । এই অঞ্চলৰ পূবে এলিঘেনি পৰ্বতশ্ৰেণী আৰু দক্ষিণে ব্লুৰিজ পৰ্বত শ্ৰেণী আছে । এই অঞ্চলটোৰ নদীসমূহ হৈছে ওহিঅ' , টেনেছি, হাডছন ইত্যাদি ।
(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ :- সমগ্ৰ বিশ্বৰ ভিতৰত উত্তৰ আমেৰিকা মহাদেশতে হ্ৰদৰ সংখ্যা সৰ্বাধিক । উত্তৰ আমেৰিকাৰ হ্ৰদসমূহ ভিতৰত সৰ্ববৃহৎ হ্ৰদটো হৈছে উটাহৰ গেট ছল্ট হ্ৰদ । উত্তৰ আমেৰিকাৰ অন্যান্য গুৰুত্বপূৰ্ণ হ্ৰদসমূহ হ'ল --- গ্ৰেট শ্লেভ, গ্ৰেট বিয়াৰ , ছুপিৰিঅ'ৰ, মিচিগান, ওন্টেৰিঅ ', এৰি আৰু হুৰ'ন।
১০/ পাৰ্থক্য লিখা :
(ক) মহীসোপান আৰু মহিঢাল ।
উত্তৰ :- মহীসোপান :- (i) উপকূলৰ চাৰিওকাষে সাগৰ মহাসাগৰৰ অগভীৰ অংশকে মহীসোপান বোলে ।
(ii) গভীৰতা প্ৰায় ২০০ মিটাৰ পৰ্যন্ত ।
মহীঢাল :- (i) মহীসোপান পিছৰ গভীৰ অংশক মহীঢাল বোলা হয় ।
(ii) গভীৰতা প্ৰায় ২০০ মিটাৰ পৰ্যন্ত ।
(খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ ।
উত্তৰ :- এভাৰেষ্ট :- (i) পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগ উচ্চতা ৮৮৪৮ মিটাৰ ।
(ii) হিমালয় পৰ্বতশ্ৰেণীৰ অন্তৰ্গত ।
গডউইন অষ্টিন :- (i)পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ উচ্চতা ৮৬১১ মিটাৰ ।
(ii) কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত ।
(গ) ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশ ।
উত্তৰ :- ওছেনিয়া মহাদেশ :- (i) ওচেনিয়া মহাদেশত মুঠ ১৪ খন দেশ আছে । (ii) ওছেনিয়া মহাদেশ মাটিকালি ৮.১ নিযুত বৰ্গ কি মি । (iii) মুঠ জনসংখ্যা ৩৮ নিযুত ।
এন্টাৰ্কটিকা মহাদেশ :- (i) এন্টাৰ্কটিকাত কোন দেশ নাই । (ii) এন্টাৰ্কটিকা মহাদেশৰ মাটিকালি ১৩.২ নিযুত বৰ্গ কি মি । ( এন্টাৰ্কটিকা মহাদেশৰ আকাৰ ওছেনিয়া মহাদেশত ডাঙৰ ) । (iii) এন্টাৰ্কটিকা মহাদেশত মানুহৰ বসতি নাই ।
(ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি ।
উত্তৰ :- গোবি মৰুভূমি :- (i) এছিয়া মহাদেশৰ মঙ্গোলয়াত অৱস্থিত । (ii) শীতল মৰুভূমি । (iii) স্নো লিপাৰ্ড, উট, শিয়াল নানা প্ৰকাৰৰ সাপ আদি জীৱ জন্তু পোৱা যায় ।
আটাকামা মৰুভূমি :- (i) দক্ষিণ আমেৰিকাত চিলি আৰু বলিভিয়াৰ মাজত অৱস্থিত । (ii) উষ্ণ মৰুভূমি । (iii) উষ্ণতা অত্যাধিক বাবে সাপ, মকৰা আদি কিছু জীৱৰ বাদে অন্য জীৱজন্তু পোৱা নাযায় ।
১১/ শুদ্ধ উত্তৰটো বাছিউলিউৱা:-
(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ?
(১) প্ৰশান্ত মহাসাগৰ । (২) ভাৰত মহাসাগৰ ।
(৩) আটলাণ্টিক মহাসাগৰ (৪) দক্ষিণ মহাসাগৰ ।
উত্তৰ :- (৩)
(খ) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন ?
(১) উত্তৰ আমেৰিকা মহাদেশ । (২) ইউৰোপ মহাদেশ ।
(৩) এন্টাৰ্কটিকা মহাদেশ । (৪) ওছেনিয়া মহাদেশ ।
উত্তৰ :- (৩) এন্টাৰ্কটিকা মহাদেশ ।
(গ) ফকলেণ্ড দ্বীপটো কোন মহাসাগত অৱস্থিত ?
(১) আটলাণ্টিক মহাসাগৰত । (২) উত্তৰ মহাসাগৰ ।
(৩) প্ৰশান্ত মহাসাগৰ (৪) ভাৰত মহাসাগৰ ।
উত্তৰ :- (১) আটলাণ্টিক মহাসাগৰ ।
(ঘ) এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ?
(১) ভূমধ্য সাগৰ । (২) লোহিত সাগৰ ।
(৩) কাম্পিয়ান সাগৰ । (৪) আৰব সাগৰ ।
উত্তৰ :- (২) লোহিত সাগৰ ।
(ঙ) এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে ?
(১) ইউৰাল পৰ্বতমালা (২) ককেচাচ পৰ্বত ।
(৩) কম্পিয়ান সাগৰ (৪) ভল্গা নদী ।
উত্তৰ :- ইউৰাল পৰ্বতমালাই ।
(চ) ইকুৱেড'ৰ কোনখন মহাদেশত অৱস্থিত ?
(১) উত্তৰ আমেৰিকা (২) দক্ষিণ আমেৰিকা ।
(৩) আফ্ৰিকা (৪) এছিয়া ।
উত্তৰ :- দক্ষিণ আমেৰিকা ।
(ছ) ব্ৰাজিল ৰাজধানীৰ কি ?
(১) ৰিও ডি জেনেইৰো (২) চাও নাওলো ।
(৩) ব্ৰাচিলিয়া (৪) লিমা ।
উত্তৰ :- ব্ৰাচিলিয়া ।
CLASS 1O COCIAL SCIENCE ANSWER
ইতিহাসৰ প্ৰশ্নোত্তৰ (প্ৰথম খণ্ড)
ভূগোল প্ৰশ্ন উত্তৰ (দ্বিতীয় খণ্ড)
৩/ পৃথিৱীৰ ভূগোল
CLASS 1O ASSAMESE ANSWER
CLASS 11 ASSAMESE ANSWER